সিৰীষা বাণ্ডলা
| সিৰীষা বাণ্ডলা | |
|---|---|
| জাতীয়তা | আমেৰিকান |
| পদমৰ্যাদা | সক্ৰিয় |
| জন্ম | গুনটুৰ, অন্ধ্ৰপ্ৰদেশ, ভাৰত[1] |
| বৰ্তমানৰ পেছা | ভাৰ্জিন গেলেক্টিকৰ চৰকাৰী পৰিক্ৰমা আৰু গৱেষণা অভিযানৰ উপ-সভাপতি |
| পূৰ্বৰ পেছা | বাণিজ্যিক মহাকাশচাৰী
|
| শিক্ষানুষ্ঠান | পাৰডিউ বিশ্ববিদ্যালয়, জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয় |
| মহাকাশত কটোৱা সময় | 14 min 17 seconds |
| নিৰ্বাচন | Virgin Galactic |
| অভিযান | Virgin Galactic Unity 22 |
| অভিযানৰ প্ৰতীক | |
সিৰীষা বাণ্ডলাইংৰাজী: :Sirisha Bandla (তেলেগু: బండ్ల శిరీష; প্ৰায় ১৯৮৮) এগৰাকী ভাৰতীয়-আমেৰিকান বিমান অভিযন্তা আৰু বাণিজ্যিক মহাকাশচাৰী।[2] ভাৰ্জিন গেলেক্টিকৰ চৰকাৰী পৰিক্ৰমা আৰু গৱেষণা অভিযানৰ উপ-সভানেত্ৰী।[3] তেওঁ ভাৰ্জিন গেলেক্টিক ইউনিটি ২২ অভিযানত উৰা মাৰিছিল যাৰ ফলত তেওঁ মহাকাশলৈ যোৱা ভাৰতত জন্মগ্ৰহণ কৰা দ্বিতীয়গৰাকী মহিলা আৰু ৰাকেশ শৰ্মা, কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছৰ পিছত মহাকাশ ৰেখা অতিক্ৰম কৰা ভাৰতীয় বংশৰ চতুৰ্থজন ব্যক্তি হিচাপে পৰিগণিত হৈছিল।[4][5][6]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]বান্দলাৰ জন্ম হৈছিল ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ জিলাৰ এটা তেলেগু হিন্দু পৰিয়ালত।[7][8] জন্মৰ পিছত বান্দলাৰ পৰিয়াল অন্ধ্ৰ প্ৰদেশৰ তেনালিলৈ গুচি যায়। পাঁচ বছৰ বয়সলৈকে বান্দলাই হায়দৰাবাদৰ নিজৰ ককাকৰ ঘৰ আৰু টেনালিৰ আইতাকৰ ঘৰৰ মাজত লৰালিৰ সময় পাৰ কৰিছিল।[9][10] পিছলৈ বাণ্ডলা পিতৃ-মাতৃৰ সৈতে আমেৰিকাৰ হিউষ্টনলৈ গুচি যায়।[9][11]
বাণ্ডলাই পাৰডিউ বিশ্ববিদ্যালয়ৰ পৰা বিমান অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[12]
কৰ্ম জীৱন
[সম্পাদনা কৰক]বাণ্ডলাই নাছাৰ মহাকাশচাৰী হোৱাৰ আশা কৰিছিল যদিও চকুৰ দৃষ্টিশক্তিৰ বাবে চিকিৎসাৰ আধাৰত তেওঁক বাদ দিয়া হৈছিল।[11] ইয়াৰ পূৰ্বে তেওঁ কমাৰ্চিয়েল স্পেচফ্লাইট ফেডাৰেচনত মেথিউ ইছাকোভিচৰ সৈতে মহাকাশ অভিযন্তা হিচাপে কাম কৰিছিল।[12] পিছলৈ তেওঁৰ সন্মানত তেওঁ মেথিউ ইছাকোভিচ ফেল'শ্বিপৰ সহ-প্ৰতিষ্ঠাপক হয়।[13]
২০১৫ চনত বাণ্ডলাই ভাৰ্জিন গেলেক্টিকত যোগদান কৰে, য'ত তেওঁ চৰকাৰী বিষয়ৰ উপ-সভানেত্ৰী হিচাপে কাম কৰে।[5] ২০২১ চনৰ ১১ জুলাই দেওবাৰে বাণ্ডলাই ভাৰ্জিন গেলেক্টিক ইউনিটি ২২ পৰীক্ষামূলক বিমানত ছাৰ ৰিচাৰ্ড ব্ৰেনছন, ডেভ মেকে, মাইকেল মাছুচি, বেথ মোজেছ, কলিন বেনেটৰ সৈতে উৰা মাৰে। ৰকেট বিমানখনে পৃথিৱীৰ পৰা ৮৫ কিলোমিটাৰ (৫৩ মাইল) উৰিছিল,[4] যাৰ ফলত ক্ৰুসকলক এফ এ এৰ বাণিজ্যিক মহাকাশচাৰী হিচাপে যোগ্যতা অৰ্জন কৰাৰ স্বীকৃতি দিয়া হৈছিল।[14] উৰণৰ সময়ত বাণ্ডলাই ফ্ল'ৰিডা বিশ্ববিদ্যালয়ৰ পৰা এটা পৰীক্ষা চলাইছিল যাতে মাধ্যাকৰ্ষণ শক্তিৰ পৰিৱৰ্তনৰ প্ৰতি উদ্ভিদে কেনে প্ৰতিক্ৰিয়া কৰে সেই বিষয়ে অনুসন্ধান কৰিব পাৰে।