সমললৈ যাওক

সুখবংশ কৌৰ বিন্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সুখবংশ কৌৰ বিন্দৰ(১৯৪৩–২০০৬) ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ দেশৰ একমাত্ৰ মহিলা যি ছবাৰকৈ দেশৰ সংসদলৈ নিৰ্বাচিত হৈছে৷ [1]তাৰে ভিতৰত তেওঁ পাঁচবাৰ লোকসভাৰ সাংসদ আৰু এবাৰ ৰাজ্যসভাৰ সাংসদ হৈছিল। ১৯৮০, ১৯৮৫, ১৯৮৯, ১৯৯২ আৰু ১৯৯৬ চনত পঞ্জাৱৰ গুৰদাসপুৰৰ পৰা তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল।[2]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৪৩ চনৰ ১৪ ছেপ্টেম্বৰত লয়ালপুৰত (বৰ্তমান পাকিস্তানত) অৰ্জন সিঙৰ কন্যা হিচাপে সুখবংশৰ জন্ম হৈছিল। মাছুৰীৰ জিছুছ এণ্ড মেৰী কনভেণ্টত তেওঁ পঢ়িবলৈ গৈছিল আৰু পিছলৈ চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সুখবংশ আছিল এগৰাকী কৃষিবিদ, ৰাজনৈতিক আৰু সমাজকৰ্মী। ১৯৮০ চনত প্ৰথমবাৰৰ বাবে সপ্তম লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল। ১৯৮৫ চনত দ্বিতীয়বাৰৰ বাবে অষ্টম লোকসভালৈ আৰু তাৰ পিছত ১৯৮৯ চনত নৱম লোকসভালৈ, ১৯৯২ চনত দশম লোকসভালৈ আৰু ১৯৯৬ চনত একাদশ লোকসভালৈ পুনৰ নিৰ্বাচিত হয়।[2] ১৯৯৭ চনত লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ অভিনেতা পৰিণত হোৱা ৰাজনীতিবিদ বিনোদ খান্নাই তেওঁক পৰাস্ত কৰে।[3]

২০০৫ চনত তেওঁ ৰাজ্যসভালৈ মনোনীত হয়।[3]

১৯৮১–৮২ চনৰ পৰা ১৯৬১ চনৰ তেওঁ যৌতুক নিষেধাজ্ঞা পৰীক্ষাৰ যৌথ সমিতিৰ সদস্য মনোনীত হয়৷ ১৯৯২ চনৰ জুলাইৰ পৰা ১৯৯৬ চনৰ মে' মাহলৈকে তেওঁ পৰ্যটন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক অসামৰিক বিমান পৰিবহণ আৰু পৰ্যটন বিভাগৰ সদস্য আছিল।[2]

সমাজসেৱা আৰু নাৰীৰ উত্থানৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। আইটিডিচি আৰু ইষ্ট ইণ্ডিয়া হোটেলৰ সৈতেও কাৰ্যবাহী হিচাপে কাম কৰিছিল আৰু পেৰিছত হোটেল কাৰ্যবাহী হিচাপে প্ৰশিক্ষণ লৈছিল।[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৬১ চনৰ ১২ অক্টোবৰত সুখবংশৰ আইপিএছৰ প্ৰাক্তন বিষয়া প্ৰীতম সিং ভিন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু দুয়োৰে দুগৰাকী কন্যা সন্তান আছে।[1] তেওঁ পঞ্জাৱৰ গুৰদাসপুৰত বাস কৰিছিল।[2] কেইবামাহো ধৰি গেষ্ট্ৰিক ৰোগত আক্ৰান্ত হোৱাৰ বাবে ২০০৬ চনৰ ১৫ ডিচেম্বৰত ৬৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[3][4][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Mrs Bhinder only woman to become MP six times". news.webindia123.com. https://news.webindia123.com/news/articles/India/20061215/538825.html। আহৰণ কৰা হৈছে: 2017-07-29. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "lspn05". 164.100.47.194. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/2924.htm। আহৰণ কৰা হৈছে: 2017-07-29. 
  3. 3.0 3.1 3.2 "Congress` Rajya Sabha MP Sukhbans Kaur Bhinder dead" (en ভাষাত). Zee News. 2006-12-15. http://zeenews.india.com/home/congress-rajya-sabha-mp-sukhbans-kaur-bhinder-dead_342269.html. 
  4. "Former Cong leader Bhinder cremated" (en ভাষাত). www.hindustantimes.com/. 2006-12-16. http://www.hindustantimes.com/india/former-cong-leader-bhinder-cremated/story-K2MbpGtbQC2icjgOsah5MI.html. 
  5. "The Tribune, Chandigarh, India – Main News". www.tribuneindia.com. http://www.tribuneindia.com/2006/20061216/main7.htm। আহৰণ কৰা হৈছে: 2017-07-29.