সুগন্ধা গাৰ্গ
| সুগন্ধা গাৰ্গ | |
|---|---|
২০১২ চনত সুগন্ধা গাৰ্গ | |
| জন্ম | মিৰাট, উত্তৰ প্ৰদেশ, ভাৰত |
| অন্য নাম | সুগন্ধা ৰাম |
| পেচা | অভিনেত্ৰী, টিভি হষ্ট, গায়িকা, পৰিচালিকা, ফটোগ্ৰাফাৰ |
| সক্ৰিয় হৈ থকা সময় | ২০০৮–২০২৩ |
| দাম্পত্যসঙ্গী | ৰঘু ৰাম (বি. ২০০৬; বিবি. ২০১৮)[1] |
সুগন্ধা গাৰ্গ এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন সঞ্চালিকা।[2] তেওঁক শেহতীয়াকৈ ভাৰতীয় ৱেব ছিৰিজ গীল্টি মাইণ্ডছত দেখা গৈছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]গাৰ্গে ২০০৮ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ জানে তু... য়া জানে নাত শ্বালিনৰ চৰিত্ৰত অভিনয় কৰিছিল।[3][4] তেওঁ ২০০৯ চনৰ ১৯ জুনত মুক্তি পোৱা লেট্ছ ডান্স ছবিত গায়ত্ৰী পেটেলৰ ঘনিষ্ঠ বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু মাই নেম ইজ খানত এগৰাকী ছাত্ৰী সংবাদদাতা হিচাপে ভূমুকি মাৰিছিল। ২০১০ চনৰ ১৬ জুলাইত মুক্তি পোৱা তেৰে বিন লাডেন ছবিত তেওঁ মেকআপ আৰ্টিষ্ট জয়াৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৯ চনত তেওঁ ব্ৰিটিছ কমেডী ধাৰাবাহিক মুম্বাই কলিংৰ ৭টা খণ্ডত এগৰাকী কল চেণ্টাৰ কৰ্মচাৰী হিচাপে কাম কৰিছিল। ২০১২ চনত তেওঁক পতংগ ছবিত দেখা গৈছিল।
তেওঁৰ পৰৱৰ্তী ছবিসমূহৰ ভিতৰত আছে সন্তোষ চিভানৰ চিলন, শেফালী ভূষণৰ জুগনী, তেৰে বিন লাডেনৰ চিকুৱেল আৰু মনু ৱাৰিয়াৰৰ কফী ব্লুম।[5] চিলন (তামিলত ইনাম) ছবিত তেওঁ এগৰাকী শ্ৰীলংকান শৰণাৰ্থীৰ চৰিত্ৰত অভিনয় কৰিছে।[6] ছবিখনত তেওঁৰ অভিনয় সম্পৰ্কে চিভানে মন্তব্য কৰিছিল যে "সুগন্ধাই যি কৰি দেখুৱালে তেনে অভিনয় আন কোনেও কৰিব নোৱাৰিলেহেঁতেন।" [7][8][9]
গাৰ্গে টেলিভিছনত কাম কৰাৰ লগতে কেইবাটাও অনুষ্ঠান পৰিচালনা কৰিছে। ১৮ বছৰ বয়সতে তেওঁ বিবিচিৰ বাবে হাথ চে হাথ মিলা নামৰ অনুষ্ঠানটো পোনপ্ৰথমবাৰৰ বাবে সঞ্চালনা কৰিছিল।[10] পৰৱৰ্তী সময়ত তেওঁ ইন্দ্ৰাণী দাসগুপ্তৰ সৈতে ৱাট্ছ উইথ ইণ্ডিয়ান মেন[2] আৰু ফক্স ট্ৰেভেলাৰত ইট হেপেনছ অনলী ইন ইণ্ডিয়াৰ দ্বিতীয়টো ছিজন সঞ্চালনা কৰিছিল।[11] তেওঁ আই হেভ গন মাৰ্কিং আৰু চামটাইমছ নামৰ নাটকত অভিনয় কৰিছে।[12] তেওঁ এমটিভিৰ কোক ষ্টুডিঅ' ছিজন ২ত পাপনৰ সৈতে অসমীয়া গীত "টোকৰী" পৰিৱেশন কৰিছিল।
