সমললৈ যাওক

সুজাতা মেহতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুজাতা মেহতা
সদস্য, সংঘ লোকসেৱা আয়োগ
কাৰ্যকাল
২১ ফেব্ৰুৱাৰী ২০১৭ – ৩০ মাৰ্চ ২০২৩
সম্পাদক (পশ্চিম), বিদেশ মন্ত্ৰালয়
কাৰ্যকাল
১১ জানুৱাৰী ২০১৬[1] – ২১ ফেব্ৰুৱাৰী ২০১৭
পূৰ্বসূৰী নৱতেজ সৰ্ণা[2]
উত্তৰসূৰী ৰুচি ঘনশ্যাম [3]
স্পেইনত ভাৰতীয় ৰাষ্ট্ৰদূত। [4]
কাৰ্যকাল
নবেম্বৰ ২০০৭ – আগষ্ট ২০১১
পূৰ্বসূৰী সূৰ্য্যকান্তি ত্ৰিপাঠী [4]
উত্তৰসূৰী সুনীল কুমাৰ লাল [5]
ব্যক্তিগত তথ্য
জন্ম ৩০ মাৰ্চ, ১৯৫৭ (৬৮ বছৰ)[6]
নতুন দিল্লী
পেচা কূটনীতিবিদ

সুজাতা মেহতা ইংৰাজী: : Sujata Mehta এগৰাকী প্ৰাক্তন ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৫৭ চনৰ ৩০ মাৰ্চত সুজাতা মেহতা জন্ম হৈছিল। [6]তেওঁ ৰাজনীতি বিজ্ঞানত বিষয়ত Master of Philosophy (M.Phil) ডিগ্ৰী লাভ কৰে। ইয়াৰ পিচত ১৯৮০ চনত ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে।[7]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

সুজাতা মেহতা ১৯৮০ চনৰ কেডাৰৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আছিল। তেওঁ ১৯৮২ চনৰ আগষ্টৰ পৰা ১৯৮৪ চনৰ ফেব্ৰুৱাৰী মাহলৈকে মস্কোত থকা ভাৰতৰ দূতাবাসত তৃতীয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছন ঢাকাত ভাৰতীয় মিছনৰ দায়িত্ব পালন কৰিছিল আৰু স্পেইনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছিল। ৰাষ্ট্ৰসংঘতো তেওঁক ডেপুটি হিচাপে নিযুক্তি দিয়া হৈছিল।[1] সুজাতা মেহতাই জেনেভাত ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰকৰণ সন্মিলনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে আৰু তাৰ স্থায়ী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল[8] তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত নিয়ুক্ত হৈ ভাৰতৰ বৈদেশিক নীতি গঠনত আৰু কূটনৈতিক সম্পৰ্ক উন্নত কৰিবলৈ নেতৃত্ব প্ৰদান কৰিছিল। আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তো বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[7]

চুজাতা মেহতাক তেওঁৰ অৱসৰৰ প্ৰায় এক মাহ পূৰ্বে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল। ফলত তেওঁ ভাৰতীয় বৈদেশিক সেৱা [9] পৰিত্যাগ কৰে আৰু ২০১৭ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে UPSC ৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ২০২৩ চনৰ, ৩০ মাৰ্চ তাৰিখলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।।[10]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Air Marshal Ajit Shankarrao Bhonsle and Ms. Sujata Mehta take oath as Members, UPSC". http://pib.nic.in/newsite/PrintRelease.aspx?relid=158605. 
  2. "India's Ambassadors to Afghanistan, Vietnam appointed as secretaries in MEA - Latest News & Updates at Daily News & Analysis". 23 November 2015. http://www.dnaindia.com/india/report-india-s-ambassadors-to-afghanistan-vietnam-appointed-as-secretaries-in-mea-2148150. 
  3. "Ruchi Ghanashyam appointed Secretary (West) in MEA". The Economic Times. PTI. 28 February 2017. https://economictimes.indiatimes.com/news/economy/policy/ruchi-ghanashyam-appointed-secretary-west-in-mea/articleshow/57390136.cms। আহৰণ কৰা হৈছে: 21 August 2024. 
  4. 4.0 4.1 "Sorry for the inconvenience.". http://mea.gov.in/press-releases.htm?dtl/2625/Ms%20Sujata%20Mehta%20to%20be%20Ambassador%20to%20Spain. 
  5. "Sorry for the inconvenience.". http://mea.gov.in/press-releases.htm?dtl/615/shri%20sunil%20kumar%20lal%20appointed%20as%20the%20next%20ambassador%20of%20india%20to%20spain. 
  6. 6.0 6.1 "Archived copy". mea.gov.in. https://mea.gov.in/writereaddata/images/Civi_List_27-7-12.pdf। আহৰণ কৰা হৈছে: 15 January 2022. 
  7. 7.0 7.1 http://meaindia.nic.in/cdgeneva/?pdf0394?000 সাঁচ:Bare URL PDF
  8. "Why India abstained on Arms Trade Treaty". The Hindu. 3 April 2013. http://www.thehindu.com/opinion/op-ed/why-india-abstained-on-arms-trade-treaty/article4573882.ece. 
  9. "Former diplomat Sujata Mehta appointed UPSC member - Latest News & Updates at Daily News & Analysis". 23 February 2017. http://www.dnaindia.com/india/report-former-diplomat-sujata-mehta-appointed-upsc-member-2332881. 
  10. "UPSC : Air Marshal Ajit Shankarrao Bhonsle and Sujata Mehta Take Oath as Commission Members". http://www.ndtv.com/jobs/upsc-air-marshal-ajit-shankarrao-bhonsle-and-sujata-mehta-take-oath-as-commission-members-1662031.