সমললৈ যাওক

সিনীবালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সিনীবালী (সংস্কৃত: सिनीवाली; ৰোমানীকৃত: Sinīvālī) এগৰাকী বৈদিক দেৱী৷ ঋগবেদৰ দুটা শ্লোক, আৰ.ভি. ২.৩২ আৰু আৰ.ভি. ১০.১৮৪ত সিনীবালীৰ বিষয়ে উল্লেখ কৰা হৈছে।[1] ২.৩২.৭-৮ নং শ্লোকত সিনীবালী বহল নিতম্ব, লাহি হস্ত, লাহি আঙুলিৰ, প্ৰজনন ক্ষমতাসম্পন্ৱ আৰু সহজ জন্মৰ দেৱী বুলি বৰ্ণনা কৰা হৈছে। গংগা, ৰাকা, সৰস্বতী, ইন্দ্ৰাণী আৰু বৰুণানীৰ সৈতে একেলগে তেওঁক আমন্ত্ৰণ কৰা হয়। ১০.১৮৪.২ নং শ্লোকত ভ্ৰুণক গৰ্ভত সংস্থাপন কৰিবলৈ সৰস্বতীৰ সৈতে একেলগে তেওঁক আমন্ত্ৰণ কৰা হয়।[2] অথৰ্ববেদৰ ৭.৪৬ নং শ্লোকত তেওঁক বিষ্ণুৰ পত্নী বুলি বৰ্ণনা কৰা হৈছে সেয়েহে তেওঁক লক্ষ্মীৰ শক্তি হিচাপে বৰ্ণিত কৰা হৈছে। লক্ষ্মী দেৱীৰ সহস্ৰানামতো সিনীবালীক অন্যতম নাম হিচাপে উল্লেখ কৰা হৈছে।[3]

পিছৰ বৈদিক গ্ৰন্থসমূহত তেওঁক অমাৱস্যাৰ প্ৰতিনিধিত্ব কৰা ৰাকাৰ সৈতে স্থান দিয়া হৈছে।

মহাভাৰতত অংগিৰাৰ এগৰাকী কন্যাৰ লগতে ব্ৰহ্ম পুৰাণত ধত্ৰৰ পত্নী আৰু দৰ্শৰ মাতৃ হিচাপেও সিনীবালীৰ উল্লেখ কৰা হৈছে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Kinsley, David (1987, reprint 2005). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition, Delhi: Motilal Banarsidass, আই.এচ.বি.এন. 81-208-0394-9, p.15
  2. O'Flaherty, Wendy Doniger (2000). The Rig Veda: An Anthology. প্ৰকাশক New Delhi: Penguin Books. পৃষ্ঠা. 291. ISBN 0-14-044402-5. https://archive.org/details/rigvedapenguincl00anon/page/291. 
  3. 3.0 3.1 www.wisdomlib.org (2017-05-08). "Sinivali, Sinīvālī, Sini-vali, Sinivālī, Shinivali: 15 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/sinivali। আহৰণ কৰা হৈছে: 2024-09-07.