তেওঁ আৰ্যা নামৰ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত থকা সুস্মিতা সেনৰ চৰিত্ৰটোৰ ঘনিষ্ঠ বান্ধৱী হিনা খানৰ চৰিত্ৰত অভিনয় কৰিছিল।[13] এই ধাৰাবাহিকখনত তেওঁ সংগ্ৰামৰ প্ৰেমিকা আৰু জীতৰ মাতৃৰ চৰিত্ৰতো অভিনয় কৰিছে।[14][15]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]
গাৰ্গে দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[16] গাৰ্গে ২০০৬ চনত টেলিভিছন প্ৰযোজক তথা এমটিভি ৰিয়েলিটি শ্ব’ৰ সঞ্চালক ৰঘু ৰামৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।[17] ২০১৮ চনৰ ৩০ জানুৱাৰীত তেওঁলোকৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ ঘটে।[18][19][20]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৮ | জানে তু... য়া জানে না | শালিন | |
| ২০০৯ | লেট্ছ ডান্স | অনুষ্কা | |
| ২০০৯ | মুম্বাই কলিং | টিভি ধাৰাবাহিক | |
| ২০১০ | মাই নেম ইজ খান | কোমল (সংবাদদাতা) | |
| ২০১০ | তেৰে বিন লাডেন | জয়া খান | |
| ২০১১ | পতংগ | প্ৰিয়া | |
| ২০১৪ | চিলন | ৰজিনী | ইংৰাজী-তামিল ছবি |
| ২০১৫ | কফী ব্লুম | অনিকা | |
| ২০১৬ | তেৰে বিন লাডেন ২ | জয়া খান | |
| ২০১৬ | জুগনী | বিভাৱৰী |
ৱেব ছিৰিজ
[সম্পাদনা কৰক]| বৰ্ষ | ছিৰিজ | চৰিত্ৰ | ভাষা | প্লেটফৰ্ম | টোকা |
|---|---|---|---|---|---|
| ২০২০–২০২৪ | আৰ্যা | হিনা খান | হিন্দী | ডিজনী+ হটষ্টাৰ | |
| ২০২১ | গীল্টি মাইণ্ডছ | বন্দনা কাঠপালিয়া | হিন্দী | এমেজন প্ৰাইম ভিডিও | [21] |
টেলিভিছন
[সম্পাদনা কৰক]| বৰ্ষ | ছিৰিজ | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ২০০৩ | হাথ চে হাথ মিলা | সহ-সঞ্চালিকা | ইংৰাজী | দূৰদৰ্শনৰ বাবে [22][9] |
| ২০১১ | ৱাট্ছ উইথ ইণ্ডিয়ান মেন | সহ-সঞ্চালিকা | ইংৰাজী | ফক্স হিষ্ট্ৰী এণ্ড ট্ৰেভেলাৰৰ মৌলিক ছিৰিজ [23] |
সংগীতপঞ্জী
[সম্পাদনা কৰক]| বৰ্ষ | শীৰ্ষক | বেণ্ড/একক | সহ-গায়ক | গীতিকাৰ |
|---|---|---|---|---|
| ২০১২ | টোকৰী | কোক ষ্টুডিঅ' @ এমটিভি ছিজন ২ | পাপন[24] | |
| ২০২২ | গালিব | একক | সুগন্ধা গাৰ্গ[25] | |
| ২০২২ | চৱাল | একক | সুগন্ধা গাৰ্গ[26] | |
| ২০২৩ | মজ্জাক | একক | সুগন্ধা গাৰ্গ |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Chaurasia, Ankita (6 January 2016). "Reason behind Raghu Ram-Sugandha Garg's divorce revealed". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Reason-behind-Raghu-Ram-Sugandhaa-Gargs-divorce-revealed/articleshow/50465654.cms। আহৰণ কৰা হৈছে: 6 September 2016.
