সমললৈ যাওক

সুচিত্ৰা কৃষ্ণমূৰ্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুচিত্ৰা কৃষ্ণমূৰ্তি

সুচিত্ৰা ২০১৪ চনত
জন্ম ২৭ নৱেম্বৰ, ১৯৭৫ (৪৯ বছৰ)
বম্বে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অভিনেত্ৰী
  • গায়িকা
দাম্পত্যসঙ্গী শেখৰ কাপুৰ (বি. ভুল: অযোগ্য সময়এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ)
সন্তান
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ
বাদ্যযন্ত্ৰ কণ্ঠ
ৰেকৰ্ড লেবেল

সুচিত্ৰা কৃষ্ণমূৰ্তি (ইংৰাজী: : Suchitra Krishnamoorthi  ; জন্ম: ২৭ নৱেম্বৰ ১৯৭৫) হিন্দী চিনেমা, দক্ষিণভাৰতীয় চিনেমা আৰু টেলিভিছনৰ কৰ্মৰাজিৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু গায়িকা।[1][2][3][4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]
সুচিত্ৰা কৃষ্ণমূৰ্তি

১৯৭৪ চনৰ ৯ মাৰ্চত মহাৰাষ্ট্ৰৰ মুম্বাইত তেলেগু পৰিয়ালত সুচিত্ৰাই জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ভি কৃষ্ণমূৰ্তি আয়কৰৰ প্ৰাক্তন আয়ুক্ত আৰু মাতৃ ড° সুলোচন কৃষ্ণমূৰ্তি এগৰাকী ইতিহাসবিদ আৰু অধ্যাপিকা আছিল।[5][6][7][8] চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰৰ সৈতে সুচিত্ৰাৰ বিবাহ হৈছিল যদিও তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।[7][9] তেওঁলোকৰ কাবেৰী কাপুৰ নামৰ এগৰাকী কন্যা সন্তান আছে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

সুচিত্ৰাই ১৯৮৭–১৯৮৮ চনত স্কুলত পঢ়ি থকাৰ সময়তে টিভি ধাৰাবাহিক চুনাউটিৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ বিখ্যাত কমিক ষ্ট্ৰিপ পিনাটছৰ আধাৰত নিৰ্মিত মিউজিকেল পিনাটছ: দ্য মিউজিকেলৰ প্ৰযোজনাত অভিনয় কৰিছিল।[10] তেওঁ লুচি চৰিত্ৰত অভিনয় কৰিছিল।[11][12] তেওঁ পালমলিভ চাবোন, ক্লিয়াৰেচিল, ছানৰাইজ কফি, লিমকা আৰু কলগেট টুথপেষ্টৰ দৰে সামগ্ৰীৰ সমৰ্থনত টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল।[citation needed] ১৯৯৪ চনত শ্বাহৰুখ খানৰ বিপৰীতে ব্যৱসায়িক আৰু সমালোচকৰ প্ৰশংসিত হিট ছবি কাভি হা কভি নাৰ যোগেদি তেওঁৰ অগ্ৰগতি লাভ কৰে। মালয়ালম তাৰকা জয়ৰামৰ বিপৰীতে কিলুক্কাম্পেট্টি ছবিতো অভিনয় কৰিছিল।[[[]

১৯৯০ চনৰ মাজভাগৰ পৰা শেষৰ ফালে তেওঁ ড'ল ড'ল,[13] ডাম তাৰা, আহা আৰু জিন্দাগী পপ এলবাম মুকলি কৰে।[14] ১০ বছৰৰ পিছত তেওঁ অনিল কাপুৰৰ সৈতে মাই ৱাইফছ মাৰ্ডাৰ (২০০৫) ছবিৰ যোগেদি পুনৰ পৰ্দালৈ ঘূৰি আহে।[15] ২০১০ চনত ৰাম গোপাল বৰ্মাৰ পৰিচালনাত ভাৰতীয় সংবাদ মাধ্যমৰ ওপৰত নিৰ্মিত ছবি ৰণ মুক্তি পায়।[15] সুচিত্ৰই নলিনী কাশ্যপ নামৰ এগৰাকী সংবাদ মাধ্যমৰ কাৰ্যবাহীৰ চৰিত্ৰত অভিনয় কৰিছিল। [15]২০২২ চনত সুচিত্ৰাই নেটফ্লিক্সৰ সমালোচকৰ প্ৰশংসিত চিনেমা " The " Odd Couple" ত দিব্যেন্দু শৰ্মাৰ বিপৰীতে নিবেদিতাৰ চৰিত্ৰত অভিনয় কৰে।

