সমললৈ যাওক

সীমান্ত ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সীমান্ত ফুকন
জন্ম ৪ ডিচেম্বৰ,১৯৬৭
জালুকনিবাৰী তিতাবৰ, যোৰহাট জিলা
পেচা অভিনেতা, পৰিচালক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত ভাৰত
উল্লেখযোগ্য বঁটা নাট্যশ্ৰী সন্মান-২০১০
জীৱনজোৰা সংস্কৃতি সাধনা বঁটা-২০১১
মায়া মিডিয়া বঁটা- ২০১৭
দীপা গোস্বামী শিল্পী বঁটা - ২০১৮
ৰাজ্যিক শিল্পী বঁটা-২০২১
হৰিপদ চেতিয়া ৰাজ্যিক বঁটা-২০২৩
দাম্পত্যসংগী গীতিকা ফুকন
সন্তান হীয়াংগী ফুকন, মান্যতা ফুকন
আত্মীয়-স্বজন প্ৰশান্ত ফুকন, জয়ন্ত ফুকন, দিগন্ত ফুকন (ভাতৃ), জোনা বৰুৱা ফুকন (ভগ্নী)

সীমান্ত ফুকন অসমৰ এগৰাকী বিশিষ্ট নাট পৰিচালক,অভিনেতা আৰু নাট্য প্ৰশিক্ষক।[1] বৰ্তমানলৈকে তেওঁ এশৰো অধিক নাটক পৰিচালনা কৰাৰ লগতে ভালেখিনি নাটকত অভিনয় কৰিছে।[2] ১৯৮৯ চনত গুৱাহাটী দূৰদৰ্শনৰ যোগেদি সম্প্ৰসাৰিত হোৱা বনকোঁৱৰ সীমান্ত ফুকনৰ দ্বাৰা পৰিচালিত প্ৰথমখন টেলিনাট। ১৯৯২ চনত ফুকন পৰিচালিত জ'কাৰ গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত দ্বিতীয়খনি টেলিনাট।[3]১৯৯৬ চনত সীমান্ত ফুকনে গুৱাহাটী দূৰদৰ্শন বাবে পৰিচালনা কৰা প্ৰথম খনি শিশু এডভেঞ্চাৰ ধাৰাবাহিক হ'ল জিতু নীতুৰ অভিযান।[4]

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

১৯৬৭ চনৰ ৪ ডিচেম্বৰত যোৰহাট জিলাৰ তিতাবৰৰ জালুকণিবাৰীৰ এটি সংস্কৃতিবান পৰিয়ালত[4] ফুকনে জন্মগ্ৰহণ কৰিছিল। পিতৃ পূষ্প ফুকন আৰু মাতৃ ননী ফুকন। ফুকনৰ পিতৃ পূষ্প ফুকন এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা আছিল।[3]

ফুকনৰ জেষ্ঠ ভাতৃ প্ৰশান্ত ফুকন, জয়ন্ত ফুকন আৰু জেষ্ঠ ভগ্নী জোনা বৰুৱা ফুকনো মঞ্চশিল্প আৰু নাট্যকলাৰে জড়িত আছিল। সীমান্ত ফুকনৰ পত্নী গীতিকা ফুকন এগৰাকী অভিনেত্ৰী আৰু বৰ বিহুৱতী।ভিনিহিয়েক চিত্ৰশিল্পী ৰবীন বৰুৱা

যোৰহাটৰ ন-আলি ঢেকীয়াজুলিৰ তিতাৰাম বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা স্কুলীয়া শিক্ষা সাং কৰি ফুকনে নন্দনাথ শইকীয়া মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল। কলেজত পঢ়ি থকা সময়ত তেওঁ ১৯৮৫ চনৰপৰা ১৯৮৭ চনলৈ একেৰাহে তিনি বছৰ শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ঘৰখনৰ সাংস্কৃতিক পৰিবেশে সৰুৰেপৰাই ফুকনক প্ৰভাৱিত কৰিছিল। শৈশৱত তেওঁ স্থানীয় ৰাসত অংশগ্ৰহণ কৰিছিল। লাহে লাহে পৌৰাণিক আৰু শিশু নাটত অংশ লৈ তেওঁ অসমৰ নাট্য জগতত প্ৰৱেশ কৰে। কলেজীয়া সময়খিনিত অসম নাট্য সন্মিলন,অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এন.এচ.ডি)ৰ অধীনত অনুষ্ঠিত বিভিন্ন নাট্য কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ফুকন পৰিচালিত বহুকেইখন নাটকে অসমৰ উপৰিও ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শিত হৈ দৰ্শক-সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ফুকনে ভ্ৰাম্যমাণ থিয়েটাৰতো একাধিক নাটক সফলতাৰে পৰিচালনা কৰিছে। দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিক, টেলিফিল্ম আৰু চুটি ছবি ফুকনে পৰিচালনা কৰিছে।[5]

২০০৬ চনৰপৰা ফুকনে অসমৰ গোলাঘাট জিলাৰ দেৰগাঁওস্থিত নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী (নেটা) ৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

