সুজাতা চাহু
সুজাতা চাহু | |
---|---|
![]() | |
জন্ম | সুজাতা চেষান ১৮ ছেপ্টেম্বৰ, ১৯৬৮ (৫৬ বছৰ) নেইভেলী, তামিলনাডু, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | গণিত বিষয়ত বিজ্ঞান স্নাতক, কম্পিউটাৰ এপ্লিকেচনৰ স্নাতকোত্তৰ, পুনে ( ভাৰত) বিশ্ববিদ্যালয় |
পেচা | শিক্ষয়িত্ৰী, সমাজ কৰ্মী |
জনা যায় | supporting schooling in the Ladakh region |
দাম্পত্যসঙ্গী | সন্দিপ চাহু |
পিতৃ-মাতৃ | আৰ আই চেচন, আই এ এফৰ অৱসৰপ্ৰাপ্ত এয়াৰ কমোডৰ ( পিতৃ) গিৰিজা চেষান ( মাতৃ) |
সন্তান | হান্সা চাহু, নিখিল চাহু, সিদ্ধান্ত চাহু, অনুষ্কা চাহু আৰু নীৰজ চাহু |
ৱেবছাইট | |
www |
সুজাতা চাহু (ইংৰাজী: Sujata Sahu) এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী ৷ শিক্ষয়িত্ৰী হিচাপে কাম কৰি তেওঁ ১৭০০০ ফুট ফাউণ্ডেচন স্থাপন কৰিছিল। লাডাখ আৰু ছিকিমৰ দুৰ্গম গাঁওসমূহত বিদ্যালয়ৰ অৱস্থা উন্নত কৰাৰ উদ্দেশ্যেৰে এই ফাউণ্ডেচন স্থাপন কৰা হৈছিল। বেচৰকাৰী সংস্থাটোৱে দূৰৱৰ্তী সীমান্তৱৰ্তী বিদ্যালয়সমূহক শিক্ষকসকলৰ কঠোৰ প্ৰশিক্ষণৰ লগতে পুথিভঁৰাল, খেলপথাৰ আৰু ডিজিলেব প্ৰদান কৰি সমগ্ৰ বিদ্যালয় পৰিৱৰ্তন প্ৰকল্প হাতত লৈছে। চাহুৱে তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে ২০১৫ চনৰ নাৰী শক্তি পুৰস্কাৰ আৰু ২০১৯ চনত ডব্লিউ টি আই (উইমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া) ২০১৯ বঁটা লাভ কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]চাহুৱে ৯ বছৰ আমেৰিকাত কৰ্পৰেট খণ্ডত কাম কৰাৰ পিছত গুৰগাঁওলৈ উলটি আছে আৰু এন চি আৰ দিল্লীৰ শ্ৰী ৰাম স্কুলত শিক্ষক হৈ গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ শিক্ষা প্ৰদান কৰে। [1] [2] [3] ২০১০ চনৰ জুন মাহত লাডাখত তেওঁ একক ট্ৰেকিং কৰিছিল। এই সময়ত যেতিয়া তেওঁ উচ্চ উচ্চতাৰ পালমোনাৰী ইডিমা অনুভৱ কৰিছিল তেতিয়া তেওঁ এখন দূৰৱৰ্তী গাঁৱত সুস্থ হ’বলৈ বুলি জিৰণি লৈছিল। [3] তাত থকা পৰিস্থিতিৰ সাক্ষী হৈ তেওঁ স্থানীয় স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত সুবিধা প্ৰদানৰ বাবে এটা বেচৰকাৰী সংস্থা (এন জি অ’) গঠন কৰাৰ সিদ্ধান্ত লয়। [1]
১৭০০০ ফুট ফাউণ্ডেচন
[সম্পাদনা কৰক]চাহুৱে ২০১১ চনত স্বামী সন্দীপ চাহু আৰু দোৱা জোৰাৰ সৈতে মিলি ১৭০০০ ফুট ফাউণ্ডেচন স্থাপন কৰিছিল। সমুদ্ৰপৃষ্ঠৰ পৰা ১৭ হাজাৰ ফুট উচ্চতালৈকে তেওঁলোকে কৰা ট্ৰেকিংৰ নামত তেওঁলোকে এন জি অ’টোৰ নাম ৰাখিছে। [4] স্বেচ্ছাসেৱীসকলৰ দ্বাৰা পৰিচালিত এক অধ্যয়ন কৰি তেওঁলোকে সমগ্ৰ লাডাখৰ ৬০০খন বিদ্যালয় চিনাক্ত কৰি মেপিং কৰিলে। ফাউণ্ডেচনে ১৪০খন বিদ্যালয়ক খেলপথাৰ প্ৰদান কৰাৰ লগতে ২৩০খন বিদ্যালয়ক পুথিভঁৰাল দান কৰি হিন্দু, ইংৰাজী আৰু উৰ্দু ভাষাৰ কিতাপ প্ৰদান