সুচিত্রা কৃষ্ণমূৰ্তি এগৰাকী লেখিকাও, যাৰ মতামত প্ৰথমে তেওঁৰ ব্লগসমূহৰ জৰিয়তে জনসাধাৰণৰ দৃষ্টিগোচৰ হৈছিল। তেওঁ *www.intentblog.com*-ত ব্লগ লিখা আৰম্ভ কৰিছিল, য'ত দীপক চোপ্ৰাই তেওঁক নিজৰ মতামত ভাগ বতৰা কৰিবলৈ আমন্ত্ৰণ জনাইছিল। "Art in a body part" আৰু "Give me another break" শীৰ্ষক তেওঁৰ ব্লগসমূহে তেওঁক বহু বিতৰ্কৰ মাজত পেলাইছিল। তাৰ পিছত, তেওঁ নিজৰ ব্যক্তিগত ৱেবছাইটত লিখা অব্যাহত ৰাখে। তেওঁৰ উপন্যাস The Summer of Cool পেঙ্গুইন ইণ্ডিয়াই ২০০৯ চনৰ জানুৱাৰী মাহত প্ৰকাশ কৰিছিল আৰু এইখন বৃহৎ সফলতা লাভ কৰিছিল। এই উপন্যাস Swapnalok Society শৃংখলাৰ প্ৰথমখন আছিল।[16]

শৃংখলাটোৰ দ্বিতীয়খন The Good News Reporter আৰু তৃতীয়খন The Ghost on the Ledge ২০১৬ চনত প্ৰকাশ পায়।

২০১৩ চনৰ নৱেম্বৰ মাহত মুক্তি পোৱা সুচিত্ৰাৰ স্মৃতিগ্ৰন্থ ড্ৰামা কুইন খনে ইতিবাচক সমালোচনা লাভ কৰে।[17][18] মুক্তিৰ এসপ্তাহৰ ভিতৰতে কিতাপখনৰ প্ৰথম ছপা বিক্ৰী হৈ গ'ল।[19]


সুচিত্ৰাৰ দ্বাৰা লিখা আৰু তেওঁৰ একে শিৰোনামৰ কিতাপৰ পৰা ৰূপান্তৰিত ড্ৰামা কুইন নামৰ সংগীতনাট্য খন ২০১৬ চনৰ অক্টোবৰ মাহত এনচিপিএ মুম্বাইত মুকলি কৰে।[20] বৰ্তমানেও সমগ্ৰ ভাৰততে নাটক কুইন মঞ্চস্থ হৈ আছে।

