সুজাথা সিং
সুজাথা সিং | |
|---|---|
| ৩০ তাৰিখ ভাৰতৰ বৈদেশিক সচিব | |
| কাৰ্যকাল ১ আগষ্ট ২০১৩ – ২৮ জানুৱাৰী ২০১৫ | |
| পূৰ্বসূৰী | ৰঞ্জন মথাই |
| উত্তৰসূৰী | সুব্ৰহ্মণ্যম জয়শংকৰ |
| ব্যক্তিগত তথ্য | |
| জন্ম | জুলাই ১৯৫৪ (বয়স ৭১) ভাৰতীয় |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| দাম্পত্যসঙ্গী | ড° সঞ্জয় এম সিং [1] |
| পিতৃ-মাতৃ |
|
| শিক্ষানুষ্ঠান | লেডী শ্ৰী ৰাম কলেজ দিল্লী স্কুল অৱ ইকনমিক্স |
| পেচা | আই এফ এছ |
| জীৱিকা | অসামৰিক কৰ্মচাৰী |
সুজাথা সিং (ইংৰাজী: :Sujatha Singh ; জন্ম জুলাই ১৯৫৪) আই এফ এছ কেডাৰৰ এগৰাকী ভাৰতীয় চৰকাৰী কৰ্মচাৰী যিয়ে ২০১৩ চনৰ আগষ্টৰ পৰা ২০১৫ চনৰ জানুৱাৰীলৈকে ভাৰতৰ বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ জাৰ্মানীত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল (২০১২–২০১৩)।[2]
পৰিয়াল আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৫৪ চনৰ জুলাই মাহত সুজাথা সিং জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ হৈছে প্ৰাক্তন চোৰাংচোৱা ব্যুৰোৰ মুৰব্বী আৰু পিছলৈ উত্তৰ প্ৰদেশৰ গৱৰ্ণৰ টি ভি ৰাজেশ্বৰ। তেওঁ নতুন দিল্লীৰ লেডী শ্ৰী ৰাম কলেজ ৰ পৰা শিক্ষা আৰম্ভ কৰি উঠি দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে। সুজাথা সিংৰ বিবাহ ভাৰতীয় বৈদেশিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া সঞ্জয় সিঙৰ সৈতে বিবাহ হৈছিল। [1][3][4]
কৰ্ম জীৱন
[সম্পাদনা কৰক]সিং ১৯৭৬ চনৰ ব্যাচৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া। তেওঁ জাৰ্মান ভাষী আছিল। চিকৰিকালত বন, আক্ৰা, পেৰিছ, বেংককত থকা ভাৰতীয় দূতাবাসত বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। ২০০০–০৪ চনৰ ভিতৰত মিলানত ভাৰতৰ কনছুল জেনেৰেল আছিল। অষ্ট্ৰেলিয়াত ভাৰতৰ উচ্চায়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে (২০০৭–২০১২)। দিল্লীত তেওঁ মন্ত্ৰালয়ৰ অৰ্থনৈতিক সমন্বয় ইউনিটত কাৰ্যনিৰ্বাহ কৰিছিল আৰু নেপাল, পশ্চিম ইউৰোপ আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে পৰিচালক, উপ-সচিব আৰু যৌথ সচিব হিচাপে কাম কৰিছিল।[5] অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত হিচাপে তেওঁৰ কাৰ্যকালত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত বৰ্ণবাদী আক্ৰমণৰ পিছত ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্কত অস্থিৰতা আৰু পিছলৈ অষ্ট্ৰেলিয়ান লেবাৰ পাৰ্টিয়ে ইউৰেনিয়াম বিক্ৰীৰ সন্দৰ্ভত ভাৰতৰ বাবে ব্যতিক্ৰম কৰাৰ সিদ্ধান্তৰ সৃষ্টি হয়। তেওঁৰ কঠোৰ স্থিতিৰ বাবে সুনাম আছে। ১৯৮৩ চনত বৰষুণৰ ফলত হোৱা কৈলাশ মানসাৰোৱৰ যাত্ৰাত যোগাযোগৰ বিষয়া হিচাপে স্বেচ্ছাসেৱী হিচাপে কাম কৰিছিল।