কৰিছে। যিহেতু লাডাখী ভাষা ভোটিত কোনো কিতাপ উপলভ্য নাছিল, সেয়েহে ২০১৫ চনত ফাউণ্ডেচনে অনুবাদৰ বাবে ধন আগবঢ়াইছিল আৰু ২১,০০০ খন গল্প পুথি যোগান ধৰিছিল। [4] ২০১৩ চনত ফাউণ্ডেচনে স্বেচ্ছাসেৱী কাৰ্যসূচী আৰম্ভ কৰে, য’ত স্বেচ্ছাসেৱী শিক্ষকসকলক বিদ্যালয়ৰ সৈতে মিলাই দিয়া হয়। [5] প্ৰতিখন বিদ্যালয়ৰ বাবে প্ৰতি বছৰে এজনকৈ স্বেচ্ছাসেৱকক নিয়োগ কৰা হৈছিল। [6] সামাজিক উদ্যোগীকৰণৰ বাবে চাহুৱে ২০১৫ চনৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰে৷ [7] ২০১৯ চনত নিটি আয়োগে উইমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বঁটাৰেও তেওঁক সন্মানিত কৰে ৷ [7]
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 (en ভাষাত). 21 December 2018. Archived from the original on 12 January 2021. https://web.archive.org/web/20210112143219/https://www.indiatoday.in/education-today/how-i-made-it/story/iron-lady-sujata-sahu-transforming-ladakh-mountain-schools-html-1414511-2018-12-21.
- ↑ Joshi, Komal (24 July 2020). "Making Education and Technology Reach the Remote Villages of Ladakh". The Stories Of Change. https://thestoriesofchange.com/sujata-sahu-17000-ft-education/। আহৰণ কৰা হৈছে: 10 January 2021.
- ↑ 3.0 3.1 (en ভাষাত). Archived from the original on 12 January 2021. https://web.archive.org/web/20210112143341/https://www.scoonews.com/news/sujata-sahu-transforming-lives-of-thousands-of-children-in-remote-ladakh-1847.
- ↑ 4.0 4.1 (en ভাষাত). 21 December 2018. Archived from the original on 12 January 2021. https://web.archive.org/web/20210112143219/https://www.indiatoday.in/education-today/how-i-made-it/story/iron-lady-sujata-sahu-transforming-ladakh-mountain-schools-html-1414511-2018-12-21.
- ↑ (en ভাষাত). 8 November 2014. Archived from the original on 12 January 2021. https://web.archive.org/web/20210112143231/https://www.theweekendleader.com/Heroism/2038/height-of-concern.html.
- ↑ . 19 May 2018. Archived from the original on 12 January 2021. https://web.archive.org/web/20210112143245/https://economictimes.indiatimes.com/magazines/panache/take-a-break-opt-for-some-me-time-brilliant-options-to-make-solo-travel-a-dream/articleshow/64230836.cms.
- ↑ 7.0 7.1 Joshi, Komal (24 July 2020). "Making Education and Technology Reach the Remote Villages of Ladakh". The Stories Of Change. https://thestoriesofchange.com/sujata-sahu-17000-ft-education/। আহৰণ কৰা হৈছে: 10 January 2021.