সুখদা প্ৰীতম
Sukhda Pritam | |
---|---|
বিচাৰক | |
কাৰ্যকাল ১৩ এপ্ৰিল ২০১১ – বৰ্তমানলৈকে | |
উচ্চতম ন্যায়ালয়ৰ বিচাৰক | |
কাৰ্যকাল ছেপ্তেম্বৰ ২০০৪ – জানুৱাৰী ২০১১ | |
ব্যক্তিগত তথ্য | |
জন্ম | ১ জুন, ১৯৮২ (৪২ বছৰ) কুৰুক্ষেত্ৰ জিলা, হাৰিয়ানা, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃ | মায়া প্ৰীতম |
পিতৃ | ন্যায়াধীশ প্ৰীতম পাল |
শিক্ষানুষ্ঠান | পঞ্জাব বিশ্ববিদ্যালয়, চণ্ডীগড় |
পেচা | বিচাৰক |
পুৰস্কাৰ | শ্ৰেষ্ঠ এথলিট, এল এল বি আৰু এল এল এমত সোণৰ পদকপ্ৰাপ্ত |
সুখদা প্ৰীতম (ইংৰাজী: Sukhda Pritam) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰৰ সঞ্চালিকা হিচাপে কৰ্মৰত। ২০২০-২১ চনত তেওঁ হাৰিয়ানা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ যুটীয়া সদস্য সচিব হিচাপে থাকে। ইয়াৰ উপৰিও তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত দুবছৰ উপ-পঞ্জীয়ক(ন্যায়িক) আছিল।[1] হাৰিয়ানা কেডাৰৰ পৰা তেওঁ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ। ইয়াৰ পূৰ্বে ২০১৬ চনৰ ১৯ এপ্ৰিলৰ পৰা জিলা আদালত শোণিপতত অতিৰিক্ত দেৱানী ন্যায়াধীশ (জ্যেষ্ঠ) বিভাগ সহ ন্যায়িক দণ্ডাধীশ হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল।[2] তেওঁৰ পিতৃ ন্যায়াধীশ প্ৰীতম পাল উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু পিছত তেওঁক হাৰিয়ানাৰ দুৰ্নীতি বিৰোধী ন্যায়াধীশ লোকায়ুক্ত হিচাপে নিযুক্তি দিয়া হয়। লোকায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁৰ পিতৃয়ে ২০১৬ চনৰ ১৮ জানুৱাৰীত সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ২০১৬ চনৰ ১৩ এপ্ৰিলত তেওঁক চণ্ডীগড়ৰ পৰা শোণিপতলৈ বদলি আৰু পদোন্নতি দিয়া হয়।[3]
বিচাৰক
[সম্পাদনা কৰক]ন্যায়াধীশ হিচাপে যোগদান কৰি পঞ্চকুলা জিলা আদালতত সুখদা প্ৰীতমে নিযুক্তি লাভ কৰে। তাত প্ৰায় ৬ মাহ সময় কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ পিছত তেওঁক ডেপুটেচনত চণ্ডীগড় জিলা আদালতলৈ বদলি কৰা হয়[4]য'ত তেওঁ ২০১৬ চনৰ এপ্ৰিল মাহলৈকে কাৰ্যনিৰ্বাহ কৰে। তেখেতক কঠোৰ অনুশাসনৰ ন্যায়াধীশ হিচাপে জনা গৈছিল[5][6]৷ দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে জিলা আদালত চণ্ডীগড়ত ভিডিঅ' কনফাৰেন্সিং আৰম্ভ কৰা ন্যায়াধীশসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।[7]তেওঁ হাৰিয়ানাৰ এইচ জে চিৰ প্ৰতিষ্ঠাপক কুলদীপ বিষ্ণোইৰ বিচাৰকে ধৰি বহু হাই-প্ৰফাইল গোচৰ চম্ভালিছিল। পিছলৈ কুলদীপ বিষ্ণোইৰ অভিযোগ খাৰিজ কৰা হয়।[8]২০১৫ চনত তেওঁ এজন অভিযুক্তৰ চিকিৎসা পৰীক্ষাৰ নিৰ্দেশ দিয়ে যি জিম্মাত থকাৰ সময়ত চণ্ডীগড় আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।[9] অভিযুক্তৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে তেওঁক সমগ্ৰ অঞ্চলতে প্ৰশংসা কৰা হৈছিল।[10] মানৱ সৰবৰাহৰ সন্দৰ্ভত পঞ্জাৱৰ ৰাজ্যপাললৈ লিখা পত্ৰখনৰ বাবেও তেওঁক প্ৰশংসা কৰা হয় যাৰ বাবে চণ্ডীগড়ত সৰবৰাহৰ এক বৃহৎ কেলেংকাৰী বন্ধ হৈ পৰে। চণ্ডীগড়ৰ ঐতিহ্যমণ্ডিত আচবাব চুৰি কৰাৰ অভিযুক্তক তেওঁৰ সন্মুখত হাজিৰ কৰা হয়।[11]