সুচিত্ৰা কৃষ্ণমূৰ্তি, বিজয় ৰাজ আৰু দিব্যেন্দু শৰ্মা অভিনীত বৈশিষ্ট্যপূৰ্ণ ছবি "অড কাপল" ২০২২ চনত আমাজন ইণ্ডিয়াত মুক্তি লাভ কৰিছিল।এই খনে এমাজন ইণ্ডিয়াত কেইবামাহো ধৰি শীৰ্ষ দহটা স্থান অধিকাৰ কৰি আছিল।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Paromita Pain (20 January 2009). "Emotion packed". The Hindu. Archived from the original on 23 January 2009. https://web.archive.org/web/20090123045518/http://hinduonnet.com/yw/2009/01/20/stories/2009012050530700.htm. 
  2. Deepti Kaul (27 January 2009). "Book review: Swapnalok Society-The Summer of cool". Hindustan Times. Archived from the original on 19 February 2009. https://web.archive.org/web/20090219234442/http://www.hindustantimes.com/StoryPage/StoryPage.aspx?sectionName=LifestyleBooksSectionPage&id=71d0eabe-f5ce-414d-a88d-c93dbdb0aedd&&Headline=Book+review%3A+EMSwapnalok+Society-The+Summer+of+cool%2FEM. 
  3. Roshni Olivera (21 March 2005). "I have Shekhar's blessings: Suchitra". The Times of India. https://timesofindia.indiatimes.com/us. 
  4. "Suchitra Krishnamoorthi wants ceiling fans redesigned after Sushant Kumar Rajput's death". https://www.freepressjournal.in/entertainment/bollywood/suchitra-krishnamoorthi-wants-ceiling-fans-redesigned-after-sushant-kumar-rajputs-death. 
  5. Krishnamoorthi, Suchitra (25 October 2013) (en ভাষাত). Drama Queen. Hachette India. ISBN 978-93-5009-711-3. https://books.google.com/books?id=dWSjAQAAQBAJ&q=Telugu. 
  6. "Drama Queen is an unabashed, unapologetic take on my life: Suchitra Krishnamoorthi". The Times of India. 5 February 2017. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/hyderabad/drama-queen-is-an-unabashed-unapologetic-take-on-my-life-suchitra-krishnamoorthi/articleshow/56969908.cms. "Proud of her Telugu roots, Suchitra never loses an opportunity to remind people of her Teluguness. “Often people think I am a Tamilian but my mother tongue is Telugu,” she says, adding, “I have even included a few Telugu lines in Drama Queen!”" 
  7. 7.0 7.1 "How Actress Suchitra Krishnamurthy's Career Saw a Decline" (en ভাষাত). News18. 9 March 2023. https://www.news18.com/movies/birthday-special-why-suchitra-krishnamoorthys-marriage-with-shekhar-kapur-failed-7252735.html। আহৰণ কৰা হৈছে: 17 April 2023. "Suchitra was born on March 9, 1974, in a Telugu-speaking family in Maharashtra. Her father was a commissioner in the Income Tax Department while her mother was a professor and historian." 
  8. S. B. Vijaya Mary (2 February 2017). "Even our choices are karmic" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/theatre/suchitra-krishnamoorthi-interview/article17140454.ece. "Most people assume my mother tongue is Tamil, it’s actually Telugu. Though being born and brought up in Mumbai, at home we mostly spoke English." 
  9. "Sujata Kumar funeral: Daughter, sister Suchitra Krishnamoorthi perform final rites". https://www.freepressjournal.in/cmcm/sujata-kumar-funeral-daughter-sister-suchitra-krishnamoorthi-perform-final-rites. 
  10. "Shah Rukh Khan's 'Kabhi Haan Kabhi Naa' turns 26, Suchitra Krishnamoorthi shares heartfelt post". https://www.freepressjournal.in/entertainment/bollywood/shah-rukh-khans-kabhi-haan-kabhi-naa-turns-26-suchitra-krishnamoorthi-shares-heartfelt-post. 
  11. "Suchitra Krishnamoorthi's travel and book tales". https://www.freepressjournal.in/cmcm/suchitra-krishnamoorthis-travel-and-book-tales. 
  12. "Suchitra Krishnamoorthi uninstalls Swiggy after food delivery app sacks 1,100 employees amid COVID-19 crisis". https://www.freepressjournal.in/viral/suchitra-krishnamoorthi-uninstalls-swiggy-after-food-delivery-app-sacks-1100-employees-amid-covid-19-crisis. 
  13. "YouTube". https://www.youtube.com/watch?v=ly1wlH9qOds। আহৰণ কৰা হৈছে: 17 February 2017. 
  14. "Zindagi - Suchitra Krishnamoorthi". 22 March 2009. https://www.youtube.com/watch?v=WB838rGEdKM। আহৰণ কৰা হৈছে: 17 February 2017. 
  15. 15.0 15.1 15.2 "Suchitra Krishnamoorthi writes a new book based on her personal experiences". Mid-day.com. 16 November 2013. http://www.mid-day.com/entertainment/2013/nov/161113-suchitra-krishnamoorthi-new-book-personal-memoirs-drama-queen-bollywood.htm। আহৰণ কৰা হৈছে: 3 March 2014. 
  16. Pain, Paromita (8 February 2009). "I was always good at writing". The Hindu (Chennai, India). Archived from the original on 14 February 2009. https://web.archive.org/web/20090214030200/http://www.hindu.com/mag/2009/02/08/stories/2009020850060200.htm. 
  17. Suchitra Krishnamoorthi (20 November 2013). Drama Queen. Hachette India. ISBN 978-9350096697. 
  18. Khalid Mohamed (17 November 2013). "A spicy, saucy tell-all tale it is". Deccan Chronicle. https://www.deccanchronicle.com/131117/commentary-columnists/article/spicy-saucy-tell-all-tale-it. 
  19. "Suchitra Krishnamoorthi opens up about her candid new book". Hindustan Times. 10 December 2013. Archived from the original on 3 March 2014. https://web.archive.org/web/20140303100656/http://www.hindustantimes.com/lifestyle/books/suchitra-krishnamoorthi-opens-up-about-her-candid-new-book/article1-1161177.aspx. 
  20. "Suchitra Krishnamoorthi staging an acting comeback with a play". Mumbai Mirror. 2 September 2016. http://mumbaimirror.indiatimes.com/entertainment/bollywood/Suchitra-Krishnamoorthi-staging-an-acting-comeback-with-a-play/articleshow/53968855.cms। আহৰণ কৰা হৈছে: 26 April 2017. 
    - Wadhwa, Seema. "Why Suchitra Krishnamoorthi Led Drama Queen Is A Winner". Curiosity Cult. Archived from the original on 4 January 2017. https://web.archive.org/web/20170104000129/http://curiositycult.com/why-suchitra-krishnamoorthi-led-drama-queen-is-a-winner/। আহৰণ কৰা হৈছে: 26 April 2017.