সুচিতা ত্ৰিবেদী
| সুচিতা ত্ৰিবেদী | |
|---|---|
২০১২ চনত সুচিতা ত্ৰিবেদী | |
| জন্ম | ২০ ছেপ্টেম্বৰ, ১৯৭৬ (৪৯ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৩–বৰ্তমান |
| দাম্পত্যসঙ্গী | নিগম পেটেল (বি. ২০১৮)[1] |
সুচিতা ত্ৰিবেদী (ইংৰাজী: Suchita Tribedi; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৭৬)[2][3] এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ হিন্দী দূৰদৰ্শনৰ নাটকত কৰা অভিনয়ৰ বাবে পৰিচিত। ষ্টাৰ প্লাছৰ ধাৰাবাহিক বা বহু আৰু বেবীত মীনাক্ষী থক্কৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁক বহুলভাৱে স্মৰণ কৰা হয়, যাৰ বাবে তেওঁ দুবাৰকৈ হাস্যৰসৰ চৰিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ভাৰতীয় টেলি বঁটা (Indian Telly Award for Best Actress in a Comic Role) লাভ কৰে, আৰু দুটাকৈ মনোনয়ন লাভ কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৭৬ চনৰ ২০ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত সুচিতা ত্ৰিবেদীৰ জন্ম হয়৷ তেওঁৰ পিতৃ অনিল ত্ৰিবেদী আৰু মাতৃ গীতা ত্ৰিবেদী৷ ২০১৮ চনৰ ২২ ছেপ্টেম্বৰত ৪২ বছৰ বয়সত নিগম পেটেলৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।[4]
ইনষ্টাগ্ৰামত তেওঁ ভাগবতৰা কৰা বিবাহৰ আলোকচিত্ৰ বহু প্ৰচাৰিত হৈ পৰিছিল।[5]
কৰ্মজীৱন
[সম্পাদনা কৰক]বলৱন্ত দুল্লাতে লিখা আৰু পৰিচালনা কৰা চুটি ছবি "এক সৱাল মুন্নী কা"ত ত্ৰিবেদীয়ে শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে আৰু এই ছবিখন ৰাষ্ট্ৰীয় দূৰদৰ্শনত বহুবাৰ প্ৰচাৰিত হয়। ছবিখনত তেওঁ চন্দা চৰিত্ৰত অভিনয় কৰিছিল।
ত্ৰিবেদীয়ে মূলতঃ ভাৰতীয় দূৰদৰ্শনত কাম কৰি আহিছে। ২০০৫ চনৰ পৰা ২০১০ চনলৈকে ষ্টাৰ প্লাছ হিন্দী চেনেলত প্ৰচাৰিত হেটছ অফ প্ৰডাকচনৰ ছুপাৰ হিট ধাৰাবাহিক বা বহু আৰু বেবীত মীনাক্ষী থক্কৰৰ কমিক চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। ২০১৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ চনৰ ৪ অক্টোবৰলৈকে লাইফ অ'কেত প্ৰচাৰিত হোৱা সাবিত্ৰী – এক প্ৰেম কাহানী নামৰ ভাৰতীয় কাল্পনিক নাটকৰ দূৰদৰ্শন ধাৰাবাহিকখনতো তেওঁ অভিনয় কৰিছে৷[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "'Baa Bahoo Aur Baby' fame Suchita Trivedi gets married, shares a beautiful message for her husband post wedding". The Times of India. 24 September 2018. https://timesofindia.indiatimes.com/tv/news/hindi/baa-bahoo-aur-baby-fame-suchita-trivedi-gets-married-shares-a-beautiful-message-for-her-husband-post-wedding/articleshow/65929812.cms.
- ↑ Chatters Few Matters with Suchita Trivedi (YouTube). GlitzVision USA. 1 October 2012.
- ↑ "Sucita Trivedi at Times of India". The Times of India. http://timesofindia.indiatimes.com/topic/Suchita-Trivedi.
- ↑ "Sucheeta Trivedi: There is no perfect age to get married - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/sucheeta-trivedi-there-is-no-perfect-age-to-get-married/articleshow/78221356.cms.
- ↑ "PHOTO: 42 की उम्र में शादी के बंधन में बंधीं 'खिचड़ी' की ये एक्ट्रेस, ऐसे बनीं दुल्हन". Hindustan. https://www.livehindustan.com/entertainment/tele-talk/story-khichdi-actress-suchita-trivedi-married-at-the-age-of-42-with-nigam-patel-2188208.html.
- ↑ Savitri-a fantasy mega series launched - The Times of India