সমললৈ যাওক

সীতা ঔৰ গীতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সীতা ঔৰ গীতা

পোষ্টাৰ
পৰিচালক ৰমেশ চিপ্পী
অভিনয়ত হেমা মালিনী
ধৰ্মেন্দ্ৰ
সঞ্জীৱ কুমাৰ
ৰূপেশ কুমাৰ
মনোৰমা
সত্যেন কাপ্পু
হনী ইৰাণী
প্ৰতিমা দেৱী
চিত্ৰগ্ৰহণকাৰী কে বৈকুণ্ঠ
সংগীত পৰিচালক আৰ ডি বৰ্মন
মুক্তি
৩ নৱেম্বৰ ১৯৭২ (1972-11-03) (India)
দৈৰ্ঘ্য
১৬২ মিনিট
দেশ ভাৰত
ভাষা হিন্দী[1]
বাজেট 40 lakh ($53,000)
সৰ্বমুঠ আয় est. ₹19.53 crore ($22.82 million)

সীতা ঔৰ গীতা [টোকা 1] (ইংৰাজী: Seeta Aur Geeta) ১৯৭২ চনৰ, চেলিম–জাভেদৰ (চেলিম খান আৰু জাভেদ আখতাৰ) দ্বাৰা ৰচিত আৰু ৰমেশ চিপ্পীৰ দ্বাৰা পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী নাট্যধৰ্মী চলচ্চিত্ৰ । ১৯৭২ চনৰ ৩ নৱেম্বৰত ভাৰতত মুক্তি পোৱা এই ছবিখনত হেমা মালিনী (দ্বৈত চৰিত্ৰত), ধৰ্মেন্দ্ৰ, সঞ্জীৱ কুমাৰ, ৰূপেশ কুমাৰ, মনোৰমা, সত্যেন কাপ্পু, হানী ইৰাণী, আৰু প্ৰতিমা দেৱীৰ শিল্পীয়ে অভিনয় কৰিছে। সংগীত ৰচনা কৰিছিল ৰাহুল দেৱ বৰ্মনে।

কাহিনীটোত জন্মৰ সময়ত পৃথক হোৱা একে ধৰণৰ যমজ সন্তানৰ বিষয়ে, যি জন্মৰ সময়তে পৃথক হৈ যায় আৰু পৃথক ব্যক্তিত্ব লৈ ডাঙৰ-দীঘল হয়। ডাঙৰ হোৱাৰ পিছত এজনীয়ে আনজনীক লগ পোৱাৰ পিছত তেওঁলোকে ঠাই সলনি কৰে। ছবিখনত ভগ্নী দুগৰাকীৰ প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ আৰু সঞ্জীৱ কুমাৰে, আনহাতে মনোৰমাই খলনায়ক খুৰীয়েৰ চৰিত্ৰত অভিনয় কৰিছে।

১৯৬৭ চনৰ ব্লকবাষ্টাৰ ৰাম ঔৰ শ্যামৰ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ চেলিম-জাভেদে সীতা ঔৰ গীতাৰ কাহিনী লিখিছিল।[2] ৰাম ঔৰ শ্যাম নিজেই ১৯৬৪ চনৰ তেলেগু ছবি ৰামুডু ভীমুডুৰ পুনৰ্নিৰ্মাণ। ছবিখনে নায়িকাগৰাকীক অৱশেষত "নায়ক"লৈ ৰূপান্তৰিত কৰি পূৰ্বৰ সূত্ৰটোক উফৰাই পেলায় আৰু পুৰুষ নায়ক দুজন বেছিভাগ ক্ষেত্ৰতে সহায়ক চৰিত্ৰৰ ভূমিকা লয়।[3] ইয়াৰ আগতো একেধৰণৰ বিষয়বস্তুৰ এখন ছবি আছিল “মুকাবলা (১৯৪২), য’ত অভিনয় কৰিছিল ফিয়েৰলেচ নাদিয়াই।

ভাৰত আৰু ছোভিয়েট ইউনিয়নত এই ছবিখন ডাঙৰ হিট হৈছিল।[4] হেমা মালিনীয়ে তেওঁৰ কৰ্মজীৱনৰ একমাত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ বিপৰীতে কে বৈকুণ্ঠই শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।

ছবিখন আন ভাষাত পুনৰ নিৰ্মাণ কৰা হয়; যাৰ ভিতৰত আছে তেলেগু ভাষাত “গংগা মাংগা” (১৯৭৩) আৰু তামিল ভাষাত “বাণী ৰাণী” (১৯৭৪)। এই দুয়োখন ছবিতে দ্বৈত চৰিত্ৰত বাণীশ্ৰীয়ে অভিনয় কৰিছিল। কাহিনীটোৰ পৰৱৰ্তী হিন্দী পুনৰ্নিৰ্মাণো কৰা হৈছে, যাৰ ভিতৰত আছে- সাধনা অভিনীত “গীতা মেৰা নাম” (১৯৭৪), জীতেন্দ্ৰ অভিনীত “জেইছা কা তেইছা” (১৯৭৩), শ্ৰীদেৱী অভিনীত “চালবাজ” (১৯৮৯), অনিল কাপুৰ অভিনীত “কিষেন কানহাইয়া” (১৯৯০), ছলমান খান অভিনীত “জুড়ৱা” (১৯৯৭) আৰু কাজল অভিনীত “কুচ খাট্টি কুচ মিথি” (১৯৯৮)।

  1. An obvious allusion to goddess Sita, who is an epitome of simplicity and virtue. Of the two characters, it is Seeta, who is simple and innocent. The film is an exact gender counterpart of Ram Aur Shyam, with Seeta displaying the same innocence and simplicity as Ram shows in the earlier film like Lord Rama. The naming of the characters Ram and Seeta is thus very clever and is not merely a co-incidence; both Rama and Seeta were consorts. The counterparts in both films are seen fighting the evil.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Aḵẖtar, Jāvīd; Kabir, Nasreen Munni (2002) (en ভাষাত). Talking Films: Conversations on Hindi Cinema with Javed Akhtar. Oxford University Press. পৃষ্ঠা. 49. ISBN 9780195664621. https://books.google.com/books?id=_JILAQAAMAAJ। আহৰণ কৰা হৈছে: 27 November 2017. "JA: I write dialogue in Urdu, but the action and descriptions are in English. Then an assistant transcribes the Urdu dialogue into Devnagari because most people read Hindi. But I write in Urdu." 
  2. Singh, Prabhat (18 October 2016). "Hardly a stranger in Moscow". The Hindu. https://www.thehindu.com/thread/arts-culture-society/article9235594.ece. 
  3. "Seeta Aur Geeta was inspired: Salim Khan". Mid-Day. 28 March 2013. http://www.mid-day.com/articles/seeta-aur-geeta-was-inspired-salim-khan/206163. 
  4. Chintamani, Gautam (25 October 2015). "The brilliance of Salim-Javed lies not just in what they said, but how they said it". Scroll. https://scroll.in/article/764622/the-brilliance-of-salim-javed-lies-not-just-in-what-they-said-but-how-they-said-it। আহৰণ কৰা হৈছে: 29 November 2017. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]