সমললৈ যাওক

সুচিত্ৰা সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুচিত্ৰা সিং

২০১০ চনত সুচিত্ৰা
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ৩১ জানুৱাৰী, ১৯৭৭ (৪৮ বছৰ)
কামৰূপ, অসম, ভাৰত
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া ক্ৰিকেট
শিতান মহিলাৰ ক্ৰিকেট

সুচিত্ৰা সিং (ইংৰাজী: Suchitra Singh; জন্ম: ৩১ জানুৱাৰী ১৯৭৭) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এগৰাকী সোঁহাতীয়া বেটছমেন আছিল আৰু ব্ৰেকৰ সময়ত সোঁহাতেৰে বলিঙো কৰিছিল।

জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৭৭ চনৰ ৩১ জানুৱাৰীত অসমৰ কামৰূপত সুচিত্ৰা সিঙৰ জন্ম হৈছিল।[1] ২০০৭–০৮ চনত বংগৰ বিৰুদ্ধে হোৱা ছিনিয়ৰ মহিলা ৱান ডে লীগত তেওঁ অসমৰ হৈ অভিষেক ঘটায়ছিল। ২০০৭ চনৰ পৰা ২০১১ চনলৈকে তেওঁ ৰাজ্যখনৰ হৈ আৰু দহখন মেচ খেলে। ২০০৭–০৮ চনৰ আন্তঃমণ্ডল মহিলাৰ এদিনীয়া প্ৰতিযোগিতাত ইষ্ট জ'নকো তেওঁ প্ৰতিনিধিত্ব কৰিছিল।[2] মহিলাৰ ১২খন সীমিত অভাৰ মেচত তেওঁ বেটিং কৰি গড়ে ১৪.১৬ ৰান সংগ্ৰহ কৰে আৰু ৭টা উইকেট দখল কৰে।[1]

২০০৯–১০ বৰ্ষৰ ছিনিয়ৰ মহিলা টি-২০ লীগত ত্ৰিপুৰাৰ বিৰুদ্ধে তেওঁ অসমৰ হৈ প্ৰথম মহিলা টি-২০ মেচ খেলিছিল। ২০০৯–১০ আৰু ২০১০–১১ ছিজনত আৰু ১৫খন মেচ খেলি বেটিঙত গড়ে ১২.৩৬ ৰাণ সংগ্ৰহ কৰাৰ লগতে চাৰিটা উইকেটো দখল কৰে।[3][1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]