[15] তেওঁৰ উৰণৰ বিষয়ে বাণ্ডলাৰ দাদা ডাঃ বাণ্ডলা ৰাগাইয়াই কয় যে, “অতি কম বয়সৰ পৰাই তেওঁৰ আকাশ, চন্দ্ৰ আৰু তৰাবোৰ অন্বেষণ কৰাৰ এই উচ্চাকাংক্ষা আছিল। সিৰীষাই মহাকাশৰ ওপৰত চকু ৰাখিছিল আৰু মই একেবাৰেই আচৰিত নহয় যে তেওঁ নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সাজু হৈছে।"[9] মহাকাশ যাত্ৰাৰ সময়ত তেওঁ পৃথিৱীৰ পৃষ্ঠৰ পৰা ৮৯.৯ কিলোমিটাৰ উচ্চতাত উপনীত হয় বুলি ফেডাৰেল এভিয়েচন কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকাশ পায়।[16]
২০২২ চনৰ ডিচেম্বৰ মাহত তেওঁক বিবিচি ১০০ মহিলাৰ অন্যতম হিচাপে সন্মানিত কৰা হয়।[17]
লগতে চাওক
[সম্পাদনা কৰক]- এছিয়ান আমেৰিকান মহাকাশচাৰীৰ তালিকা
- মহিলা মহাকাশ যাত্ৰীসকলৰ তালিকা
- তেলেগু আমেৰিকানসকল
বাহ্যিক সংযোগসমূহ
[সম্পাদনা কৰক]সিৰীষা বাণ্ডলা: “আমোদজনক কথাটো হ’ল যেতিয়া মানুহে নিজৰ সম্পৰ্ক স্থাপন কৰিব নোৱাৰা কোনোবা এজনে, তেওঁলোকে বিচৰা ধৰণে কামটো কৰি আছে,তেতিয়া কিমান মানসিক বাধা ওলায়, সেইটো বৰ আচৰিত।”- ভোগ ইণ্ডিয়া, নৱেম্বৰ ২০২১।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Meet Sirisha Bandla: India-born woman set to go to space alongside Richard Branson". The Economic Times. July 10, 2021. https://economictimes.indiatimes.com/news/international/meet-sirisha-bandla-india-born-woman-set-to-go-to-space-alongside-richard-branson/videoshow/84293820.cms?from=mdr। আহৰণ কৰা হৈছে: July 25, 2021.
- ↑ Fisher, Kristin (10 December 2021). "First on CNN: The US gives Bezos, Branson and Shatner their astronaut wings". CNN. https://www.cnn.com/2021/12/10/politics/astronaut-wings-bezos-branson-shatner/index.html। আহৰণ কৰা হৈছে: 10 December 2021. "The US government is making it official, Jeff Bezos, Richard Branson, and William Shatner have earned the title of astronaut after their flights to the edge of space. The Federal Aviation Administration will also award Commercial Space Astronaut Wings to 12 other people who have flown at least 50 miles above Earth on a FAA licensed commercial spacecraft, including the crew of SpaceX's Inspiration4 mission. The FAA will award wings to eight people who flew on Blue Origin's New Shepherd spacecraft, three who flew on Virgin Galactic's SpaceShipTwo, and to the four members of the SpaceX crew who spent three days in space in September."
- ↑ "Exclusive: Sirisha Bandla's Proud Grandfather on Second India-Born Woman in Space" (en ভাষাত). The Better India. 2021-07-06. https://www.thebetterindia.com/258115/sirisha-bandla-richard-brandson-virgin-galactic-unity-indian-woman-in-space-grandfather-andhra-pradesh/। আহৰণ কৰা হৈছে: 2021-07-25.
- ↑ 4.0 4.1 "Sirisha Bandla: India celebrates woman who flew on Virgin Galactic" (en-GB ভাষাত). BBC News. 2021-07-12. https://www.bbc.com/news/world-asia-india-57801518.
- ↑ 5.0 5.1 "Family of Indian-American astronaut on Virgin Galactic crew "happy and overwhelmed"". Reuters. 2021-07-05. https://www.reuters.com/lifestyle/science/family-indian-american-astronaut-virgin-galactic-crew-happy-overwhelmed-2021-07-05/। আহৰণ কৰা হৈছে: 2021-07-13.
- ↑ Madhok, Diksha (12 July 2021). "Sirisha Bandla, India-born woman and Virgin Galactic executive, flies into space with Richard Branson". CNN. https://www.cnn.com/2021/07/12/tech/sirisha-bandla-virgin-galactic-intl-hnk/index.html। আহৰণ কৰা হৈছে: 2021-07-13.
- ↑ "Andhra Pradesh-Born Sirisha Bandla Will Be Second Indian-Origin Woman To Fly To Space". outlookindia.com. 10 July 2021. https://www.outlookindia.com/website/story/world-news-andhra-pradesh-born-sirisha-bandla-will-be-second-indian-origin-woman-to-fly-to-space/387682। আহৰণ কৰা হৈছে: 2021-07-25.
- ↑ "India-Born Sirisha Bandla To Fly On Virgin Galactic Spacecraft Tomorrow". NDTV.com. https://www.ndtv.com/india-news/india-born-sirisha-bandla-to-fly-into-space-with-richard-branson-in-virgin-galactic-spaceflight-on-july-11-2483510। আহৰণ কৰা হৈছে: 2021-07-25.
- ↑ 9.0 9.1 9.2 "Sirisha Bandla goes to space: 'Always wanted to explore sky, stars'" (en ভাষাত). The Indian Express. 2021-07-12. https://indianexpress.com/article/technology/science/space-flight-richard-branson-virgin-galactic-sirisha-bandla-spaceport-america-7400092/। আহৰণ কৰা হৈছে: 2021-07-13.
- ↑ Pandey, Ashish (July 11, 2021). "A look at childhood photographs of Indian-American astronaut Sirisha Bandla before she zooms off into space" (en ভাষাত). India Today. https://www.indiatoday.in/science/story/space-indian-american-astronaut-sirisha-bandla-childhood-images-1826643-2021-07-11। আহৰণ কৰা হৈছে: 2021-07-25.
- ↑ 11.0 11.1 "Indian-origin aeronautical engineer Sirisha Bandla set to fly into space on Virgin Galactic spacecraft". The Economic Times. https://economictimes.indiatimes.com/news/science/indian-origin-aeronautical-engineer-shirisha-bandla-set-to-fly-into-space-on-virgin-galactic-spacecraft/articleshow/84290566.cms?from=mdr.
- ↑ 12.0 12.1 "Sirisha Bandla will become the second Indian-born woman to fly into space". The Economic Times. https://economictimes.indiatimes.com/tech/tech-bytes/sirisha-bandla-will-become-the-second-indian-born-woman-to-fly-into-space/articleshow/84073727.cms.
- ↑ "MIFP Team Member Sirisha Bandla Earns Astronaut Wings on Virgin Galactic Spaceflight" (en-US ভাষাত). Matthew Isakowitz Fellowship Program. 11 July 2021. https://www.matthewisakowitzfellowship.org/news-post/2021/7/8/mifp-team-member-sirisha-bandla-earns-astronaut-wings-on-virgin-galactic-flight। আহৰণ কৰা হৈছে: 2021-07-13.
- ↑ Chow, Denise (20 July 2021). "Amazon's Jeff Bezos makes history with all-civilian suborbital flight". NBC News. https://www.nbcnews.com/science/space/amazons-jeff-bezos-makes-history-civilian-suborbital-flight-rcna1436। আহৰণ কৰা হৈছে: 21 July 2021.
- ↑ Chang, Kenneth (2021-07-11). "Who were the crew members aboard the flight?" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2021/07/11/science/who-were-the-crew-members-aboard-the-flight.html.
- ↑ "FAA Commercial Space Policy". https://www.faa.gov/documentLibrary/media/Order/FAA_Order_8800.2.pdf.
- ↑ "BBC 100 Women 2022: Who is on the list this year?" (en-GB ভাষাত). BBC News. https://www.bbc.co.uk/news/resources/idt-75af095e-21f7-41b0-9c5f-a96a5e0615c1। আহৰণ কৰা হৈছে: 2022-12-10.