সিলু (গীত)
সিলু (নেপাল ভাষা: 𑐳𑐶𑐮𑐸 আৰু দেৱনাগৰী:सिलु) কাঠমাণ্ডুৰ এহাল দম্পতীয়ে সিলুলৈ তীৰ্থযাত্ৰা কৰাৰ সময়ত বিচ্ছেদ ঘটা এটা ঘটনাৰ আলমত ৰচিত এটা পৰম্পৰাগত নেপালী গীত।
১৫ শতিকাৰ আৰম্ভণিৰ পৰা নেপাল ভাষাত বেলাড বা মালিতাৰ প্ৰচলন হৈছিল।[1][2]
কোনো অজ্ঞাত লেখকৰ দ্বাৰা ৰচিত সিলু গীত নেৱাৰ সমাজৰ এক জনপ্ৰিয় ঋতুভিত্তিক গীত। ছটা ঋতুভিত্তিক গীতৰ ভিতৰত ই অন্যতম আৰু বাৰিষা ঋতুত (আগষ্ট) এই গীত পৰিবেশন কৰা হয়।[3]
সিলু হৈছে নেৱাৰসকলে গোসাইকুণ্ড বুলি কোৱা, কাঠমাণ্ডুৰ উত্তৰত অৱস্থিত এটা পবিত্ৰ হ্ৰদ।[4][5] হিমালয়ৰ ৪,৩৮০ মিটাৰ উচ্চতাত অৱস্থিত এই হ্ৰদ হিন্দু দেৱতা ভগৱান শিৱৰ সৈতে জড়িত। বৌদ্ধসকলেও এই হ্ৰদটোক পবিত্ৰ বুলি গণ্য কৰে আৰু ইয়াক বোধিসত্ত্ব অৱলোকিতেশ্বৰৰ সৈতে জড়িত কৰে।[6]
সংক্ষিপ্ত কাহিনী
[সম্পাদনা কৰক]মহাকাব্যিক গীতটো স্বামী-স্ত্ৰীৰ সংলাপৰ ৰূপত উপস্থাপন কৰা হৈছে। যেতিয়া তেওঁ সিলুলৈ গৈ পৰম্পৰাগত স্নান কৰা উৎসৱত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰে, তেতিয়া পত্নীও তেওঁৰ লগত যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। পতি-পত্নী একেলগে যোৱাটো দুৰ্ভাগ্য বুলি কোৱা কথাষাৰৰ কথা সোঁৱৰাই দি পতিয়ে তেওঁক লগত নিবলৈ অস্বীকাৰ কৰে। কিন্তু অৱশেষত দুয়ো একেলগে যাত্ৰা কৰিবলৈ বাধ্য হয়।
সিলু পোৱাৰ লগে লগে ৰজাই মহিলাগৰাকীক দেখা পাই সৈন্য পঠিয়াই তেওঁক লৈ যায় আৰু বলপূৰ্বকভাৱে নিজৰ ৰাণী কৰি লয়। হতাশাগ্ৰস্ত স্বামী ঘৰ এৰি তপস্বী হৈ পৰে।
এদিন ৰাণীয়ে ৰজাক ৰাজপ্ৰসাদ চৌহদত থকা সকলো তপস্বীক একত্ৰিত কৰি দান-বৰঙণি দিবলৈ কয়। সকলো সাধুক সমবেত কৰোৱা হয়, আৰু তপস্বীসকলৰ মাজত স্বামীক দেখা পালে ৰাণীয়ে সন্ন্যাসীৰ বেশত স্বামীৰ লগত পলাই যায়। এইদৰে দম্পতীহালৰ পুনৰ মিলন ঘটে।[7]
তীৰ্থযাত্ৰা
[সম্পাদনা কৰক]সিলু ৱানেগু, পবিত্ৰ স্নানৰ অৰ্থে সিলু হ্ৰদলৈ কৰা তীৰ্থযাত্ৰা নেৱাৰ সমাজৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা। আগষ্ট মাহত এই যাত্ৰা কৰা হয়, পূৰ্ণিমাৰ দিনা এই উৎসৱ অনুষ্ঠিত কৰা হয়।
ঐতিহাসিক যুগৰ পৰাই এই তীৰ্থযাত্ৰা শিল্পৰ এক বিষয় হৈ আহিছে। এই মালিতাৰ আধাৰত ১৯৮৭ চনত সিলু নামৰ এখন চলচ্চিত্ৰও মুক্তি দিয়া হৈছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Lienhard, Siegfried (1992). Songs of Nepal: An Anthology of Nevar Folksongs and Hymns. New Delhi: Motilal Banarsidas. আই.এচ.বি.এন. 81-208-0963-7. Page 80.
- ↑ Crawford, S. Cromwell (1982). The evolution of Hindu ethical ideals. Asian Studies Program, University of Hawaii. আই.এচ.বি.এন. 9780824807825. Page 80.
- ↑ Grandin, Ingemar (1989) Music and Media in Local Life: Music Practice in a Newar Neighbourhood in Nepal. Linköping University. আই.এচ.বি.এন. 978-91-7870-480-4. Page 88.
- ↑ Mahapragya (2001). "In the Footsteps of a Lama". In Lall, Kesar. The Newar Merchants in Lhasa. Kathmandu: Ratna Pustak Bhandar. পৃষ্ঠা. 3. ISBN 99933-0-187-6.
- ↑ Waterhouse, David M. (2004). The Origins of Himalayan Studies: Brian Houghton Hodgson in Nepal and Darjeeling, 1820-1858. Routledge. আই.এচ.বি.এন. 9780415312158. Page 45.
- ↑ "Nepal Pilgrimage from Kathmandu Valley to Gosainkund". Marvels of the Malla Period: A Nepalese Renaissance 1200-1603. The Philadelphia Museum of Art. http://www.asianart.com/exhibitions/malla/23.html। আহৰণ কৰা হৈছে: 7 June 2012.
- ↑ Kasa, Prem Bahadur (ed.) (1973). Bakhan Mye. Kathmandu: Chwasa Pasa. Page 17.