সমললৈ যাওক

সুজাতা মহপাত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুজাতা মহপাত্ৰা
জন্ম সুজাতা মহন্তী
২৭ জুন, ১৯৬৮ (৫৭ বছৰ)
বালেশ্বৰ, ওডিশা, ভাৰত
পেচা ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, পাৰ্ফৰ্মাৰ
ৱেবছাইট
আধিকাৰিক ৱেবছাইট

সুজাতা মহপাত্ৰা (ইংৰাজী: : Sujata Mohapatra ; জন্ম: ২৭ জুন ১৯৬৮) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ওডিচি নৃত্য শৈলীৰ শিক্ষয়িত্ৰী।[1][2]

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

[সম্পাদনা কৰক]

সুজাতা মহাপাত্ৰাৰ জন্ম ওডিশাৰ বালেশ্বৰত এখন হিন্দু কৰণ পৰিয়ালত হৈছিল। তেওঁ সৰুৰে পৰা গৰাকী গুৰু সুধাকৰ সাহুৰ পৰা ওডিশী নৃত্য শিকিবলৈ আৰম্ভ কৰিছিল।[3]


১৯৮৭ চনত, তেওঁ ভুবনেশ্বৰ, ওডিশালৈ আহে আৰু ওডিশী ৰিচাৰ্চ চেণ্টাৰত পদ্ম বিভূষণ গৰু কেলুচৰণ মহাপাত্ৰাৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ অধিক নৃত্য শিক্ষাৰ উন্নতি সাধন কৰে।[4] তেওঁ গৰু কেলুচৰণ মহাপাত্ৰাৰ পুত্ৰ ৰতিকান্ত মহাপাত্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[5]

তেওঁৰ জীয়াৰী প্ৰীতিশা মহাপাত্ৰাও এগৰাকী ওডিশী নৃত্যশিল্পী।

নৃত্যজীৱন আৰু অৱদান

[সম্পাদনা কৰক]

সুজাতা মহাপাত্ৰাই ওডিশাৰ বিভিন্ন অনুষ্ঠানত সাহুৰ নৃত্যদলৰ সৈতে ওডিশী শাস্ত্ৰীয় আৰু লোকনৃত্য প্ৰদৰ্শন কৰাৰ জৰিয়তে নিজৰ নৃত্যযাত্ৰা আৰম্ভ কৰিছিল। গুৰু কেলুচৰণ মহাপাত্ৰাৰ তত্বাৱধানত, তেওঁৰ নৃত্যশৈলীৰ বিকাশ ঘটে, আৰু তেওঁ নিজৰ প্ৰজন্মৰ শ্ৰেষ্ঠ ওডিশী নৃত্যশিল্পীসকলৰ অন্যতম হিচাপে পৰিণত হয়।[6]

সুজাটা মহাপাত্ৰাই ভাৰতৰ লগতে বিদেশতো একক নৃত্যশিল্পী আৰু তেওঁৰ শহুৰেক গুৰু কেলুচৰণ মহাপাত্ৰাই প্ৰতিষ্ঠা কৰা সৃজন নৃত্য দলৰ আগশাৰীৰ সদস্য হিচাপে অনুষ্ঠান পৰিৱেশন কৰে। [7]

তেওঁ ওডিশী নৃত্য শিক্ষাদানতো সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁ 'শৃজন' (ওডিশী নৃত্যবাসা)ৰ মুখ্য অধ্যক্ষা।[8] 'শৃজন' হৈছে ওডিশী নৃত্যৰ অন্যতম প্ৰধান প্ৰতিষ্ঠান আৰু ইয়াক গুৰু কেলুচৰণ মহাপাত্ৰাই প্ৰতিষ্ঠা কৰিছিল। তদুপৰি, তেওঁ উত্কল বিশ্ববিদ্যালয়ৰ পৰা ওৰিয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু ভুবনেশ্বৰৰ ওডিশী ৰিচাৰ্চ চেণ্টাৰত গৱেষণা কৰি গৈছে।[9]


জুলাই ২০১১ চনত, তেওঁ নিজৰ জন্মস্থান বালেশ্বৰত "গুৰু কীৰ্তি শৃজন" নামৰ এখন ওডিশী প্ৰতিষ্ঠান খুলিছিল।[10]

