সমললৈ যাওক

সিদল ভৰ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সিদল ভৰ্তা
উৎপত্তিৰ স্থান  বাংলাদেশ
অঞ্চল উত্তৰ বাংলাদেশ
পৰিবেশনৰ উষ্ণতা ভাতৰ সৈতে পৰিৱেশন কৰা হয়
মুখ্য উপাদান মাছ, মানকচু
আন উপাদান তেল, পিঁয়াজ, জলকীয়া, নহৰু, আদা, নিমখ

সিদল ভৰ্তা হ'ল বাংলাদেশৰ উত্তৰাঞ্চলৰ গাইবান্ধা, ৰংপুৰ, কুড়িগ্ৰাম, লালমনিৰহাট, নীলফামাৰী, দিনাজপুৰ, ঠাকুৰগাঁও আৰু পঞ্চগড় জিলাত প্ৰচলিত এটা জনপ্ৰিয় মুখৰোচক খাদ্য। ই ভাৰতকোচ-ৰাজবংশী জনগোষ্ঠীৰো প্ৰিয় খাদ্য।[1] সাধাৰণতে মোৱা, পুঠি, গৰৈ আদি সৰু মাছৰপৰা তৈয়াৰী শুটকিৰ সৈতে কচু (বিশেষকৈ মানকচু)ৰ ঠাৰি ব্যৱহাৰ কৰি সিদল প্ৰস্তুত কৰা হয়; তাৰ পাছত বিশেষ প্ৰক্ৰিয়াৰে ইয়াক ভৰ্তাৰ উপযোগী কৰা হয়।[1]

সিদল তৈয়াৰ কৰাৰ সময়

[সম্পাদনা কৰক]

বছৰৰ যিকোনো সময়তে সিদল তৈয়াৰ কৰিব পাৰি, কিন্তু ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত বতাহত আৰ্দ্ৰতা কম থাকি সিদল তৈয়াৰ কৰিবলৈ অধিক উপযোগী হয়।[1]

উপকৰণসমূহ

[সম্পাদনা কৰক]

সিদল তৈয়াৰ কৰাৰ পদ্ধতি

[সম্পাদনা কৰক]

প্ৰথমে মোৱা, পুঠি, গৰৈ আদি মাছ ভালদৰে ধুই তীব্ৰ ৰ’দত শুকুৱাই ল’ব লাগে। পাছত মাছৰ শুটকিসমূহ ঢেঁকী, উৰাল, শিল-পটা অথবা ব্লেণ্ডাৰত গুড়ি কৰি লোৱা হয়। তাৰ পাছত মানকচুৰ ঠাৰি চাফা কৰি ধুই কেঁচা অৱস্থাতেই পিহি গোলাকাৰ আকৃতিত লাড়ু বনোৱা হয়। ইয়াৰ লগত প্ৰয়োজন অনুসৰি খোৱা ছ'ডা মিহলাই হালধি আৰু সৰিয়হৰ তেল লগাই ভালদৰে মাখি ৰ’দত ৮–১০ দিন শুকুৱালে সিদল সম্পূৰ্ণ হয়।[1]

সংৰক্ষণ পদ্ধতি

[সম্পাদনা কৰক]

সিদল ঠাণ্ডা কৰি মুখবন্ধ পাত্ৰ বা পলিথিন বেগত ভৰাই ৰেফ্ৰিজাৰেটৰত সংৰক্ষণ কৰিব পাৰি। সময়ে সময়ে পুনৰ ৰ’দত শুকুৱালে সিদল ডেৰ-দুই বছৰলৈকে ব্যৱহাৰযোগ্য হৈ থাকে।[1]

সিদল ভৰ্তা প্ৰস্তুত কৰাৰ পদ্ধতি

[সম্পাদনা কৰক]

সিদল পুৰি অথবা তাৱাত খৰখৰীয়া কৰি ভাজি লোৱা হয়। তাৰ পাছত জলকীয়া, পিঁয়াজ, নহৰু, আদা, নিমখ আৰু সৰিয়হৰ তেল লগাই পিহি ভৰ্তা প্ৰস্তুত কৰা হয়। সাধাৰণতে গৰম ভাতৰ সৈতে এই ভৰ্তা পৰিৱেশন কৰা হয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "উত্তৰাঞ্চলেৰ সিদল" (bn ভাষাত). Bangladesh Fisheries Information SystemBdFISH Bangla. 2013. https://bn.bdfish.org/2013/03/উত্তৰাঞ্চলেৰ-সিদল/। আহৰণ কৰা হৈছে: 4 ফেব্ৰুৱাৰী 2026. 
  2. "ৰংপুৰেৰ সিঁদল দিয়ে মাছ ভুনা" (bn ভাষাত). Prothom AloProthom Alo. https://www.prothomalo.com/lifestyle/recipe/ৰংপুৰেৰ-সিঁদল-দিয়ে-মাছ-ভুনা। আহৰণ কৰা হৈছে: 4 ফেব্ৰুৱাৰী 2026.