গুৰু আসন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সিংহাসন বা গুৰু আসনৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
সিংহাসন বা গুৰুআসন

সিংহাসন বা গুৰু আসন অসমীয়া সংস্কৃতিৰ হীৰক খণ্ড ৷ কীৰ্তনঘৰৰ পূৰ্বদিশৰ মণিকূটত পশ্চিমমুৱাকৈ থাকে সিংহাসন ৷ ইষ্টদেৱতাৰ সদায় স্থান সিংহাসনত ৷ গুৰুজনাৰ ভাষাত ‘‘হেন মন্দিৰে ৰত্নসিংহাসনে ৷ আসন্তে বহি প্ৰভূ নাৰায়ণে ৷৷’’ (ধ্যানবৰ্ণন) সিংহাসনৰ একেবাৰে তলত চাৰিকোণত থাকে পাখিলগা চাৰিটা সিংহ আৰু তাৰ তলত বশ্যতা স্বীকাৰ কৰি আঠু লৈ থকা চাৰিটা হাতীসিংহই আগঠেং দুখনেৰে হাতীৰ মূৰত আৰু পিছঠেং দুখনেৰে পৃষ্ঠদেহত ধৰি থাকে ৷ কোনো কোনো সিংহাসনৰ একেবাৰে তলত থাকে চাৰিটা কাছৰ প্ৰতিকৃতি ৷ সিংহাসনসিংহ-হস্তীৰ অৱস্হান সম্পৰ্কে সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱে লিখিছে- ‘‘শংকৰ-মাধৱ দুজনা গুৰুৱে পাৰমাৰ্থিক দৃষ্টিৰে নাম আৰু পাপৰ প্ৰতীক হিচাপে সিংহ আৰু হস্তীক ব্যৱহাৰ কৰিছে ৷’’ চতুষ্পোণী সিংহাসনত সাতোটা থাক থাকে ৷ থাকবোৰ অনুক্ৰমে তলৰ পৰা ওপৰলৈ সৰু হয় ৷ একেবাৰে ওপৰৰ থাকটোত কীৰ্তন-ভাগৱত, দশম-ঘোষা বা ৰত্নাৱলী যিকোনো এখন পুথি সংস্থাপন কৰা হয়৷ ওপৰৰ থাকটোৰ নাম হ’ল আমহী ঘৰ ৷ কোনো কোনো সত্ৰসংহতি অনুসৰি আমহী ঘৰত আৰাধ্য দেৱতাৰ মূৰ্ত্তিও সংস্থাপন কৰা দেখা যায় ৷ আমহী ঘৰটোৰে সৈতে সিংহাসনৰ থাকৰ সংখ্যা হয় আঠ ৷ সাতখলপীয়া সিংহাসনৰ চাৰিওকোণত চাৰিটাকৈ সিংহ থাকিলে সাতখলপত সিংহৰ সংখ্যা হয় আঠাইশটা ৷ সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখাত গ্ৰন্থকাৰৰ দৃষ্টিত ‘‘এয়া হ’ল অষ্টবিংশতি তত্ত্ব’’ৰ চাক্ষুস ৰূপ ৷ পঞ্চতন্মাত্ৰ (শব্দ, স্পৰ্শ, ৰূপ, ৰস আৰু গন্ধ), পঞ্চমহাভূত (ক্ষিতিশ, অপ্, তেজ, মৰুৎ আৰু ব্যৌম), পঞ্চকৰ্মেন্দ্ৰিয় (বাক্, পাণি, পাদ, পায়ু আৰু উপস্থ), পঞ্চজ্ঞানেন্দ্ৰিয় (চক্ষু, কৰ্ণ, জিহ্বা, ত্বক আৰু ঘ্ৰাণ), তিনিগুণ (সত্ত্ব, ৰজ আৰু তমঃ), প্ৰকৃতি, পুৰুষ, মহৎ, অহংকাৰ আৰু মন- এই অষ্টাবিংশতি তত্ত্ব সিংহাসনত বিৰাজমান ৷ সিংহাসনত থকা সাতটা থাক সপ্ত বৈকুণ্ঠৰ প্ৰতীক ৷ সপ্ত বৈকুণ্ঠৰ নিয়ন্ত্ৰক হিচাপে থাকে পৰম ব্ৰহ্মসিংহাসনৰ পশ্চিম দিশ মুকলি হৈ থাকে আৰু বাকী তিনিটা দিশ আবৃত হৈ থাকে ৷ সিংহাসনৰ ওপৰত চন্দ্ৰতাপ তৰা থাকে ৷ কোনো কোনো সিংহাসনখনিকৰসকলৰ কুশল হস্তৰ পৰিচয় দেখা পোৱা যায় ৷ হাতী, সিংহ আৰু কাছৰ উপৰিও কোনো কোনোৱে অলংকৰণৰ বাবে লতা আৰু ফুল আদিও কাটে আৰু হেঙুল-হাইতালেৰে বোলাই চালে চকুৰোৱা কৰি তোলে ৷ দুই এখন সিংহাসনত চিত্ৰ কৰ্মৰো সংযোজন উল্লেখযোগ্য ৷ বিষ্ণুদশাৱতাৰ, চতুৰ্বিংশতি অৱতাৰ প্ৰভৃতি আদিয়েই তাৰ বিষয়বস্তু৷[1]