অন্যান্য কীৰ্তি

[সম্পাদনা কৰক]
  • ১৯৮৪ চনৰ পৰা ১৯৯৫ চনলৈ সদৌ অসম একাংক নাট প্ৰতিযোগিতাত ২৫ বাৰ শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ।[3]
  • ১৯৯১ চনত মাদ্ৰাজত আৰু ১৯৯২ চনত নাগপুৰত অনুষ্ঠিত সন্মিলিত স্কুল সন্থাৰ বাৰ্ষিক অধিবেশন আৰু সদৌ ভাৰত স্কুল মহোৎসৱত অংশগ্ৰহণ আৰু পুৰস্কাৰ লাভ।[3]
  • ১৯৯৫ চনত ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ সাংস্কৃতিক বিভাগৰপৰা অসমৰ পৰম্পৰাগত নাট ভাওনা বিষয়ত গৱেষণাৰ বাবে ৰাষ্ট্ৰীয় বৃত্তি লাভ।[3]

উল্লেখযোগ্য কৰ্মৰাজি

[সম্পাদনা কৰক]
পৰিচালিত নাটক
  • বনকোঁৱৰ
  • জ'কাৰ
  • নিমাতী কইনা
  • ৰূপালীম
  • লভিতা
  • কমলা কুঁৱৰীৰ সাধু
  • উলংগ ৰজা
  • ৰস
  • ৰং
  • ভ্ৰমৰংগ
  • এটা প্ৰেমৰ গল্প
  • এদিন হঠাৎ
  • সুৱাগপুৰৰ এনিশা
  • কনকলতা
  • কিয়
  • অন্ধৰাজ
  • টেটুন তামুলী
  • শিয়ালী পালেগৈ ৰতনপুৰ
  • মই টুনিয়ে টুন টুনালো
  • লটকন কিয় কৰ এনেখন
  • নবৌৰ বিয়া
  • Divorce
  • ভয়
  • টীমৱৰ্ক
  • সেউজীয়া গাড়ী
  • এজন ৰজা আছিল
  • ধনবৰ আৰু ৰতনী
  • নীলা চৰাই
  • বিষয় হ'ব প্ৰেম
  • চিকাৰ দ্য ফৰেজ
  • খোলাং বুঢ়ী
  • চন্দ্ৰপ্ৰভা:মুক্তিৰ এটি গান ইত্যাদি...
পৰিচালিত টিভি চিৰিয়েল, ভিডিঅ' ছবি, চুটি ছবি
  • জিতু নীতুৰ অভিযান (কাহিনী:ৰঞ্জু হাজৰিকা, চিত্ৰনাট্য আৰু সংলাপ-অমূল্য কাকতি)
  • গোবৰধন চৰিত
  • জয়মতী
  • কমলা কুঁৱৰী
  • সেউজীয়া গাড়ী
  • অন্য আকাশ
  • পাপ
  • টিয়েৰ্চ অৱ ৰেইন আদি...

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  1. নাট্যশ্ৰী সন্মান-২০১০
  2. জীৱনজোৰা সংস্কৃতি সাধনা বঁটা-২০১১
  3. মায়া মিডিয়া বঁটা- ২০১৭
  4. দীপা গোস্বামী শিল্পী বঁটা - ২০১৮
  5. ৰাজ্যিক শিল্পী বঁটা-২০২১
  6. হৰিপদ চেতিয়া ৰাজ্যিক বঁটা-২০২৩

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰত ৰচিত নাটক "খোলাং বুঢ়ী" মঞ্চস্থ". ইটিভি ভাৰত এণ্টাৰটেনমেণ্ট টীম. https://www.etvbharat.com.+30 June, 2025. https://www.etvbharat.com/as/!entertainment/kholang-burhi-play-based-on-the-thengal-kachari-folk-culture-performed-at-srimanta-sankaradeva-kalakshetra-assam-news-ass25063001083। আহৰণ কৰা হৈছে: 18 July 2025. 
  2. "Poorvottar Rashtriya Natya Samaroh - 2022". Ministry of Culture, Government of India. National School of Drama, Bengaluru Centre. 12 July, 2022. https://bengaluru.nsd.gov.in/news_and_insights_details/Poorvottar-Rashtriya-Natya-Samaroh---2022। আহৰণ কৰা হৈছে: 18 July 2025. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 ষ্টাফ ৰিপৰ্টাৰ (8 May, 1996). "এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ পৰিচালক". দৈনিক জনমভূমি. প্ৰকাশক যোৰহাট. 
  4. Phukan, Simanta (7 January 2008). Sense and Simplicity. Meenakshi Gautamৰ সৈতে সাক্ষাৎকাৰ. Melange, The Sentinel. Guwahati. 
  5. "চুটি ছবিৰে দীঘল বাটত সীমান্ত ফুকন". প্ৰভাত বৰদলৈ. https://www.somoloy.org.+10 November 2021. https://www.somoloy.org/2021/10/sutichabirre.html। আহৰণ কৰা হৈছে: 18 July 2025.  6.'Kholang Burhi': A riveting theatrical tribute to Assam's Thengal Kachari heritage Kholang Burhi play honours Assam’s Thengal Kachari heritage through dance and music. The production highlights indigenous culture and history with powerful performances and symbolism.https://www.indiatodayne.in/entertainment/story/kholang-burhi-a-riveting-theatrical-tribute-to-assams-thengal-kachari-heritage-1242386-2025-07-10?utm_source=itneweb_story_share