সমললৈ যাওক

সিমৰত কৌৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সিমৰত কৌৰ

২০২৩ চনত কৌৰ
জন্ম ১৬ জুলাই, ১৯৯৭ (২৮ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৭–বৰ্তমান
জনা যায় ডাৰ্টি হৰি (২০২০)
গদৰ ২ (২০২৩)
গদৰ ৩ (২০২৭)

সিমৰত কৌৰ ৰন্ধাৱা (ইংৰাজী: Simrat Kaur Randhawa; জন্ম: ১৬ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।[1] ২০১৭ চনত, তেওঁ প্ৰেমথো মী কাৰ্তিক নামৰ তেলুগু ভাষাৰ ছবি এখনত অভিনয়েৰে ছবিজগতত প্ৰৱেশ কৰে।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৯৭ চনৰ ১৬ জুলাই তাৰিখে, মুম্বাইত পঞ্জাবী শিখ পৰিয়ালত সিমৰতৰ জন্ম হৈছিল। তেওঁ কম্পিউটাৰ বিজ্ঞানত অনাৰ্ছসহ বি.এছচি পাছ কৰে।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০১৭ চনত, পৰিচালক ঋষিৰ তেলুগু ৰোমাণ্টিক নাট্য ছবি প্ৰেমথো মী কাৰ্তিকত অভিনেতা কাৰ্তিকেয়ৰ বিপৰীতে অভিনয়েৰে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰে।[4] ২০১৮ চনত, তেওঁ পৰিচয়ম আৰু ছোনী নামৰ ছবি দুখনত অভিনয় কৰিছিল।[4] পিছলৈ তেওঁডাৰ্টি হৰি নামৰ তেলুগু ভাষাৰ ৰোমাণ্টিক থ্ৰিলাৰধৰ্মী ছবি এখনত অভিনেতা শ্ৰৱণ ৰেড্ডীৰ বিপৰীতে নায়িকাৰ ভূমিকাত অভিনয় কৰে। এই ছবিখন আমেৰিকীয় ছবি মেচ পইণ্টৰ ভাৰতীয় অভিযোজন আছিল।[5]

তেওঁ সংগীত শিল্পী হিম্মত সন্ধুৰ বুৰ্জ খলিফা আৰু লাৰা লাপ্পা আদি পঞ্জাবী মিউজিক ভিডিঅ’তো অভিনয় কৰিছিল। ২০২২ চনত, তেওঁ জি জি সিঙৰ পঞ্জাবী ভিডিঅ’ গীত লোফাৰতো অভিনয় কৰে। [6] ২০২১ চনত, তেওঁ "তেৰে বিন জিন্দেগী" শীৰ্ষক কণ্ঠশিল্পী মিকা সিঙৰ ৰোমাণ্টিক গীত এটিত অভিনয় কৰিছিল।[7] ২০২২ চনত, নাগাৰ্জুন অভিনীত ছবি বাংগাৰৰাজুত এটি কেমিঅʼ চৰিত্ৰত অভিনয় কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ২০২৩ চনত ১১ আগষ্টত মুক্তি পোৱা হিন্দী ছবিগদৰ ২-ত অভিনেতা উৎকৰ্ষ শৰ্মাৰ পত্নী আৰু ছানী দেউলৰ বোৱাৰীৰ চৰিত্ৰত কৌৰে অভিনয় কৰে।[8]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
Films that have not yet been released এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজায়
বৰ্ষ চলচ্চিত্ৰ ভূমিকা ভাষা টোকা
২০১৭ প্ৰেমথো মী কাৰ্তিক অঞ্জলি তেলুগু [4]
২০১৮ পৰিচয়ম [4]
ছোনী নিশু হিন্দী [4]
২০২০ ডাৰ্টি হৰি জেচমিন তেলুগু [9]
২০২২ বাংগাৰৰাজু কেমিঅʼ ভূমিকা [10]
২০২৩ মায়া পেটিকা
গদৰ ২ মুস্কান হিন্দী [4]
২০২৪ বনবাস মীনা হিন্দী [11]
২০২৭ গদৰ ৩ মুস্কান সিং হিন্দী