অধিবক্তা হিচাপে
[সম্পাদনা কৰক]ড° সুখদা প্ৰীতমে ন্যায়পালিকাত নিৰ্বাচিত হোৱাৰ পূৰ্বে ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মুখত অধিবক্তা হিচাপে কাম কৰিছিল। উচ্চতম ন্যায়ালয়ত কেইদিনমানৰ বাবে কৰ্মৰত হৈ থকাৰ সময়ছোৱাত তেওঁ হাৰিয়ানা ৰাজ্যৰ ষ্টেণ্ডিং অধিবক্তা আছিল আৰু তেওঁৰ বহুতো ৰায়দানৰ কৃতিত্বৰ পাত্ৰ।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "National Green Tribunal". http://www.greentribunal.gov.in/dy_reg.aspx। আহৰণ কৰা হৈছে: 30 January 2019.
- ↑ "History of Courts". Ecourts.gov.in. http://ecourts.gov.in/sonipat/history। আহৰণ কৰা হৈছে: 2016-09-23.
- ↑ "एक सप्ताह में ज्यूडिशियरी में दूसरा बड़ा फेरबदल, 199 जजों के तबादले". http://www.amarujala.com/chandigarh/199-judges-of-district-level-courts-of-haryana-transferred.
- ↑ "About District Court". Ecourts.gov.in. http://ecourts.gov.in/chandigarh। আহৰণ কৰা হৈছে: 2016-09-23.
- ↑ "महात्मा गांधी के अपमान पर मोदी और मेहरा के वकील अदालत में देंगे जवाब" (Hindi ভাষাত). www.bhaskar.com. 2014-04-09. http://www.bhaskar.com/news/c-3-956969-NOR.html। আহৰণ কৰা হৈছে: 2016-09-23.
- ↑ "Court frames charges against Kuldeep Bishnoi, 26 others in assault case". Timesofindia.indiatimes.com. http://timesofindia.indiatimes.com/india/Court-frames-charges-against-Kuldeep-Bishnoi-26-others-in-assault-case/articleshow/39326526.cms। আহৰণ কৰা হৈছে: 2016-09-23.
- ↑ "The Tribune". http://www.tribuneindia.com/2012/20121123/cth1.htm#2। আহৰণ কৰা হৈছে: 2015-01-16.
- ↑ "Kuldeep Bishnoi, 24 party men to be tried for damaging property as well". Hindustan Times. Archived from the original on 2015-06-13. https://web.archive.org/web/20150613210814/http://www.hindustantimes.com/haryana/kuldeep-bishnoi-24-party-men-to-be-tried-for-damaging-property-as-well/article1-1349418.aspx। আহৰণ কৰা হৈছে: 2016-09-23.
- ↑ http://cslra.in/wp-content/uploads/2015/09/Hindustan_Times_Chandigarh2015-09-06_page311.pdf Archived 2016-05-07 at the Wayback Machine সাঁচ:Bare URL PDF
- ↑ "Life beyond ordinary". Therebelindian.com. Archived from the original on 2016-06-04. https://web.archive.org/web/20160604012258/http://therebelindian.com/2016/02/life-beyond-ordinary/। আহৰণ কৰা হৈছে: 2016-09-23.
- ↑ "Dozen scrap dealers from city had links in Mumbai - dailypost.in". dailypost.in. Archived from the original on 10 May 2016. https://web.archive.org/web/20160510065741/http://dailypost.in/regions/chandigarh/55967-dozen-scrap-dealers-from-city-had-links-in-mumbai.html। আহৰণ কৰা হৈছে: 17 January 2022.
- ↑ "Anoop Sharma vs Exec.Eng.Pub.Health Division". Indiankanoon.org. http://indiankanoon.org/doc/1702768/। আহৰণ কৰা হৈছে: 2016-09-23.