সুকুমাৰী (চলচ্চিত্ৰ)
সুকুমাৰী | |
---|---|
পৰিচালক | অম্বুজা প্ৰসন্ন গুপ্ত |
প্ৰযোজক | ঢাকাৰ নবাব পৰিয়াল |
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | খাজা আজমল |
পৰিবেশক | ঢাকাৰ নবাব পৰিয়াল |
মুক্তি |
অক্টোবৰ ১৯২৯ |
দৈৰ্ঘ্য |
৪০ মিনিট |
দেশ | ব্ৰিটিছ ভাৰত |
ভাষা | নিৰ্বাক চলচ্চিত্ৰ |
সুকুমাৰী (ইংৰাজী: Sukumari) ঢাকাৰ নবাব পৰিয়ালে নিৰ্মাণ কৰা, ১৯২৯ চনৰ এখন চুটি ছবি। সুকুমাৰী ব্ৰিটিছ ভাৰতৰ ঢাকাত (বৰ্তমান বাংলাদেশ) নিৰ্মিত প্ৰথমখন ছবি। নবাব পৰিয়ালৰ উৎসাহত অনুপ্ৰাণিত হৈ অম্বুজা প্ৰসন্ন গুপ্তাই ১৯২৭ চনত এই পৰীক্ষামূলক চুটি নিৰ্বাক ছবিখন পৰিচালনা কৰে।[1][2] অভিনেতা আৰু ক্ৰুসকল আটাইকেইজন ঢাকাৰ বাসিন্দা আছিল, আৰু সেইটোৱেই আছিল তেওঁলোকৰ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰথম অভিজ্ঞতা। ফলস্বৰূপে এই ছবিখনৰ প্ৰযোজক, পৰিচালক, অভিনেতা আৰু সমগ্ৰ দলটোক ঢাকাত আৰু এইদৰে বাংলাদেশতো চলচ্চিত্ৰ নিৰ্মাণৰ পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়।[3]
ছবিখনৰ মাত্ৰ এটা ৰীলহে নিৰ্মাণ কৰা হৈছিল। দুৰ্ভাগ্যজনকভাৱে ছবিখন ৰাজহুৱা ভাবে কেতিয়াও প্ৰদৰ্শননহ’ল। কিন্তু কেইটামান ব্যক্তিগত প্ৰদৰ্শন হৈছিল।[4]
কেৱল সুকুমাৰীৰ এখন স্থিৰচিত্ৰহে বাংলাদেশ ফিল্ম আৰ্কাইভে সংৰক্ষিত কৰিছে।[5]
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]ছবিখন সফলতাৰে নিৰ্মাণ কৰাৰ পিছত ছবিখনৰ সৈতে জড়িত ঢাকাৰ নবাব পৰিয়ালৰ কিছুমান সাংস্কৃতিক মনোভাৱৰ যুৱ ব্যক্তিয়ে ঢাকাত প্ৰথমখন ছবি নিৰ্মাণৰ উদ্যোগ লৈ ঢাকা ইষ্ট বেংগল চিনেমেট’গ্ৰাফ ছ’চাইটি নামৰ এটা সংস্থা স্থাপন কৰে, যিটো বাংলাদেশৰ প্ৰথমখন ছবি নিৰ্মাণকাৰী সংস্থা আছিল। তেওঁলোকৰ প্ৰচেষ্টাৰ ফলত ঢাকাৰ আধাৰত নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি দ্য লাষ্ট কিছ পিছলৈ নিৰ্মাণ কৰা হয়[6] আৰু ১৯৩১ চনত মুক্তি পায়। ইয়াক ঢাকাৰ নবাব পৰিয়ালেও প্ৰস্তুত কৰিছিল।[7][8][9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "মনে আছে কি?" (bn ভাষাত). Prothom Alo. 2014-06-19. https://www.prothomalo.com/entertainment/%E0%A6%AE%E0%A6%A8%E0%A7%87-%E0%A6%86%E0%A6%9B%E0%A7%87-%E0%A6%95%E0%A6%BF-3। আহৰণ কৰা হৈছে: 2024-06-28.
- ↑ বাংলাদেশেৰ চলচ্চিত্ৰ নিয়ে কিছু জানা কথা সাঁচ:Web archive, Tapan Bagchi
- ↑ "ঢাকাই চলচ্চিত্ৰেৰ শুৰুৰ সময়". http://www.kalerkantho.com/?view=details&archiev=yes&arch_date=24-11-2010&feature=yes&type=gold&data=Car&pub_no=341&cat_id=3&menu_id=82&news_type_id=1&index=10,। আহৰণ কৰা হৈছে: 12 July 2012.
- ↑ Huq, Sabiha; Mukherjee, Srideep (21 January 2020). "Guns in Bangla cinema across borders: perspectives on cultural evolution" (en ভাষাত). Palgrave Communications খণ্ড 6 (1): 1–12. doi:10.1057/s41599-019-0379-6. ISSN 2055-1045.
- ↑ "Dhaka Nawab Family and Film". Nawab Barinawabbari.com. http://www.nawabbari.com/main_arts.html?string=lastKiss.html। আহৰণ কৰা হৈছে: 1 December 2014.
- ↑ "Did you know? First Pakistani silent movie makes it to international film fests". The Express Tribune. http://tribune.com.pk/story/611929/did-you-know-first-pakistani-silent-movie-makes-it-to-international-film-fests/.
- ↑ "Dhaka Nawab Family and Film". Nawab Barinawabbari.com. http://www.nawabbari.com/main_arts.html?string=lastKiss.html। আহৰণ কৰা হৈছে: 1 December 2014.
- ↑ "Did you know? First Pakistani silent movie makes it to international film fests". The Express Tribune. http://tribune.com.pk/story/611929/did-you-know-first-pakistani-silent-movie-makes-it-to-international-film-fests/.
- ↑ Sharma, Anukrati (5 August 2019) (en ভাষাত). Sustainable Tourism Development: Futuristic Approaches. CRC Press. পৃষ্ঠা. 117. ISBN 978-0-429-67478-5. https://books.google.com/books?id=xuCsDwAAQBAJ&pg=PA117.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সুকুমাৰী (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।