[6] তাত ভাৰতীয়সকলৰ বিৰুদ্ধে হোৱা বৰ্ণবাদী আক্ৰমণৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া কৰ্তৃপক্ষৰ সৈতে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল,[3] আৰু পশ্চিম ইউৰোপ চম্ভালি লোৱা যুটীয়া সচিব হিচাপে তেওঁ ক্ষুদ্ৰ ইউৰোপীয় সংঘৰ পৰা নিৰ্ধাৰিত সাহায্য গ্ৰহণ নকৰাৰ ভাৰতৰ স্থিতিৰ পোষকতা কৰিছিল।[7][8]
বৈদেশিক সচিব
[সম্পাদনা কৰক]২০১৩ চনত সুজাথা সিঙে ৰঞ্জন মথাইৰ স্থলাবিষিক্ত হৈ ভাৰতৰ বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। যদিও সিং কাৰ্যকালৰ ফালৰ পৰা জ্যেষ্ঠ আছিল, তথাপিও এছ জয়শংকৰক হে বৈদেশিক সচিব হিচাপে নিযুক্তি দিয়া হৈছিল। কাৰণ তেওঁক এই পদত নিযুক্ত কৰাৰ সময়ত বিতর্কৰ সৃষ্টি হৈছিল, বিশেষকৈ সিংৰ অভিজ্ঞতাৰ অভাৱ বুলি বহু সমালোচনা হৈছিল। যদিও সুজাথা সিং কর্মজীৱনৰ দিশৰ পৰা জ্যেষ্ঠ আছিল, তথাপি অন্যান্য অভিজ্ঞ কূটনীতিজ্ঞৰ তুলনাত তেখেতৰ কিছু সীমাবদ্ধতা আছিল। জয়শংকৰৰ দৰে ভাৰতৰ কোনো চুবুৰীয়া ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ নকৰাটো সিংৰ বাবে প্ৰত্যাহ্বান হিচাপে দেখা গৈছিল।
সাধাৰণ নিয়ম অনুসৰি, সুজাতা সিঙে তেওঁৰ ৬০ বছৰৰ জন্মদিনত, অর্থাৎ জুলাই ২০১৪-ত ভাৰতীয় বৈদেশিক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল। কিন্তু বৈদেশিক সচিব পদৰ নিয়োগ সাধাৰণতে দুবছৰীয়া কাৰ্যকালৰ বাবে কৰা হয়, আৰু তেওঁ এই নিয়মৰ অধীনতেই নিয়োগ লাভ কৰিছিল। ফলত, তেওঁক অতিৰিক্তভাবে ১৩ মাহৰ বাবে সেৱা বৃদ্ধিৰ সুবিধা দিয়া হৈছিল, যাৰ ফলত তেওঁৰ দুই বছৰীয়া কাৰ্যকাল আগস্ট ২০১৫-লৈ বৃদ্ধি পায়। [1][4][9]ঠিক সেই সময়তে, ২০১৫ চনৰ ২৮ জানুৱাৰীত নতুনকৈ নিৰ্বাচিত নৰেন্দ্ৰ মোদী চৰকাৰে এখন চৰকাৰী আদেশ জাৰি কৰি তেওঁৰ বৃদ্ধিকৃত সেৱা সময়কাল আগতেই সমাপ্ত কৰে আৰু নতুন বৈদেশিক সচিব নিযুক্ত কৰে।[10] এই নতুন নিযুক্ত সচিব আছিল এছ. জয়শংকৰ, যিয়ে তেতিয়া আমেৰিকাত ভাৰতৰ ৰাজদূতৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
জয়শংকৰক এই পদত নিযুক্ত কৰাৰ প্ৰধান কাৰণ আছিল, তেখেতৰ অভিজ্ঞতা আৰু বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূর্ণ ভূমিকা। এই কৌশলগত পদক্ষেপৰ জৰিয়তে মোদী চৰকাৰে ভাৰত-আমেৰিকা সম্পৰ্কক অধিক শক্তিশালী কৰাৰ দিশত আগবাঢ়িছিল।[11][12]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Sujatha Singh to be India's next Foreign Secretary". The Hindu. 2 July 2013. http://www.thehindu.com/news/national/sujatha-singh-to-be-indias-next-foreign-secretary/article4872628.ece.
