সমললৈ যাওক

সুজাতা মনোহৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুজাতা মনোহৰ
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
কাৰ্যকাল
৮ নৱেম্বৰ ১৯৯৪ – ২৭ আগষ্ট ১৯৯৯
কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
কাৰ্যকাল
২১ এপ্ৰিল ১৯৯৪ – ৭ নৱেম্বৰ ১৯৯৪
বোম্বাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
কাৰ্যকাল
১৫ জানুৱাৰী ১৯৯৪ – ২০ এপ্ৰিল ১৯৯৪
বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ
কাৰ্যকাল
২৩ জানুৱাৰী ১৯৭৮ – ১৪ এপ্ৰিল ১৯৯৪
ব্যক্তিগত তথ্য
জন্ম ২৮ আগষ্ট, ১৯৩৪ (৯১ বছৰ)
বোম্বাই, ভাৰত
পিতৃ-মাতৃ কে.টি. দেশাই(পিতৃ)
শিক্ষা কলাৰ স্নাতক, আইনৰ বেৰিষ্টাৰ
শিক্ষানুষ্ঠান লেডি মাৰ্গাৰেট হল, অক্সফৰ্ড
ৱেবছাইট Supreme Court of India

সুজাতা বসন্ত মনোহৰ (ইংৰাজী: Sujata Manohar, জন্ম-২৮ আগষ্ট ১৯৩৪) হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য।[1][2][3][4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

সুজাতা মনোহৰৰ জন্ম হৈছিল এটা শক্তিশালী আইনী পটভূমিৰ পৰিয়ালত৷ তেওঁৰ পিতৃ কান্তিলাল ঠাকোৰেদাস দেশাই পিছলৈ গুজৰাটৰ উচ্চ ন্যায়ালয়ৰ দ্বিতীয় মুখ্য ন্যায়াধীশ হয়। তেওঁ বম্বেৰ এলফিনষ্টন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত অক্সফৰ্ডৰ লেডী মাৰ্গাৰেট হললৈ যায়৷ তাত তেওঁ দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতি পঢ়ে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

অক্সফৰ্ডৰ পিছত তেওঁক লিংকন ইনৰ বাৰলৈ মাতি অনা হয় য'ত তেওঁ একেলগে বাৰ পৰীক্ষাৰ ১ আৰু ২ নং খণ্ডৰ সকলো গৱেষণা পত্ৰত উত্তীৰ্ণ হয়৷ তেওঁ ভাৰতলৈ উভতি আহি ১৯৫৮ চনত বম্বে উচ্চ ন্যায়ালয়ৰ মূলসুঁতিত অনুশীলন আৰম্ভ কৰে। মূলতঃ বাণিজ্যিক বিষয়ৰ সৈতে তেওঁ মোকাবিলা কৰিছিল যদিও বহু পৰিয়ালৰ আইনী গোচৰো আইনী সাহায্য আঁচনিৰ অধীনত তেওঁ গ্ৰহণ কৰিছিল। এইটো ভাৰতত আনুষ্ঠানিকভাৱে ৰাজ্যিক আইনী সাহায্য কাৰ্যসূচী হোৱাৰ আগৰ কথা৷ গতিকে তেওঁ স্বেচ্ছাই ৩০টাতকৈও অধিক বেচৰকাৰী সংস্থাৰ সৈতে জড়িত হৈ পৰিছিল।[2]

প্ৰায় ২০ বছৰীয়া অনুশীলনৰ পিছত (য’ত যথেষ্ট পৰিমাণৰ জনস্বাৰ্থ আৰু প্ৰ’-ব’নো কাম কৰিছিল), ১৯৭৮ চনত তেওঁক বোম্বেৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়৷ তেওঁ সেই আদালতৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ। ১৯৯৪ চনৰ জানুৱাৰী মাহত বোম্বাইৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে তেওঁ নিযুক্তি লাভ কৰে৷ ১৯৯৪ চনৰ এপ্ৰিল মাহত তেওঁক কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি জৰা হয়৷ তেওঁ পুনৰ সেই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ১৯৯৪ চনৰ শেষৰ ফালে (নৱেম্বৰ) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে তেওঁ ১৬ বছৰ কাম কৰাৰ পিছত তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়৷ ১৯৯৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।[2]

তেওঁ ন্যায়াধীশ হিচাপে ৰাজনৈতিক আৰু ৰাজহুৱা হেঁচা অতিক্ৰম কৰি আইনৰ সপক্ষে শক্তিশালী স্বাধীন স্থিতি গ্ৰহণ কৰিছিল৷ এটা গোচৰত ভাৰতৰ সঁহাৰিমূলক কাৰ্যসূচীৰ এটা দিশৰ সাংবিধানিকতা সম্পৰ্কে সিদ্ধান্ত ল’বলৈ তেওঁক আহ্বান জনোৱা হৈছিল। সেই সময়ৰ চৰকাৰে বিশ্ববিদ্যালয়সমূহে গৱেষণামূলক ডিগ্ৰীত নামভৰ্তিৰ বাবে কোটাৰ ব্যৱস্থা ৰূপায়ণ কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল৷ ইয়াৰ অৰ্থ আছিল যে উপলভ্য স্থানসমূহ কেৱল তেওঁলোকৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি নহয়, তেওঁলোকৰ জাতি আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰিহে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভগাই দিয়া হ’ব৷ কিছুমান স্বাৰ্থজড়িত গোটৰ তীব্ৰ প্ৰতিক্ৰিয়া সত্ত্বেও ন্যায়াধীশ মনোহৰে এই কথাটো অসাংবিধানিক বুলি ৰায় দিয়ে৷ ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ৰাজহুৱা স্থানত তেওঁৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হয়।[2]

অৱসৰৰ পিছত তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত নিযুক্তি লাভ কৰে। [2]

বঁটা-সন্মান

[সম্পাদনা কৰক]

অক্সফৰ্ডৰ লেডী মাৰ্গাৰেট হলৰ সন্মানীয় সভ্য আৰু লণ্ডনৰ লিংকন ইনৰ সন্মানীয় বেঞ্চাৰ। তেওঁ অক্সফৰ্ড ইউনিভাৰ্চিটি কমনৱেলথ ল জাৰ্নেলৰ পৃষ্ঠপোষক।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Website - Supreme Court of India Archived 28 July 2013 at the Wayback Machine
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 "Official Website of High Court of Bombay". Archived from the original on 5 July 2015. https://web.archive.org/web/20150705021957/http://bombayhighcourt.nic.in/cjshow.php?auth=amdldGlkPTI3JnBhZ2Vubz0z. 
  3. Website - LMH
  4. "GNLU". www.gnlu.ac.in. https://www.gnlu.ac.in/supreme-court-judges.php/InvalidRequest.