সুকন্যা ৰামগোপাল
| সুকন্যা ৰামগোপাল | |
|---|---|
২০১৯ চনত ঘটাম একক গীতৰ বাবে প্ৰস্তুতি চলাইছে সুকন্যা | |
| জন্ম | ১৩ জুন, ১৯৫৭ (৬৮ বছৰ) ময়লাদুথুৰাই, তামিলনাডু, ভাৰত |
| পেচা | percussionist |
| দাম্পত্যসঙ্গী | ৰামগোপাল |
| পিতৃ-মাতৃ | সুব্ৰমণিয়াম ৰংগনায়কি |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | কৰ্ণাটিক সংগীত |
| বাদ্যযন্ত্ৰ |
|
সুকন্যা ৰামগোপাল (ইংৰাজী: Sukanya Ramgopal) তামিলনাডুৰ এগৰাকী ভাৰতীয় কৰ্ণাটিক সংগীত শিল্পী। কৰ্ণাটক সংগীতৰ প্ৰথম মহিলা ঘটামবাদক হিচাপে তেওঁ বেছিকৈ পৰিচিত। কৰ্ণাটিক কণ্ঠ, ভায়লিন, মৃদংগম আৰু বীণা আদিতো তেওঁ পাকৈত। সংগীত নাটক অকাডেমী বঁটা, কৰ্ণাটক সংগীত নৃত্য একাডেমী বঁটা আৰু চেন্নাইৰ মাদ্ৰাজ মিউজিক একাডেমীৰ পৰা বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰে।
জীৱনী
[সম্পাদনা কৰক]১৯৫৭ চনৰ ১৩ জুনত তামিলনাডুৰ মায়লাদুথুৰাইত সুকন্যা ৰামগোপালৰ জন্ম হৈছিল সুব্ৰমণিয়াম আৰু ৰঙানাকিৰ পঞ্চম সন্তান হিচাপে।[1] তেওঁ তামিল পণ্ডিত ইউ ভি স্বামীনাথ আয়াৰৰ নাতিনী।[2] ঘৰৰ ওচৰৰ মণ্টেছৰী স্কুলত আৰু পিছলৈ এন কে তিৰুমালাচাৰিয়াৰ নেচনেল গাৰ্লছ হাইস্কুলত অধ্যয়ন কৰে।[3] চেন্নাইৰ ইথিৰাজ কলেজৰ পৰা প্ৰি-ইউনিভাৰ্চিটি পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত সুকন্যাই চেন্নাইৰ ন্যায়াধীশ বছিৰ আহমেদ ছাইদ কলেজ ফৰ উইমেনৰ পৰা গণিতত আণ্ডাৰ-স্নাতক বি এছ চি কৰে।[3]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সুকন্যাৰ স্বামী ৰামগোপাল এজন অভিযন্তা।[4] বিয়াৰ পিছত তেওঁ কৰ্ণাটকৰ বেংগালুৰুলৈ গুচি যায়।[5]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ২০১৪ চনত সংগীত নাটক অকাডেমী বঁটা। [6]
- ১৯৮২ চনত কৰ্ণাটক সংগীত নৃত্য একাডেমী বঁটা। [7]
- অনন্যা পুৰস্কাৰ ২০১৫ by অনন্যা সাংস্কৃতিক একাডেমী, বাংগালুৰু। [8]
- ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা ২০১৫ চনৰ দেৱী বঁটা। [9]
- ২০০৭ চনত মাদ্ৰাজ মিউজিক একাডেমীৰ পৰা শ্ৰেষ্ঠ জ্যেষ্ঠ ঘটাম শিল্পী বঁটা।[3]
- ২০১৭ চনত মাদ্ৰাজ মিউজিক একাডেমীৰ পৰা টি টি কে বঁটা। [10]
- ১৯৯০ চনত নাৰদ গানা সভাৰ পৰা বঁটা, চেন্নাই।[7]
- ২০০০ চনত ড° চেমমাংগুদি শ্ৰীনিবাসাইৰৰ পৰা ৰাগা থাৰংগিনী বঁটা। [7]
- ২০০১ চনত পাৰ্কাছিভ আৰ্টছ চেণ্টাৰ বাংগালুৰুৰ পৰা পুটাচাৰ বঁটা। [3]
- ২০০৯ চনত বাংগালুৰু গায়না সমাজৰ পৰা বছৰৰ শ্ৰেষ্ঠ শিল্পীৰ বঁটা। [3]
- বাংগালুৰুৰ আয়নাৰ কলেজ অৱ মিউজিকে ২০০৮ চনত তেওঁক সম্বৰ্ধনা জনায়।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ India, Hachette (20 September 2021) (en ভাষাত). Limca Book of Records 2020–22. Hachette India. ISBN 978-93-88322-99-7. https://books.google.com/books?id=gDhBEAAAQBAJ&dq=sukanya+ramgopal+limca&pg=PT485.
- ↑ "Sukanya Ramgopal Breaking Gender Stereotypes" (en ভাষাত). www.magzter.com. https://www.magzter.com/stories/6187/254961/5a255728b2b77.
- ↑ 3.0 3.1 3.2 3.3 3.4 "The First Woman Ghatam Legend, Sukkanya Ramgopal and Her Success Story - The Verandah Club" (en ভাষাত). theverandahclub.com. https://theverandahclub.com/article/the-first-woman-ghatam-legend-sukkanya-ramgopal-and-her-success-story-507.
- ↑ Lalitha Kala Tarangini. March 2018. পৃষ্ঠা. 19–21. Archived from the original on 2022-11-02. https://web.archive.org/web/20221102023453/http://www.srlkmandira.org/newsletters/LKT_FullSet_20March18.pdf। আহৰণ কৰা হৈছে: 2025-03-27.
- ↑ Nair&, Malini. "Meet Sukanya Ramgopal, the first woman to play the ghatam" (en ভাষাত). www.thehindubusinessline.com. https://www.thehindubusinessline.com/blink/watch/meet-sukanya-ramgopal-the-first-woman-to-play-the-ghatam/article28720078.ece.
- ↑ Newspapers, Times Local (13 August 2016). "SRI THYAGA BRAHMA GANA SABHA'S CONFERMENT" (en ভাষাত). http://www.chennaisonline.com/sri-thyaga-brahma-gana-sabhas-conferment/.
- ↑ 7.0 7.1 7.2 7.3 "Dinamalar Maargazhi isai | singer's profile | Dinamalar Maargazhi isai| List of Carnatic singers | music vocalist Profile". Dinamalar. Archived from the original on 8 February 2022. https://web.archive.org/web/20220208074359/http://isailive.dinamalar.com/profile.php?id=1183.
- ↑ "Ananya's annual awards in Bangalore. May 10.". http://www.kutcheribuzz.com/news/general/2143-ananya-s-annual-awards-bangalore.
- ↑ "Devi Awards 2015". www.eventxpress.com. http://www.eventxpress.com/devi2015/bengaluru/.
- ↑ "TTK Award". Archived from the original on 2021-02-24. https://web.archive.org/web/20210224234554/https://musicacademymadras.in/awards/ttk-award/। আহৰণ কৰা হৈছে: 2025-03-27.