সাৰাংশ
সাৰাংশ | |
---|---|
লেখক | হোমেন বৰগোহাঞি |
প্ৰচ্ছদ শিল্পী | মনজিৎ ৰাজখোৱা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | শিক্ষামূলক,নৈতিক,সামাজিক |
প্ৰকাৰ | প্ৰবন্ধ সংকলন |
প্ৰকাশক | ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ |
প্ৰকাশ | আগষ্ট,২০১১ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ২৭০ |
আই.এচ.বি.এন. | 987-81-7665-399-2 |
সাৰাংশ (ইংৰাজী: Harangso) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ২০১১ চনৰ আগষ্ট মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে জন্ম-সূত্ৰে বাঙালী আৰু কৰ্ম-সূত্ৰে অসমৰ বাহিৰত অসমীয়া সাহিত্যৰ প্ৰচাৰত ব্ৰতী বাসুদেৱ দাসৰ কৰকমলত আগবঢ়াইছে।[1]
বিৱৰণ
[সম্পাদনা কৰক]কিতাপখনত ১২ টা প্ৰবন্ধ আছে। সেইকেইটা হৈছে,'জীৱ্ন', 'স্মৰণীয় মানুহ','জীৱনৰ পঢ়াশালী', 'স্মৃতি', 'ঈশ্বৰ', 'বাৰ্ধক্য', 'মৃত্যু', 'কিতাপ', 'সুখ-দুখ','সাধনা',' ৰোগ আৰু যন্ত্ৰণা', আৰু 'জীৱন নামৰ কিতাপখনৰ শেষ পৃষ্ঠা'।[1]
লেখকৰ চমু পৰিচয়
[সম্পাদনা কৰক]অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।[3]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 হোমেন বৰগোহাঞি (নৱেম্বৰ,২০১৩). সাৰাংশ. শ্ৰী অজয় কুমাৰ দত্ত.
- ↑ Sahitya Akademi Official website.
- ↑ Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021.