- 1 2 Rajan, Amrita (13 July 2011). "What's With Indian Men?" (en ভাষাত). Women's Web. Archived from the original on 28 May 2024. https://web.archive.org/web/20240528165856/https://www.womensweb.in/articles/indrani-dasgupta-sugandha-garg-interview/। আহৰণ কৰা হৈছে: 31 July 2024.
- ↑ "Jaane Tu...Ya Jaane Na Theatrical Release". http://www.cduniverse.com/productinfo.asp?pid=7712751। আহৰণ কৰা হৈছে: 8 February 2010.
- ↑ "When Theatre Met Television: 5 Bollywood Actors Who Found Their Love On TV" (en ভাষাত). HerZindagi English. 13 November 2023. https://www.herzindagi.com/celebrities/bollywood-actors-who-married-tv-personalities-bipasha-basu-ayushmann-khurana-article-250374। আহৰণ কৰা হৈছে: 31 July 2024.
- ↑ "'It's MyTime'". Hindustan Times. 18 February 2014. Archived from the original on 20 March 2014. https://web.archive.org/web/20140320191204/http://www.hindustantimes.com/punjab/chandigarh/it-s-mytime/article1-1185184.aspx। আহৰণ কৰা হৈছে: 20 March 2014.
- ↑ "Supporting actors turn heroes in Tamil films". The Times of India. http://timesofindia.indiatimes.com/Entertainment/Tamil/Movies/News-Interviews/Supporting-actors-turn-heroes-in-Tamil-films/articleshow/32303460.cms। আহৰণ কৰা হৈছে: 20 March 2014.
- ↑ Sudhish Kamath (16 November 2013). "A special point of view". The Hindu. Archived from the original on 27 March 2014. https://web.archive.org/web/20140327034214/http://www.thehindu.com/features/cinema/a-special-point-of-view/article5358064.ece.
- ↑ "In conflict zone" (en-IN ভাষাত). The Hindu. 27 March 2014. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/in-conflict-zone/article5839112.ece.
- 1 2 Yolande D'Mello (6 April 2014). "Reluctant diva" (en ভাষাত). Mumbai Mirror. https://mumbaimirror.indiatimes.com/others/sunday-read/reluctant-diva/articleshow/33300664.cms.
- ↑ "My next is an international film: Sugandha". The Times of India. 18 December 2010. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/My-next-is-an-international-film-Sugandha/articleshow/7116626.cms.
- ↑ "Girl on the Go - Indian Express". The Indian Express. 14 May 2012. http://archive.indianexpress.com/news/girl-on-the-go/948901/0। আহৰণ কৰা হৈছে: 20 March 2014.
- ↑ "A playful weekend in Kolkata". The Times of India. 27 November 2007. http://timesofindia.indiatimes.com/life-style/parties/kolkata/A-playful-weekend-in-Kolkata/articleshow/2572814.cms?referral=PM। আহৰণ কৰা হৈছে: 20 March 2014.
- ↑ IANS, IANS (31 October 2023). "Maya Sarao loved her character's 'no-nonsense attitude' in 'Aarya 3'". ianslive.in. https://ianslive.in/fwd-maya-sarao-loved-her-characters-no-nonsense-attitude-in-aarya-3--20231031141205। আহৰণ কৰা হৈছে: 31 July 2024.
- ↑ Srivastava, Soumya (12 December 2021). "Aarya 2: Sushmita Sen finally breaks bad, but takes 7 long, boring episodes to get there". https://www.hindustantimes.com/entertainment/web-series/aarya-2-sushmita-sen-finally-breaks-bad-but-takes-7-long-boring-episodes-to-get-there-101639203159073.html.
- ↑ Sharma, Suparna (28 June 2020). "Aarya review | Yes, women’s heads and feet turn in rage" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/entertainment/movie-reviews/280620/aarya-review-yes-womens-heads-and-feet-turn-in-rage.html। আহৰণ কৰা হৈছে: 31 July 2024.
