সমললৈ যাওক

সুগন্ধা মিশ্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুগন্ধা মিশ্ৰা
সুগন্ধা মিশ্ৰা
দ্য ড্ৰামা কোম্পানীৰ সংবাদ-মেলত সুগন্ধা
জন্ম ২৩ মে', ১৯৮৮ (৩৭ বছৰ)
জলন্ধৰ, পঞ্জাব, ভাৰত
পেচা অভিনেত্ৰী, নেপথ্য গায়িকা, টেলিভিছন পৰিৱেশিকা, কৌতুক অভিনেত্ৰী, ৰেডিঅ' জকী
সক্ৰিয় হৈ থকা সময় ২০০৮–বৰ্তমান
দাম্পত্যসঙ্গী সংকেত ভোচলে[1] (বি. ২০২১)
সন্তান

সুগন্ধা সন্তোষ মিশ্ৰা (ইংৰাজী: Sugandha Santosh Mishra; জন্ম: ২৩ মে' ১৯৮৮) ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন জগতৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, নেপথ্য গায়িকা, টেলিভিছন পৰিৱেশিকা, কৌতুক অভিনেত্ৰী আৰু ৰেডিঅ' জকী। তেওঁ দ্য কপিল শৰ্মা শ্ব' ত কৰা অভিনয়ৰ বাবে পৰিচিত। টেলিভিছন ৰিয়েলিটী শ্ব' দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জত কৰা অভিনয়ৰ বাবেও তেওঁ বিশেষভাৱে চৰ্চিত হৈছিল।[2][3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

সুগন্ধা মিশ্ৰাৰ জন্ম ১৯৮৮ চনৰ ২৩ মে'ত পঞ্জাবৰ জলন্ধৰত হৈছিল। তেওঁৰ পিতৃ-মাতৃ হ'ল সন্তোষ মিশ্ৰা আৰু সবিতা মিশ্ৰা। তেওঁ অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয় আৰু জলন্ধৰৰ এপিজে কলেজ অৱ ফাইন আৰ্টছত নামভৰ্তি কৰিছিল, য'ৰপৰা তেওঁ সংগীতত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। শৈশৱৰেপৰাই তেওঁ সংগীতৰ প্ৰতি আকৰ্ষিত আছিল কিয়নো তেওঁৰ পৰিয়াল ইন্দোৰ ঘৰানাৰ অন্তৰ্গত। তেওঁ তেওঁৰ পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ কণ্ঠশিল্পী; তেওঁ নিজৰ ককাক পণ্ডিত শংকৰ লাল মিশ্ৰাৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল যি ওস্তাদ আমিৰ খান চাহিবৰ শিষ্য আছিল। তেওঁ ২০২৩ চনৰ ১৪৯ তম হৰিবল্লভ সংগীত সন্মিলনত সংগীত পৰিৱেশন কৰিছে।[4]

২০২১ চনৰ ২৬ এপ্ৰিলত তেওঁ সহ-অভিনেতা তথা কৌতুক অভিনেতা সংকেত ভোচলেৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[5][6] ২০২৩ চনৰ ১৫ ডিচেম্বৰত তেওঁলোকৰ কন্যা সন্তান ইহানাৰ জন্ম হয়।

কেৰিয়াৰ

[সম্পাদনা কৰক]

সুগন্ধাই ৰেডিঅ' জকী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ভাৰতৰ বিগ এফএম ৯২.৭-ত কাম কৰিছিল। তাৰ পিছত তেওঁ কণ্ঠশিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰে আৰু বহুতো জিঙ্গল, ভজনৰ লগতে বিভিন্ন তথ্যচিত্ৰ, নাটক আৰু চুটি ছবিত গীত গাইছিল। তেওঁ বিখ্যাত টিভি ৰিয়েলিটী শ্ব' সা ৰে গা মা পা ছিংগিং ছুপাৰষ্টাৰত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু অনুষ্ঠানটোত তৃতীয় ৰানাৰ্ছ-আপ হৈছিল। ইয়াৰ পিছত তেওঁ টিভি কমেডী শ্ব' দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জত অংশগ্ৰহণ কৰি চূড়ান্ত প্ৰতিযোগীসকলৰ এজন হিচাপে পৰিগণিত হয়।

ইয়াৰ উপৰি তেওঁ শ্ৰী আৰু কামাল ধামাল মালামালৰ দৰে বলীউডৰ ছবিতো কণ্ঠদান কৰিছে। তেওঁ বহুতো অনুষ্ঠানৰ আঁত ধৰিছে।

২০১৪ চনত হিৰোপণ্তী ছবিৰ জৰিয়তে তেওঁ এটা সহযোগী চৰিত্ৰত অভিনয় কৰি ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰে। তেওঁ ডান্স প্লাছ, আইপিএল এক্সট্ৰা ইনিং, বাল বীৰ, দ্য কপিল শৰ্মা শ্ব', দ্য ড্ৰামা কোম্পানী আদি বহুতো টিভি অনুষ্ঠানত অভিনয় কৰিছে।

তেওঁ ২০০৮ চনৰ ১৩৩ তম হৰিবল্লভ সন্মিলনত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ খেয়াল গায়ন, ঠুমৰী আৰু টপ্পাৰ জৰিয়তে এক সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The Kapil Sharma Show's Sugandha Mishra gets married to Sanket Bhosale in Ludhiana". Firstpost. 27 April 2021. https://www.firstpost.com/entertainment/the-kapil-sharma-shows-sugandha-mishra-gets-married-to-sanket-bhosale-in-ludhiana-9570391.html আহৰণ কৰা হৈছে: 27 April 2021.
  2. "I have developed a certain penchant for hosting television shows: Sugandha Mishra on doing Taare Zameen Par - Times of India" (en ভাষাত). 31 October 2020. https://timesofindia.indiatimes.com/tv/news/hindi/i-have-developed-a-certain-penchant-for-hosting-television-shows-sugandha-mishra-on-doing-taare-zameen-par/articleshow/78972448.cms.
  3. "Bigg Boss 14: Sugandha Mishra to Participate in Salman Khan's Show?" (en ভাষাত). News18. 2020-08-31. https://www.news18.com/news/movies/bigg-boss-14-sugandha-mishra-to-participate-in-salman-khans-show-2835045.html আহৰণ কৰা হৈছে: 2020-12-20.
  4. Ms. Sugandha Mishra Harivallabh Sangeet Sammelan 2023 (in ইংৰাজী). Retrieved 2024-05-05 via www.youtube.com.
  5. "Sugandha Mishra ties the knot with Sanket Bhosale, first picture of newlyweds shared by Preeti Simoes" (en ভাষাত). Hindustan Times. 27 April 2021. https://www.hindustantimes.com/entertainment/tv/sugandha-mishra-ties-the-knot-with-sanket-bhosale-first-picture-of-newlyweds-shared-by-preeti-simoes-101619498262770.html আহৰণ কৰা হৈছে: 27 April 2021.
  6. "The Kapil Sharma Show fame Sugandha Mishra and Dr. Sanket Bhosale get married; see photo of the newlywed couple" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/the-kapil-sharma-show-fame-sugandha-mishra-and-dr-sanket-bhosale-get-married-see-photo-of-the-newlywed-couple/articleshow/82268361.cms আহৰণ কৰা হৈছে: 27 April 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]