সাৰ্বভৌম ভট্টাচাৰ্য
অৱয়ব
| সাৰ্বভৌম ভট্টাচাৰ্য | |
|---|---|
| জন্ম | শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক |
| পেচা | বৈষ্ণৱী কবি |
| ভাষা | অসমীয়া |
| উল্লেখনীয় কৰ্মৰাজি | সৰু স্বৰ্গখণ্ড, বৰ স্বৰ্গখণ্ড |
সাৰ্বভৌম ভট্টাচাৰ্য শংকৰদেৱৰ সমসাময়িক এজন কবি-সাহিত্যিক আছিল। 'সৰু স্বৰ্গখণ্ড' আৰু 'বৰ স্বৰ্গখণ্ড' নামে সাৰ্বভৌম ভট্টাচাৰ্য ভণিতাযুক্ত দুখনি পুথিত ঘাইকৈ শংকৰদেৱৰ মাহাত্ম্য প্ৰচাৰ কৰা হৈছে। ইয়াত শঙ্কৰদেৱৰ ঈশ্বৰত্ব প্ৰমাণ কৰিবৰ উদ্দেশ্যে পদ্ম-পুৰাণৰ স্বৰ্গখণ্ড, ব্ৰহ্মবৈবৰ্ত পুৰাণ, যোগিনী-তন্ত্ৰ, সাত্বত-তন্ত্ৰ, দীপিকাচন্দ্ৰ আদি অনেক প্ৰামাণ্য উদ্ধাৰ কৰিবৰ চেষ্টা কৰা পৰিলক্ষিত হয়।[1][2]
ৰচনাৱলী
[সম্পাদনা কৰক]সাৰ্বভৌম ভট্টাচাৰ্যৰ দুখন সৰু পুথি পোৱা যায়। সেই দুখন হ'ল-
- সৰু স্বৰ্গখণ্ড বা ক্ষুদ্ৰ স্বৰ্গখণ্ড
- বৰ স্বৰ্গখণ্ড বা বৃহৎ স্বৰ্গখণ্ড
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ড॰ সত্যেন্দ্ৰনাথ শৰ্মা, প্ৰকাশক - সৌমাৰ প্ৰকাশ। ২০১৮, গুৱাহাটী, পৃষ্ঠা ১৫৭
- ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা, লেখক - মহেশ্বৰ নেওগ, প্ৰকাশক - চন্দ্ৰ প্ৰকাশ। ২০১৯, গুৱাহাটী, পৃষ্ঠা ১৬৬