- ↑ "I will always be a Delhi girl, says Sugandha Garg". Movies.ndtv.com. 10 May 2012. http://movies.ndtv.com/bollywood/i-will-always-be-a-delhi-girl-says-sugandha-garg-209120। আহৰণ কৰা হৈছে: 20 March 2014.
- ↑ Ghosh, Debasmita (4 May 2012). "Sugandha wants to act with Raghu". Hindustan Times. প্ৰকাশক New Delhi. Archived from the original on 27 January 2013. https://web.archive.org/web/20130127012849/http://www.hindustantimes.com/Entertainment/Tabloid/Sugandha-wants-to-act-with-Raghu/Article1-850658.aspx। আহৰণ কৰা হৈছে: 7 December 2014.
- ↑ "Break In marriage". 5 January 2016. http://www.hindustantimes.com/tv/it-is-best-for-me-and-my-wife-to-stay-friends-raghu-ram/story-SKHagzGS6z373aInTSmTkN.html.
- ↑ "Sugandha Garg, Raghu Ram Are 'Still Each Other's Support System'". NDTV.com. https://www.ndtv.com/entertainment/sugandha-garg-raghu-ram-are-still-each-others-support-system-1264117। আহৰণ কৰা হৈছে: 31 July 2024.
- ↑ "Raghu Ram-Sugandha Garg end their marriage, announce their 'divorce goals'". 30 January 2018. https://www.hindustantimes.com/tv/raghu-ram-sugandha-garg-end-their-marriage-announce-their-divorce-goals/story-a4W2mRHKMFIYuKVE9RaavJ.html.
- ↑ Desai, Rahul (25 April 2023). "Guilty Minds, On Amazon Prime Video, Breaks The Echo Chamber And Raises The Bar" (en ভাষাত). filmcompanion.in. https://www.filmcompanion.in/reviews/streaming-reviews/guilty-minds-web-series-review-amazon-prime-breaks-the-echo-chamber-and-raises-the-bar। আহৰণ কৰা হৈছে: 14 December 2023.
- ↑ "6 TV Actors Who Should Act In More Bollywood Films As They Have Insane Talent" (en-IN ভাষাত). MensXP. 12 July 2020. https://www.mensxp.com/entertainment/bollywood/78279-6-tv-actors-who-should-act-in-more-bollywood-films-as-they-have-insane-talent.html। আহৰণ কৰা হৈছে: 31 July 2024.
- ↑ "The mind of the Indian man" (en ভাষাত). The New Indian Express. 16 May 2012. https://www.newindianexpress.com/entertainment/2011/Jun/03/the-mind-of-the-indian-man-259238.html। আহৰণ কৰা হৈছে: 31 July 2024.
- ↑ "10 of the Biggest Hits of Coke Studio India" (en ভাষাত). news18.com. https://www.news18.com/web-stories/entertainment/10-of-the-biggest-hits-of-coke-studio-india-1119951/। আহৰণ কৰা হৈছে: 14 December 2023.
- ↑ India, Rolling Stone (22 September 2022). "#RSDailyMusic: Here's What We're Listening to Today" (en-US ভাষাত). Rolling Stone India. https://rollingstoneindia.com/rsdailymusic-heres-what-were-listening-to-today-388/। আহৰণ কৰা হৈছে: 14 December 2023.
- ↑ Hungama, Bollywood (4 July 2023). "15 Years of Jaane Tu Ya Jaane Na EXCLUSIVE: Sugandha Garg admits that her character Shaleen was gay" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/news/features/15-years-jaane-tu-ya-jaane-na-exclusive-sugandha-garg-admits-character-shaleen-gay-girls-trying-figure-sexual-preferences-always-come/। আহৰণ কৰা হৈছে: 14 December 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সুগন্ধা গাৰ্গ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- সুগন্ধা গাৰ্গ সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য