সমললৈ যাওক

সুধা ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুধা ভট্টাচাৰ্য
জন্ম ৭ মাৰ্চ, ১৯৫২ (৭৩ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা বি. এছচি. (সন্মান) দিল্লী বিশ্ববিদ্যালয় ৰ পৰা, এম. এছচি, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান পৰা পি.এইচডি‍ আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প'ষ্ট ডক্টৰেল
পেচা আণৱিক জীৱবিজ্ঞানী, একাডেমিক, বিজ্ঞানী, লেখক
নিয়োগকৰ্তা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
জনা যায় জিন সংগঠন আৰু প্ৰকাশ বুজিবলৈ কাম কৰা এন্টামোইবা হিষ্ট’লাইটিকা
দাম্পত্যসঙ্গী অলক ভট্টাচাৰ্য

সুধা ভট্টাচাৰ্য (জন্ম ৭ মাৰ্চ ১৯৫১) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বিজ্ঞানী আৰু লেখিকা। মূলতঃ এমিবিয়াছিছৰ সৃষ্টি কৰা পৰজীৱী প্ৰ’ট’জ’য়া এনটাম’বা হিষ্ট’লাইটিকাৰ বিষয়ে কৰা গভীৰ অধ্যয়নৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছে। ড° ভট্টাচাৰ্যৰ পৰীক্ষাগাৰে প্ৰথমে পৰজীৱীৰ বিষয়ে‍ অধ্যয়ন কৰাৰ সময়ত চাৰ্কুলাৰ ডি. এন. এ.-ত ৰাইবোসোমাল আৰ. এন. আৰ. জিন চিনাক্ত কৰিছিল আৰু লগতে পৰজীৰী জিন'মত ৰিট্ৰ'ট্ৰান্সপ'চনৰ পৰিয়ালসমূহ আৱিষ্কাৰ কৰিছিল।[1] তেওঁৰ কাম মূলতঃ আণৱিক পৰজীৱবিজ্ঞান আৰু জিন নিয়ন্ত্ৰণ ক্ষেত্ৰ।

ভট্টাচাৰ্য জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিদ্যালয়ৰ অধ্যাপক। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰত আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ (২০১৪) এগৰাকী ফেল'।[2][3]

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

সুধা ভট্টাচাৰ্যই দিল্লী বিশ্ববিদ্যালয় অধ্যয়ন কৰিছিল আৰু তাৰ পৰাই তেওঁ বি. এছ. চি. ডিগ্ৰী লাভ কৰিছিল। ১৯৭১ চনত উদ্ভিদ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ নতুন দিল্লীৰভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানলৈ যায় আৰু তাত তেওঁ জৈৱ ৰসায়ন আৰু আণৱিক জীৱবিজ্ঞানত এম. এছ. চি. ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৭৩ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে‍ আৰু তাৰ পিছত ১৯৭৭ চনত এছচেৰিচিয়া কলি আৰ. এন. এ সংশ্লেষণ নিয়ন্ত্ৰণ বিষয়ক গৱেষণাৰ বাবে পিএইচ. ডি. অৰ্জন কৰে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত বেক্টেৰিয়াফেজ জেনেটিক্স বিষয়ত প'ষ্ট ডক্টৰেট ডিগ্ৰীৰ পিছৰ গৱেষণা (১৯৭৭–৭৯), বষ্টন বায়’মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটত বেক্টেৰিয়াৰ ডি এন এ প্ৰতিলিপিকৰণ (১৯৭৯-১৯৮১) আৰু নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থত এক্সেনিক বিকাশৰ বিষয়ে‍ অধ্যয়ন কৰে (১৯৮৫–৮৬)।[3]

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পূৰ্বে ভট্টাচাৰ্যই সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ১৯৮১-৮২লৈ‍ গৱেষণা বিষয়া হিচাপে আৰু টাটা গৱেষণা উন্নয়ন আৰু ডিজাইন চেণ্টাৰত ১৯৮২-৮৫লৈ‍ বিজ্ঞানী হিচাপে কাম কৰি সাধাৰণ ৰোগৰ বাবে ডিএনএ-আধাৰিত নিদান পদ্ধতিৰ বিষয়ে‍ গৱেষণা কৰিছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত তেওঁ ১৯৮৬ চনত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল আৰু ই. হিষ্টোলিটিকা বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁৰ পৰীক্ষাগাৰ স্থাপন কৰিছিল। তেওঁ জেএনইউৰ সৈতে যুক্ত বিভিন্ন ব'ৰ্ডৰ শৈক্ষিক সমিতিতো কাৰ্যনিৰ্বাহ কৰিছে।[1] পৰম্পৰাগত জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰা পৰিৱেশবিদসকলক স্বীকৃতি দিয়াৰ প্ৰয়াসত তেওঁ অসমযাদৱ পায়েংক পাইছিল, যিজনে‍ ১,০০ একৰ ঘন ভূমিক গঁড় আৰু হাতীৰ বাবে অৰণ্যলৈ ৰূপান্তৰিত কৰিছিল।[4]

শৈক্ষিক আৰু গৱেষণাৰ সাফল্য

[সম্পাদনা কৰক]

