সুজাতা (১৯৫৯ চলচ্চিত্ৰ)
| সুজাতা | |
|---|---|
| পৰিচালক | বিমল ৰায় |
| ৰচনা | নবেন্দু ঘোষ (চিত্ৰনাট্য) সুবোধ ঘোষ (গল্প) পাল মহেন্দ্ৰ (সংলাপ) |
| প্ৰযোজক | বিমল ৰায় |
| অভিনয়ত | নূতন সুনীল দত্ত শশীকলা |
| চিত্ৰগ্ৰহণকাৰী | কমল বসু |
| সম্পাদনা | অমিত বসু |
| সংগীত পৰিচালক | এছ ডি বৰ্মন |
মুক্তি |
২০ মাৰ্চ ১৯৫৯ |
দৈৰ্ঘ্য |
১৪৫ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
সুজাতা ইংৰাজী: Sujata ) ১৯৫৯ চনৰ বিমল ৰায় পৰিচালিত এখন হিন্দী ভাষাৰ ছবি। ইয়াত নূতন আৰু সুনীল দত্তই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত আছে- শশীকলা, ললিতা পাৱাৰ, সুলোচনা লটকাৰ আৰু তৰুণ বসু। লেখক সুবোধ ঘোষৰ[1] একে নামৰ বাংলা চুটিগল্পৰ আধাৰত নিৰ্মিত এই ছবিখনত ভাৰতৰ জাতিগত পৰিস্থিতি বিষয়ে বিবৃত হৈছে।[2] সংগীত এছ ডি বৰ্মনৰ আৰু গীতৰ কথা মজৰুহ চুলতানপুৰীৰ।[3] ১৯৬০ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছিল।[4]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]এয়া ব্ৰাহ্মণ ডেকা অধীৰ আৰু সুজাতা নামৰ এগৰাকী অস্পৃশ্য ছোৱালীৰ প্ৰেম কাহিনী। ব্ৰাহ্মণ দম্পতী উপেন আৰু চাৰুয়ে এটি অনাথ শিশুক ডাঙৰ-দীঘল কৰি সুজাতা নাম ৰাখে। যদিও উপেনে দত্তক সন্তানটোৰ প্ৰতি আকৰ্ষিত আছিল, তথাপিও তেওঁৰ পত্নী চাৰু আৰু মাহীয়েকে (অধীৰৰ মাক) কেতিয়াও সুজাতাক সম্পূৰ্ণৰূপে আকোৱালি ল’ব পৰা নাছিল, কাৰণ তেওঁৰ জন্ম কোনো অস্পৃশ্যৰ পৰিয়ালত হৈছিল। তেওঁলোকে মাজে মাজে সুজাতাক ইংগিত দি থাকে যে তাই ব্ৰাহ্মণৰ মাজৰ নহয়। অধীৰ সুজাতাৰ প্ৰেমত পৰে, কিন্তু চাৰু আৰু মাহীয়েকে বিচাৰে, অধীৰে চাৰুৰ প্ৰকৃত কন্যা ৰামাক বিয়া কৰাওক। সুজাতাইও অধীৰক প্ৰশংসা কৰে যদিও জন্মৰ পৰা অস্পৃশ্য হোৱাৰ তাইৰ বাস্তৱটোক লৈ অস্বস্তি অনুভৱ কৰে। এদিন উপেনৰ পত্নী চিৰিৰ পৰা পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। ডাক্তৰে পৰিয়ালটোক কয় যে চাৰুক বচাবলৈ তেজ লাগে, যি তেজৰ গ্ৰুপ বিৰল। শেষত দেখা গ’ল সুজাতাৰ তেজহে চাৰুৰ লগত মিলে। সুজাতাই ৰক্তদান কৰে। যেতিয়া চাৰুৱে জানিব পাৰে যে সুজাতাইহে তেওঁৰ জীৱন ৰক্ষা কৰিলি, তেতিয়া তেওঁ নিজৰ ভুলটো উপলব্ধি কৰি তাইক নিজৰ কন্যা বুলি মানি লয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Gulzar; Govind Nihalani; Saibal Chatterjee (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. পৃষ্ঠা. 337. ISBN 81-7991-066-0. https://books.google.com/books?id=8y8vN9A14nkC&q=Sahib+Bibi+Aur+Golam+Bimal+Mitra+%28novel%29&pg=PT361.
- ↑ "Bollywood Rewind | Sujata: When Bimal Roy took on caste discrimination and disguised it with a love story". 9 October 2021. https://indianexpress.com/article/entertainment/bollywood/bollywood-rewind-sujata-nutan-sunil-dutt-bimal-roy-7555296/.
- ↑ "Asha Bhosle dedicates 'Sujata' song to her didi Lata Mangeshkar : The Tribune India". https://www.tribuneindia.com/news/entertainment/asha-bhosle-dedicates-sujata-song-to-her-didi-367810.
- ↑ "Festival de Cannes: Sujata". festival-cannes.com. http://www.festival-cannes.com/en/archives/ficheFilm/id/3316/year/1960.html। আহৰণ কৰা হৈছে: 2009-02-19.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Sujata সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| |||||