সমললৈ যাওক

সুকন্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুকন্যা
তথ্য
পৰিয়াল বৈৱস্বত মনু (ককা)
শৰ্যাতী (পিতৃ)

সৃষ্টিকা (মাতৃ)

অৰ্ণত (ভাতৃ)
দাম্পত্যসঙ্গী চ্যবন

সুকন্যা (সংস্কৃত: सुकन्या, ৰোমানীকৃত: Sukanyā, আক্ষৰিক অৰ্থ: 'সুন্দৰ ছোৱালী শিশু') হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত এগৰাকী ৰাজকুমাৰী।[1] সুকন্যা বৈৱস্বত মনুৰ পুত্ৰ শৰ্যাতীৰ কন্যা আৰু চ্যৱন ঋষিৰ পত্নী।[2]

কিংবদন্তী

[সম্পাদনা কৰক]

মহাভাৰতৰ বন পৰ্বত পোৱা আখ্যান অনুসৰি চ্যবন ঋষিয়ে এখন বিলৰ কাষত তপস্যাত ইমানেই মগ্ন হৈ পৰিছিল যে তেওঁৰ গোটেই শৰীৰটো উঁইয়ে বাহ সাজি ঢাকি পেলাইছিল আৰু মাত্ৰ তেওঁৰ চকু দুটাহে বাকী আছিল। এবাৰ ৰজা শৰ্যাতী তেওঁৰ সৈন্যবাহিনী আৰু ঘৰৰ লোকৰ সৈতে সেই ঠাইখন দৰ্শন কৰিবলৈ আহিছিল। ৰজা শৰ্যাতীৰ জীয়েক সুকন্যাই পৰুৱাৰ বাহ যেন লগা বস্তুটোত দুটা উজ্জ্বল চকু দেখা পাই লাঠি এডালেৰে খুঁচি দিলে। চ্যবনে অত্যধিক বিষ অনুভৱ কৰি ক্ৰোধিত হৈ পৰিল। ৰজাই তেওঁৰ জীয়ৰী সুকন্যাক তেওঁলৈ বিয়া দিয়াতহে তেঁও সন্তুষ্ট হৈছিল৷[3]

এবাৰ দুয়ো অশ্বিনীকুমাৰ চ্যবন ঋষিৰ আশ্ৰমলৈ গৈছিল। তেওঁলোকে ধুনীয়া সুকন্যাক গা ধুই থাকোঁতে দেখা পালে। তেওঁলোকে সুকন্যাক বুঢ়া আৰু কুৎসিত চ্যবনক পৰিত্যাগ কৰিবলৈ, আৰু তেওঁলোকৰ মাজৰ এজনক স্বামী হিচাপে গ্ৰহণ কৰিবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে। ক্ৰোধিত হৈ ৰাজকুমাৰীয়ে তেওঁলোকৰ প্ৰস্তাৱ নাকচ কৰিলে। তাৰ পিছত দেৱতাসকলে প্ৰথমে চ্যবনৰ যৌৱন আৰু দৃষ্টিশক্তি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিলে, যাতে তেওঁ বৰ্তমানৰ স্বামীৰ মাজত, আৰু তেওঁলোকৰ মাজৰ এজনক নিৰপেক্ষ ভাবে বাছনি কৰিব পাৰে। ৰাজকুমাৰীক স্বামীৰ শক্তি পুনৰ ঘূৰি আহিব বুলি প্ৰলোভিত কৰা হ’ল। সুকন্যাই তেওঁলোকৰ প্ৰস্তাৱ বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিলে, আৰু চ্যবনক খবৰ দিলে। চ্যবনৰ নিৰ্দেশত সুকন্যাই নিজৰ স্বামী বাছনি কৰিবলৈ অশ্বিনসকলক অনুমতি দিবলৈ অনুৰোধ কৰিলে। তিনিওজনে হ্ৰদত গা ধুই, একে যৌৱন আৰু একে ঐশ্বৰিক দৃষ্টিৰে ওলাই আহিল। তেওঁলোকৰ প্ৰত্যেকেই সুকন্যাক নিজৰ পত্নী হ'বলৈ অনুৰোধ কৰিছিল, কিন্তু তেওঁ চ্যবনক সফলতাৰে চিনাক্ত কৰিছিল আৰু কিছুমান বিৱৰণীত আদি পৰাশক্তিক প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ স্বামীক বাছনি কৰিছিল।[4] তিনিওজনৰ চকু পৰ্যবেক্ষণ কৰি সুকন্যাই চ্যবনক চিনাক্ত কৰাত সফল হ’ল; কিয়নো দেৱতাই চকু টিপিয়াই নাথাকে আৰু এইদৰে তেওঁ চকু টিপিয়াই দিয়া চ্যবনক বাছিবলৈ সক্ষম হৈছিল। পুনৰুদ্ধাৰ হোৱা যৌৱন আৰু দৃষ্টিশক্তিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি চ্যবনে অশ্বিনীকুমাৰদ্বয়ক বলিদানৰ অংশ লাভ কৰাৰ আশ্বাস দিলে।[5]

মহাভাৰতৰ মতে সুকন্যাই স্বামীৰ পৰা প্ৰমতি নামৰ এটি পুত্ৰ জন্ম দিয়ে।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Sukanya, Sukanyā: 10 definitions" (en ভাষাত). www.wisdomlib.org. 2012-06-24. https://www.wisdomlib.org/definition/sukanya। আহৰণ কৰা হৈছে: 2022-10-31. 
  2. Pargiter, F.E. (1922, reprint 1972). Ancient Indian Historical Tradition, Delhi: Motilal Banarsid, Delhi: Motilal Banarsidass, p. 197.
  3. (en ভাষাত) Vyasa's Mahabharatam. Academic Publishers. 2008. পৃষ্ঠা. 249. ISBN 978-81-89781-68-2. https://books.google.com/books?id=HkUQYvw2HGkC&dq=sukanya+chyavana&pg=PA249. 
  4. "Story of Cyavana" (en ভাষাত). www.wisdomlib.org. 2019-01-28. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241510.html। আহৰণ কৰা হৈছে: 2022-10-31. 
  5. Walker, Benjamin (2019-04-09) (en ভাষাত). Hindu World: An Encyclopedic Survey of Hinduism. In Two Volumes. Volume I A-L. Routledge. পৃষ্ঠা. 242. ISBN 978-0-429-62465-0. https://books.google.com/books?id=6zj3DwAAQBAJ&dq=sukanya+great+virgin&pg=PA242. 
  6. (en ভাষাত) The Mahabharata of Krishna-Dwaipayana Vyasa. D. Bose & Company. 1919. https://books.google.com/books?id=oxLHIcxDiaQC&q=sukanya+wonderful+virgin.