সমললৈ যাওক

সীমা কৌশিক মেহতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সীমা কৌশিক মেহতা

২০১৯ মাৰ্চ
জন্ম c.১৯৭৬
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা ছান ফ্ৰান্সিস্কোৰ একাডেমী অৱ আৰ্ট কলেজ
পেচা নৃত্যশিল্পী আৰু গহনা ডিজাইনাৰ
জনা যায় নাৰী শক্তিপুৰস্কাৰ বঁটা

সীমা কৌশিক মেহতা (ইংৰাজী: : Seema Kaushik Mehta ; জন্ম c.1976) এগৰাকী ভাৰতীয় কথক বিশেষজ্ঞ আৰু গহনা ডিজাইনাৰ। মুম্বাইত দুৰ্দশাগ্ৰস্ত শিশুৰ সৈতে কাম কৰি ২০১৯ চনত নৃত্যৰ পোষকতাৰ বাবে নাৰী শক্তিপুৰস্কাৰ বঁটা লাভ কৰে।

২০১৯ চনত লীলা ডান্স কালেকটিভৰ বাবে নৃত্য কৰে মেহতাই

১৯৭৬ চনত জন্মগ্ৰহণ কৰা সীমাই[1] আৰু ছান ফ্ৰান্সিস্কোৰ একাডেমী অৱ আৰ্ট কলেজত অধ্যয়ন কৰিছিল।[2]

২০১০ চনত চিত্ৰেশ দাসৰ শিষ্য হয় আৰু ২০১৫ চনত দাসৰ মৃত্যুৰ আগলৈকে তেওঁৰ ধাৰণা অনুসৰণ কৰে। তেওঁৰ সৈতে প্ৰশিক্ষণ লয় আৰু ভাৰতত তেওঁৰ নৃত্য শৈলী প্ৰদৰ্শন কৰে।[3] সীমা কৌশিক মেহতা আৰু পণ্ডিত দাসে ২০১০ চনত মুম্বাইত তেওঁৰ বিদ্যালয়ৰ দ্বিতীয় শাখা ছন্দাম নৃত্য ভাৰতী প্ৰতিষ্ঠা কৰে। মেহতাৰ গুৰু চিত্ৰেশ দাসে কলিকতাৰ যৌনকৰ্মীসকলৰ সন্তানক কথক নৃত্য শিকাইছিল যাতে তেওঁলোকে শোষণৰ চক্ৰৰ পৰা মুক্ত হ'ব পাৰে।[4]


২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা মেহতাক নাৰী শক্তিৰ বঁটা প্ৰদান কৰা হৈছিল।[5] এই বঁটাৰ বাবে ১০০০ মহিলা মনোনীত হয় আৰু ৪৪ গৰাকীক এই বঁটা লাভৰ বাবে নিৰ্বাচিত কৰা হয়। মুম্বাইৰ অভাৱগ্ৰস্ত শিশুৰ সৈতে কাম কৰাৰ বাবেই তেওঁক নিৰ্বাচিত কৰা হৈছিল। নাচিবলৈ শিকিছিল, কিন্তু নিজকে দৃঢ় কৰিবলৈও শিকিছিল। মনেকা গান্ধীয়ে এই অনুষ্ঠানত উপস্থিত হৈ ভাৰতৰ মহিলাসকলৰ উচ্চাকাংক্ষাৰ বিষয়ে কয়।[1]

মেহতাই আমেৰিকান টেপ নৃত্যশিল্পী জেচন ছেমুৱেল্‌ছ স্মিথৰ সৈতে সাক্ষাৎ হৈছিল। ছেমুৱেল্‌ছ স্মিথে পূৰ্বে তেওঁৰ গুৰু চিত্ৰেশ দাসৰ সৈতে ভ্ৰমণ কৰিছিল। কথক আৰু টেপ নৃত্যৰ মাজত এক অপূৰ্ব সামঞ্জস্য আছে, কাৰণ দুয়োটা নৃত্য শৈলীত ভৰি ব্যৱহাৰ কৰা হয়, মূখ্য পাৰ্থক্য হৈছে পাদুকা বা জোতা, য’ত কথক খালী ভৰিৰে নচা হয়।[6]

মেহতাই এখন বিদ্যালয় চন্দাম নৃত্য ভাৰতী চলাই আছে আৰু এতিয়াও গহনা ডিজাইনৰ লগত জড়িত হৈ আছে। তেওঁ কয় যে গহনা ডিজাইন আৰু নৃত্য দুয়োটা তেওঁৰ জীৱনৰ অংশ। তেওঁৰ পৰিয়ালৰ গহনা ব্যৱসায়ৰ সৃষ্টিশীল পৰিচালক।[1][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Pawar, Yogesh (2019-03-24). "Seema Mehta on receiving the President's award for teaching kathak to underprivileged girls" (en ভাষাত). DNA India. https://www.dnaindia.com/just-before-monday/report-seema-mehta-on-receiving-the-president-s-award-for-teaching-kathak-to-underprivileged-girls-2732483 আহৰণ কৰা হৈছে: 2020-06-08.
  2. 1 2 Purushothaman, Kirubhakar (2017-03-02). "Sparkles are her business". The Asian Age. https://www.asianage.com/life/art/020317/sparkles-are-her-business.html আহৰণ কৰা হৈছে: 2020-06-08.
  3. Mumbai Mirror (2011-06-11). "Kathak dancer Seema Mehta performs". The Times of India. https://timesofindia.indiatimes.com/Kathak-dancer-Seema-Mehta-performs/articleshow/8812879.cms আহৰণ কৰা হৈছে: 2021-01-15.
  4. "Umrao Jaan, the story untold" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/culture/style/umrao-jaan-the-story-untold/cid/1552670 আহৰণ কৰা হৈছে: 2020-06-08.
  5. "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. http://narishaktipuraskar.wcd.gov.in/gallery আহৰণ কৰা হৈছে: 2020-06-08.
  6. "Watch how tap dance and kathak blend on NCPA stage" (en ভাষাত). Hindustan Times. 2017-01-20. https://www.hindustantimes.com/art-and-culture/watch-how-tap-dance-and-kathak-blend-on-ncpa-stage/story-Oeh4D3NAzjDT7oc5RBwNbJ.html আহৰণ কৰা হৈছে: 2020-06-08.