মণিকূটৰ মধ্যভাগত কাঠেৰে নিৰ্মিত যি আসন বা থাপনা পতা হয় তাকে সাধাৰণ অৰ্থত গুৰু আসন বোলা হয়। বৰপেটা নামঘৰৰ প্ৰথম কোঠাটো এৰি দ্বিতীয় কোঠাৰ মূৰতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ,মহাপুৰুষ মাধৱদেৱ,আৰু বদুলা আতাৰ নামত তিনিখন আসন পতা আছে। গুৰু আসন তিনি প্ৰকাৰৰ। সিংহাসন,গৰুড়াসন,ম’ৰাসন। ৰাজহুৱা নামঘৰত সাধাৰণতে সিংহাসনহে প্ৰতিষ্ঠা কৰা হয়। সিংহাসন তিনি খলপাৰ পৰা সাত খলপা পৰ্যন্ত হ’ব পাৰে। সিংহাসনৰ খলপা কেইটাত দশৱতাৰ আৰু কৃষ্ণলীলা সমূহ হেঙুল হাইতালেৰে অঙ্কিত কৰা থাকে। সিংহাসনৰ খুড়াবোৰ বিচিত্ৰ ৰূপত খোদিত কৰা হয়। খুড়া চাৰিটাৰ একেবাৰে তলত কাছ,কাছৰ ওপৰত হাতী আৰু হাতীৰ ওপৰত সিংহ কটা থাকে। ওপৰৰ খলপা কেইটাত থকা খুটা কেইটাত হাতী আৰু সিংহ কটা থাকে। সিংহাসনৰ সাতোটা খলপা সপ্ত বৈকুণ্ঠ (ক্ৰমে শ্বেতবিলাস, শান্তনুবিলাস, পুষ্পবিলাস, পঙ্কজ বিলাস, কনক দন্ত, সনাতন আৰু গোলোক)ৰ লগত তুলনা কৰা হয়। আনহাতে খুটাত থকা কাছ ভক্তিৰ প্ৰতীক, হাতী পাপৰ আৰু সিংহ নামৰ প্ৰতীক। কাছই যেনেকৈ তাৰ অংগ খোলাটোৰ ভিতৰত সুমাই ৰাখিব পাৰে, ভক্তইও তেনেকৈ ৰিপু সমূহ অৱদমন কৰিব পাৰে। ভক্তৰ হৃদয়ত কেতিয়াও পাপে প্ৰৱেশ কৰিব নোৱাৰে। কেতিয়াবা পাপ লগ পালে ৰাম নাম প্ৰমত্ত সিংহই পাপ হস্তীক দমন কৰে। সিংহাসনৰ ওপৰৰ খলপাত থকা সৰু ঘৰটিৰ নাম আমহী ঘৰ। এই ঘৰৰ চাৰিওফালে চাৰিটা আৰু ওপৰত এটা কলচি থাকে। আমহী ঘৰৰ তিনিফালে চটে সৈতে কাপোৰেৰে বেৰা থাকে। এই আমহী ঘৰৰ ভিতৰতে আগতে উল্লেখ কৰা গুৰু দুজনা ৰচিত এখনি বিশেষ পুথি বা ভাগৱত প্ৰতিষ্ঠা কৰা হয়। ভাগৱতখন তলে ওপৰে বগা কাপোৰেৰে ঢকা থাকে। আমহী ঘৰটি পূৰ্ণকৃষ্ণ ভগৱন্তৰ স্হান। সিংহাসনত ভাগৱত প্ৰতিষ্ঠা কৰাৰ পিছত ই প্ৰাণৱন্ত হৈ পৰে আৰু তেতিয়াই সেই আসনে গুৰু আসন নাম পাই। থাপনা বা সিংহাসনত দিয়া কাপোৰ বোৰত গাঁৱৰ শিপিনী সকলে বিভিন্ন ৰঙৰ আঁচুৰে ডাঙৰ ডাঙৰ বিচিত্ৰ ফুল,গছ আদি বৈ দিয়ে আৰু মাজে মাজে ঘোষা,পদ আদিও সুন্দৰকৈ বৈ দিয়ে। এই বিচিত্ৰ কাপোৰ বোৰত আৰি দিয়া সোণ ৰূপৰ ফুলবোৰে আকাশত তৰা জিকমিকোৱাৰ দৰে জেউতি চৰায়। এই গুৰু আসনৰ ওপৰত সুন্দৰকৈ চন্দ্ৰতাপ অঁৰা হয় ; চন্দ্ৰতাপৰ চাৰিচুকে চাৰিটা আৰু মাজতে এটা চোঁৱৰ আঁৰি দিয়া হয়। গুৰু আসনৰ সমূখতে নিতৌ পুৱা আৰু সন্ধিয়া এগছি বন্তি জ্বলাই দবা কাঁহ বজোৱা আৰু সন্ধিয়া প্ৰসঙ্গ কৰাটো নামঘৰৰ এটা নিত্য-নৈমিত্তিক কাম। মূল চাকিগছ সকলো সময়তে জ্বলি থাকে। সেয়ে এই বন্তি গছিক ‘অক্ষয় বন্তি’ বুলি কোৱা হয়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস. অসমীয়া সংস্কৃতিৰ কণিকা. পৃষ্ঠা. ৩১৩. 
  2. ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস. অসমীয়া সংস্কৃতিৰ কণিকা. পৃষ্ঠা. ৩১৩.