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Chowdhary, Y. Sunita (5 February 2020). "Simrat Kaur keeps fingers crossed for her next outing, 'Dirty Hari'" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/simrat-kaur-keeps-fingers-crossed-for-her-next-outing-dirty-hari/article30740493.ece. 
  2. kavirayani, suresh (10 December 2020). "My mom told me to give my best shot". Deccan Chronicle. Archived from the original on 26 December 2020. https://web.archive.org/web/20201226195825/http://www.deccanchronicle.com/entertainment/tollywood/091220/my-mom-told-me-to-give-my-best-shot.html। আহৰণ কৰা হৈছে: 2 January 2021. 
  3. Chowdhary, Y. Sunita (5 February 2020). "Simrat Kaur keeps fingers crossed for her next outing, 'Dirty Hari'" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. Archived from the original on 6 February 2020. https://web.archive.org/web/20200206161025/https://www.thehindu.com/entertainment/movies/simrat-kaur-keeps-fingers-crossed-for-her-next-outing-dirty-hari/article30740493.ece. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 "Simrat Kaur: Movies, Photos, Videos, News, Biography & Birthday | eTimes". The Times of India. Archived from the original on 21 March 2023. https://web.archive.org/web/20230321150120/https://timesofindia.indiatimes.com/topic/Simrat-Kaur। আহৰণ কৰা হৈছে: 2 January 2021. 
  5. "Dirty Hari: Simrat Kaur turns into a hot & bold Jasmine for MS Raju's new-age film". The Times of India. Archived from the original on 27 November 2022. https://web.archive.org/web/20221127143818/https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/dirty-hari-simrat-kaur-turns-into-a-hot-bold-jasmine-for-ms-rajus-new-age-film/articleshow/73158189.cms। আহৰণ কৰা হৈছে: 2 January 2021. 
  6. The SportsGrail (22 February 2023). "Who is actress Simrat Kaur, her biography, age, family, movies list, net worth, Instagram" (en ভাষাত). The SportsGrail. Archived from the original on 16 May 2023. https://web.archive.org/web/20230516211905/https://thesportsgrail.com/who-is-actress-simrat-kaur-her-biography-age-family-movies-list-net-worth-instagram/। আহৰণ কৰা হৈছে: 16 May 2023. 
  7. Service, Tribune News. "Mika Singh releases Tere Bin Zindagi as Valentine special" (en ভাষাত). Tribuneindia News Service. Archived from the original on 11 October 2022. https://web.archive.org/web/20221011063112/https://www.tribuneindia.com/news/lifestyle/mika-singh-releases-tere-bin-zindagi-as-valentine-special-212282। আহৰণ কৰা হৈছে: 11 October 2022. 
  8. Rajput, Raghav (16 July 2023). ""Simrat Kour" - सिमरत कौर: Who Is Simrat Kour In 'Gadar 2'" (HI ভাষাত). mygeniusbrand.com. https://mygeniusbrand.com/2023/07/16/simrat-kour-gadar-2/। আহৰণ কৰা হৈছে: 16 July 2023. [সংযোগবিহীন উৎস]
  9. "Dirty Hari Movie Review: An erotic thriller that almost draws you in". The Times of India. Archived from the original on 24 April 2024. https://web.archive.org/web/20240424045753/https://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/dirty-hari/amp_movie_review/79803554.cms। আহৰণ কৰা হৈছে: 8 July 2023. 
  10. "Eight Heroines Adds To Bangarraju's Glamor Quotient" (en-US ভাষাত). mirchi9.com. 8 January 2022. Archived from the original on 27 November 2022. https://web.archive.org/web/20221127143818/https://www.mirchi9.com/movienews/eight-heroines-adds-to-bangarrajus-glamor-quotient/। আহৰণ কৰা হৈছে: 6 June 2022. 
  11. "‘Vanvaas’ movie review: Nana Patekar does the heavy lifting in this trite tearjerker" (en-IN ভাষাত). 2024-12-20. https://www.thehindu.com/entertainment/movies/vanvaas-movie-review-nana-patekar-does-the-heavy-lifting-in-this-trite-tearjerker/article69009696.ece. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]