  • সংগীত নাটক অকাডেমী বঁটা, ২০১৭ চনত
  • কৃষ্ণ গণ সভাৰ পৰা নৃত্য চূড়ামণি, চেন্নাই, ২০১৪ [11]
  • মহাৰী বঁটা, পংকজ চৰণ ওডিছি ৰিচাৰ্চ ফাউণ্ডেশ্যন
  • দ্বিতীয় সঞ্জুক্ত পানীগ্ৰহী বঁটা, চিত্ৰ কৃষ্ণমূৰ্তি ৱাশ্বিংটন ডি.চি.
  • আদিত্য বিৰলা কলা কিৰণ বঁটা, মুম্বাই
  • ৰাজা ফাউণ্ডেশ্যন বঁটা, দিল্লী
  • ভাৰতৰ আশা, ২০০১ চন
  • নৃত্য ৰাগিনী, পুৰী, ২০০২
  • বৈশাখী বঁটা
  • প্ৰাণ নট সন্মান
  • অভি নন্দিকা, পুৰী, ২০০৪
  • ভীমেশ্বৰ প্ৰতিখা সন্মান, ২০০৪
  • ৰাজা বঁটা, ২০০৮
  • দূৰদৰ্শনৰ শীৰ্ষ গ্ৰেড শিল্পী আইচিচিআৰত অসাধাৰণ শ্ৰেণীৰ শিল্পী [12]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Israel to host Indian art exhibition | The South Asian Times". 28 March 2012. Archived from the original on 28 March 2012. https://web.archive.org/web/20120328063701/http://www.thesouthasiantimes.info/node/2525 আহৰণ কৰা হৈছে: 2 August 2017.
  2. "Statuesque postures" (en ভাষাত). The Hindu. http://www.thehindu.com/arts/article96635.ece আহৰণ কৰা হৈছে: 2 August 2017.
  3. "Friday Review Hyderabad / Dance : The state of Odissi". The Hindu. 10 November 2012. Archived from the original on 10 November 2012. https://web.archive.org/web/20121110144337/http://www.hindu.com/fr/2010/12/31/stories/2010123150340200.htm আহৰণ কৰা হৈছে: 2 August 2017.
  4. "Entertainment Delhi / Dance : A feast for Delhi dance lovers". The Hindu. 2005-08-12. http://www.thehindu.com/thehindu/fr/2005/08/12/stories/2005081202240200.htm আহৰণ কৰা হৈছে: 2 August 2017.[সংযোগবিহীন উৎস]
  5. Mehta, Kamini. "Odissi dancer Sujata Mohapatra mesmerizes school students". Times of India. http://timesofindia.indiatimes.com/city/chandigarh/Odissi-dancer-Sujata-Mohapatra-mesmerizes-school-students/articleshow/48238651.cms আহৰণ কৰা হৈছে: 19 December 2015.
  6. "Friday Review Hyderabad / Dance : 'Discipline makes a good dancer'". The Hindu. 2 October 2008. Archived from the original on 2 October 2008. https://web.archive.org/web/20081002040843/http://www.hindu.com/thehindu/fr/2008/08/01/stories/2008080150530200.htm আহৰণ কৰা হৈছে: 2 August 2017.
  7. "IPAAC Home". www.ipaac.org. Archived from the original on 2 August 2017. https://web.archive.org/web/20170802044822/http://www.ipaac.org/Mohapatra.htm আহৰণ কৰা হৈছে: 2 August 2017.
  8. "Srjan GURU Kelucharan Odissi Nrityabasa ...". www.srjan.com. 30 October 2008. Archived from the original on 30 October 2008. https://web.archive.org/web/20081030013802/http://www.srjan.com/faculty.aspx আহৰণ কৰা হৈছে: 2 August 2017.
  9. "Interview - Sujata Mohapatra - Kiran Rajagopalan". www.narthaki.com. http://www.narthaki.com/info/intervw/intrv115n.html আহৰণ কৰা হৈছে: 2 August 2017.
  10. "Odisha HRD » Dance: Odissi". http://www.orissalinks.com/archives/category/other-colleges/non-traditional-colleges/performance-arts/dance-odissi আহৰণ কৰা হৈছে: 2011-09-13.
  11. "Awards for veterans" (en ভাষাত). December 2014. http://www.thehindu.com/features/friday-review/awards-for-veterans/article6651664.ece আহৰণ কৰা হৈছে: 2 August 2017.
  12. "Sujata Mohapatra - Odissi Dancer | Awards". Archived from the original on 2011-09-27. https://web.archive.org/web/20110927145601/http://sujatamohapatra.com/awards.htm আহৰণ কৰা হৈছে: 2011-09-07.