- ↑ "Sujatha Singh takes charge as India's new foreign secretary". Business Standard. 1 August 2013. http://www.business-standard.com/article/politics/sujatha-singh-takes-charge-as-india-s-new-foreign-secretary-113080100368_1.html। আহৰণ কৰা হৈছে: 1 August 2013.
- ↑ 3.0 3.1 "Seniority prevails, Sujatha Singh is new Foreign Secy". The Tribune. 2 July 2013. http://www.tribuneindia.com/2013/20130703/main6.htm। আহৰণ কৰা হৈছে: 3 July 2013.
- ↑ 4.0 4.1 "Sujatha Singh is India's next foreign secretary". Business Standard. 2 July 2013. http://www.business-standard.com/article/news-ians/sujatha-singh-is-india-s-next-foreign-secretary-113070200872_1.html। আহৰণ কৰা হৈছে: 3 July 2013.
- ↑ "Mrs Sujatha Singh, Ambassador of India, Embassy of India, Berlin". Embassy of India, Berlin. Archived from the original on 22 June 2013. https://web.archive.org/web/20130622074329/http://www.indianembassy.de/pages.php?id=7। আহৰণ কৰা হৈছে: 3 July 2013.
- ↑ "Sujatha Singh to succeed Ranjan Mathai as foreign secretary". The Times of India. 3 July 2013. http://timesofindia.indiatimes.com/india/Sujatha-Singh-to-succeed-Ranjan-Mathai-as-foreign-secretary/articleshow/20885400.cms। আহৰণ কৰা হৈছে: 3 July 2013.
- ↑ "Sujatha Singh set to take her place in corner room". The New Indian Express. 30 June 2013. Archived from the original on 18 March 2014. https://web.archive.org/web/20140318085432/http://www.newindianexpress.com/thesundaystandard/Sujatha-Singh-set-to-take-her-place-in-corner-room/2013/06/30/article1659435.ece। আহৰণ কৰা হৈছে: 3 July 2013.
- ↑ "Sujatha Singh to replace Ranjan Mathai as Foreign Secretary". The New Indian Express. 3 July 2013. Archived from the original on 18 March 2014. https://web.archive.org/web/20140318085435/http://www.newindianexpress.com/nation/Sujatha-Singh-to-replace-Ranjan-Mathai-as-Foreign-Secretary/2013/07/03/article1664791.ece। আহৰণ কৰা হৈছে: 3 July 2013.
- ↑ "Sujatha Singh to be India's next Foreign Secretary". The Indian Express. 2 July 2013. http://www.indianexpress.com/news/sujatha-singh-to-be-indias-next-foreign-secretary/1136601/। আহৰণ কৰা হৈছে: 3 July 2013.
- ↑ Sharma, B. P., Secretariat of the Appoints Committee of the Cabinet (26 January 2015). "Minute". Department of Personnel & Training, Ministry of Personnel, Public Grievances & Pension, Government of India. http://ccis.nic.in/WriteReadData/CircularPortal/D2/D02eod/36-1-15-smi-sjaishankar.pdf.
- ↑ "Sujatha Singh removed as foreign secretary, S Jaishankar appointed in her place". http://timesofindia.indiatimes.com/india/Sujatha-Singh-removed-as-foreign-secretary-S-Jaishankar-appointed-in-her-place/articleshow/46047337.cms.
- ↑ Singh, Neha (29 January 2015). "US Envoy S Jaishankar Replaces Sujata Singh as New Foreign Secretary; Cong Questions Timing". International Business Times, India Edition. http://www.ibtimes.co.in/us-envoy-s-jaishankar-replaces-sujata-singh-new-foreign-secretary-cong-questions-timing-621831.