ই. হিষ্ট'লিটিকাৰ সৰল আণৱিক জীৱবিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ নতুন অনুসন্ধানৰ বাবে ড° ভট্টাচাৰ্যই বিশ্বব্যাপী প্ৰশংসা লাভ কৰিছিল। তেওঁৰ পৰীক্ষাগাৰত গোলাকাৰ ডি.এন.এ.-ত ৰাইবোচোমাল আৰ.এন.এ জিনৰ অস্তিত্ব পোৱা গৈছিল আৰু পৰজীৱী জিনমৰ ভিতৰত ৰিট্ৰ'ট্ৰেন্সপ'চনৰ পৰিয়ালসমূহৰ অৱস্থান পাইছিল। আৰ.ডি.এন.এ. ৰ প্ৰতিলিপিকৰণৰ ওপৰত কৰা অধ্যয়নে আৰ.ডী.এন.এ. বৃত্তৰ ভিতৰত প্ৰতিলিপিৰ উৎপত্তিৰ অস্তিত্ব প্ৰতিষ্ঠা কৰিছিল, যিবোৰক বৃদ্ধিৰ প্ৰকাৰৰ প্ৰতিক্ৰিয়াত পৃথকভাৱে ব্যৱহাৰ কৰা হৈছিল। আৰ.আৰ.এন.এ. আৰু আৰ-প্ৰ'টিনৰ অভিব্যক্তি মূল্যায়নে ৰাইবোচোমাল বায়োজেনেছিছৰ উত্তৰ-প্ৰতিলিপি নিয়ন্ত্ৰণ আৱিষ্কাৰ কৰিছিল। ৰিট্ৰ'ট্ৰান্সপ'চন বিষয়ক তেওঁৰ কৰ্মই নিশ্চিত কৰিছিল যে অত্যধিক কম্পনাংক পুনৰ সংযোজনৰ জৰিয়তে ৰিট্ৰট্ৰান্সপ'জিশ্যন পৰ্যবেক্ষণ কৰা হয় - যি ৰিট্ৰ'ট্ৰান্স'পনত নিৰ্ধাৰিত শৃংখলা পলিমাৰ্ফিজমত অৰিহণা যোগাব পাৰে। তেওঁৰ পৰীক্ষাগাৰত ই. হিষ্টোলিটিকা ক্লিনিকেল আইছ'লেটছৰ প্ৰেচাৰ টাইপিংৰ পথ বহল কৰিবলৈ ৰিট্ৰ'ট্ৰান্সপ'চনৰ ব্যাপক সন্নিৱে‍শ স্থান পলিমাৰফিজম প্ৰয়োগ কৰা হৈছিল।[5]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ৰবাৰ্ট মেকনামাৰা ফেল'শ্বিপ, বিশ্ব বেংক (১৯৮৫) [3]
  • ৰকফেলাৰ জৈৱ প্ৰযুক্তি কেৰিয়াৰ ডেভেলপমেণ্ট বঁটা (১৯৮৭) [3]
  • ফ'গাৰ্টি আন্তঃৰাষ্ট্ৰীয় গৱেষণা সহযোগিতা বঁটা (১৯৯৬ আৰু ২০০১) [3]
  • ভাৰতীয় বিজ্ঞান একাডেমী ফেল' (২০০১) ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰত (২০০৮) আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (২০১৪) [3]
  • জে. চি. বসু ৰাষ্ট্ৰীয় ফেল' (২০১৫) [1]
  • গুহ গৱেষণা সন্মিলনৰ সদস্য (১৯৯৩) [1]

অন্যান্য অৱদানসমূহ

[সম্পাদনা কৰক]

ড° ভট্টাচাৰ্যই চিডিআৰআই, আইচিজিইবিৰ দৰে জেএনইউৰ সৈতে সংযুক্ত বিভিন্ন প্ৰতিষ্ঠানৰ শৈক্ষিক সমিতিত কাম কৰিছে। তেওঁ পৰিৱেশ বিজ্ঞান বিদ্যালয়ৰ ডিন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু শৈক্ষিক কাৰ্যসূচীৰ সৰ্বাংগীণ উন্নতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ বাংগালোৰৰ ইণ্ডিয়ান একাডেমী অৱ চাইন্সছৰ পশু আৰু উদ্ভিদ বিজ্ঞান সমিতিৰ বিভাগীয় সমিতিৰ সদস্য আছিল আৰু বৰ্তমান ইয়াৰ পৰিষদলৈ মনোনীত হৈছে। তেওঁ আই.এন.এছ.এ.-ৰ সদস্য গৱেষণা সমিতি, পশু বিজ্ঞান আৰু জৈৱ প্ৰযুক্তিৰ অনুচ্ছেদী সমিতি এক্স-ৰ সদস্য, চি.এছ.আই.আৰ.-ৰ সদস্য, পশু বিজ্ঞান কাৰ্যসূচী উপদেষ্টা সমিতি, এছ.এন.বসু ৰাষ্ট্ৰীয় মৌলিক বিজ্ঞান কেন্দ্ৰৰ পৰিচালনা সমিতি, এছই.আৰ.বি.-ৰ-সদস্য বৈজ্ঞানিক উপদেষ্টা সমিতি, পেথলজি প্ৰতিষ্ঠান, নতুন দিল্লী-ৰ জে. বায়'ছায়েন্সৰ সম্পাদকীয় পৰিষদৰ সদস্য।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]