সমললৈ যাওক

সিংহল ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সিংহলৰ পৰা পুনঃনিৰ্দেশিত)
Sinhala
සිංහල
Siṁhala
উচ্চাৰণ সাঁচ:IPA-si
থলুৱা অঞ্চল Sri Lanka
জাতীয়তা Sinhalese people
ভাষা পৰিয়াল
পূৰ্বসূৰী
উপভাষা *Vedda (perhaps a Creole language)
লিখন প্ৰণালী
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 শ্ৰীলংকা
ভাষা সংকেত
ISO 639-1 si
ISO 639-2 sin
ISO 639-3 sin
গ্লোটোলগ sinh1246[1]
লিংগোৱাস্ফেয়াৰ 59-ABB-a

সিংহল (සිංහල) [উচ্চৰণ: সিংহলো] বা "সিংহলী ভাষা" শ্ৰীলঙ্কাৰ মূল ভাষা। শ্ৰীলঙ্কাৰ প্ৰায় ২ মিলিয়ন মানুহে সিংহল ভাষাত কথা কয়।[2] এই ভাষাটো সিংহল লিপিৰে লিখা হয়। খ্ৰীষ্টপূৰ্ৱ ৩য় শতিকাত সিংহল ভাষাত লিখা শিলালিপি পোৱা হৈছে। ১০ম শতিকাৰ পৰা আৰম্ভ কৰি ভাষাটোত সমৃদ্ধ বৌদ্ধ সাহিত্য ৰচিত হৈছে। ১৯৫৬ চনত শ্ৰীলঙ্কাত সিংহল ভাষাক একমাত্ৰ চৰকাৰী ভাষা হিচাবে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছিল। তেতিয়া তাৰ তামিল সংখ্যালঘু জনগোষ্ঠীয়ে আক্ৰমণাত্মক গণবিক্ষোভ চলাইছিল। তাৰ ফলশ্ৰুতিতে ১৯৫৮ চনত শ্ৰীলঙ্কাত সিংহল ভাষাৰ লগতে তামিল ভাষাকো বিশেষ চৰকাৰী মৰ্য্যাদা দিয়া হয়।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

সিংহল (Siṅhala) হৈছে এটা সংস্কৃত শব্দ; ইয়াৰ সমকক্ষ মধ্য ভাৰতীয় আৰ্য (এলু/Eḷu) শব্দটো হৈছে Sīhala। এই নামটো 'সিংহ' বুজোৱা সংস্কৃত শব্দ siṁhaৰ পৰা নিষ্পন্ন হৈছে।[3] এই নামটোৰ অৰ্থ কেতিয়াবা 'সিংহৰ বাসস্থান' বুলিও ব্যাখ্যা কৰা হয় আৰু ইয়াৰ অন্তৰালত দ্বীপটোত পূৰ্বতে প্ৰচুৰ পৰিমাণে থকা সিংহৰ অৱস্থিতিক কাৰক হিচাপে গণ্য কৰা হয়।[4]

সিংহল লিপি (Sinhala: සිංහල අක්‍ෂර මාලාව, romanized: Siṁhala Akṣara Mālāwa), হৈছে এটা লিখন প্ৰণালী যাক শ্ৰীলংকা আৰু অন্যান্য ঠাইত বসবাস কৰা সিংহল লোকসকল আৰু বেছিভাগ শ্ৰীলংকাৰ মানুহৰ দ্বাৰা সিংহল ভাষাৰ লগতে ধৰ্মীয় কৃত্যৰ ভাষা পালি আৰু সংস্কৃত লিখিবলৈ ব্যৱহাৰ কৰা হয়।[5] ব্ৰাহ্মী লিপিসমূহৰ অন্যতম সিংহল অক্ষৰ মালাভা, প্ৰাচীন ভাৰতব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হৈছে। ই গ্ৰন্থ লিপিৰ পৰা নিষ্কাষিত হোৱা বুলি ধাৰণা কৰা হয়।[6][7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Sinhala". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/sinh1246.
  2. "Census of Population and Housing 2001". Statistics.gov.lk. Archived from the original on 12 July 2022. https://web.archive.org/web/20220712053634/http://www.statistics.gov.lk/PopHouSat/PDF/Population/p9p11%20Speaking.pdf আহৰণ কৰা হৈছে: 16 November 2013.
  3. Caldwell, Robert (1875), A comparative grammar of the Dravidian or South-Indian Family of Languages, প্ৰকাশক London: Trübner & Co., p. 86
  4. (en ভাষাত) The Asiatic Journal and Monthly Register for British and Foreign India, China, and Australia. 20. Parbury, Allen, and Company. 1836. পৃষ্ঠা. 30. https://books.google.com/books?id=tCsYAAAAYAAJ&q=%22abode%20of%20lions%22.
  5. Daniels (1996), পৃষ্ঠা. 408.
  6. Masica, Colin P. (1993). The Indo-Aryan Languages. পৃষ্ঠা. 143.
  7. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "diringer" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  8. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ":0" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

Sinhala ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা