সীতাভোগ
অৱয়ব
| সীতাভোগ | |
|---|---|
| ভৌগোলিক স্বীকৃতি | |
শক্তিগড়ৰ সীতাভোগ | |
| বৰ্ণনা | পশ্চিম বংগৰ বৰ্ধমানৰ একপ্ৰকাৰৰ মিঠাই সীতাভোগ |
| দেশ | ভাৰত |
| পঞ্জীয়ন | ২৯ এপ্ৰিল ২০১৭ |
| ৱেৱছাইট | ipindiaservices.gov.in |
সীতাভোগ (ইংৰাজী: Sitabhog ) ভাৰতৰ পশ্চিম বংগৰ বৰ্ধমানৰ এবিধ বিখ্যাত মিঠাই। সীতাভোগ হৈছে এবিধ সুস্বাদু মিঠাই, যি দেখিবলৈ বগা ভাত বা চেৱৈৰ দৰে আৰু গোলাপ জামুনৰ সৰু সৰু টুকুৰা দি তৈয়াৰ কৰা হয়। কটেজ চীজ বা চানা, চাউল, আটা আৰু চেনিৰ পৰা তৈয়াৰী সীতাভোগ প্ৰায় পোলাওৰ ৰূপ পায়, যাক খাবলৈ মিঠা লাগে।[1]
ইতিহাস
[সম্পাদনা কৰক]প্ৰয়াত নগেন্দ্ৰনাথ নাগৰ মতে, মহাৰাজ মহতাবচান্দ বাহাদুৰৰ শাসনকালত ক্ষেত্ৰনাথ নাগে বৰ্ধমানত প্ৰথমে বিশেষ সীতাভোগ আৰু মিহিদান আৱিষ্কাৰ কৰিছিল। এই উদ্ভাৱনৰ বাসত্তৰ বছৰৰ পাছত লৰ্ড কাৰ্জন বৰ্ধমানলৈ আহোঁতে সীতাভোগ আৰু মিহিদানাৰ তেওঁৰ মূল্যায়নৰ পিছত সমগ্ৰ ভাৰততে এই মিঠাই দুবিধে সুনাম অৰ্জন কৰে।[2][3]
ভৌগোলিক সূচক
[সম্পাদনা কৰক]বৰ্ধমানৰ সীতাভোগে ২০১৭ চনৰ ২৯ এপ্ৰিলত পশ্চিম বংগৰ ভৌগোলিক সূচক (GI) লাভ কৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ বাংলাৰ খাদ্য
- ↑ "Famous Foods of Burdwan – Traditional Cuisine of Burdwan - West Bengal - TravelKhana" (en-US ভাষাত). -Food. 2014-11-04. https://www.travelkhana.com/food/famous-food-burdwan/.[সংযোগবিহীন উৎস]
- ↑ GI report and certificate of Sitabhog and Mihidana, ipindiaservices.gov.in/GI_DOC/526/526
- ↑ "Details | Geographical Indications | Intellectual Property India" (en ভাষাত). ipindiaservices.gov.in. http://ipindiaservices.gov.in/GirPublic/Application/Details/525। আহৰণ কৰা হৈছে: 2018-07-08.