সমললৈ যাওক

সুনয়না হাজাৰিলাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুনয়না হাজাৰিলাল

২০০৪ চনত সনয়না
জন্ম মুম্বাই, মহাৰাষ্ট্ৰ
পেচা কথক নৃত্যশিল্পী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
সংগীত নাটক একাডেমী বঁটা
অভিনয়ন কলা সৰস্বতী
মহাৰাষ্ট্ৰ গৌৰৱ বঁটা
ৱেবছাইট
www.natwari.org


সুনয়না হাজাৰিলাল অগ্ৰৱাল (ইংৰাজী: Sunayana Hazarilal Agarwal ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু কথকৰ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত তেওঁৰ বিশেষজ্ঞতাৰ বাবে জনা যায়। কোৱা হয় যে কথকৰ জানকীপ্ৰসাদ ঘৰানা বা বেনাৰস ঘৰানাৰ তেওঁৰ একমাত্ৰ জীৱিত অনুশীলনকাৰী।[1] ভাৰত চৰকাৰে ২০১১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান পদ্মশ্ৰী প্ৰদান কৰি তেওঁক সন্মান জনায়।[2]

মুম্বাইত ৰেলৱেৰ এজন বিষয়াৰ ঘৰত জন্মগ্ৰহণ কৰা সুনয়না হাজাৰীলাল সৰুৰে পৰাই শাস্ত্ৰীয় নৃত্য শিকিবলৈ আৰম্ভ কৰে।[4] পিতৃক আন ঠাইলৈ বদলি হোৱাৰ সময়ত কথক শিকাৰ স্বাৰ্থতে তেওঁ মুম্বাইৰ পৰা অন্য ঠাইলৈ যাবলৈ অস্বীকাৰ কৰে। তেওঁ বেনাৰস জানকীপ্ৰসাদ ঘৰানাৰ পৰিচিত প্ৰতিষ্ঠাপক গুৰু হাজাৰীলালৰ তত্বাৱধানত অনুশীলন কৰিছিল।[3]

সুনয়না নটৱাৰী নৃত্য একাডেমীৰ সঞ্চালক[5] আৰু ভাৰতীয় বিদ্যা ভৱন, মুম্বাইৰ সংগীত আৰু নৃত্য শিক্ষাপীঠৰ কথক বিভাগৰ মুৰব্বী। ইয়াৰ উপৰিও তেওঁ আন বহুতো প্ৰতিষ্ঠানৰ ভিজিটিং ফেকাল্টী। আমেৰিকাৰ নিউয়ৰ্ক, ছান ফ্ৰান্সিস্কো আৰু ৰেলেত নৃত্য কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে ইটালী, জাৰ্মানী আৰু বেলজিয়ামৰ দৰে বহু দেশ ভ্ৰমণ কৰিছে। ১৯৯০ চনত লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত (ইউচিএলএ) অতিথি অধ্যাপক হিচাপেও কাম কৰি আহিছে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "How Indian classical dancer defied her family to rise to the top" (en ভাষাত). South China Morning Post. 29 December 2017. https://www.scmp.com/magazines/post-magazine/arts-music/article/2125961/how-indian-classical-dancer-defied-her-family. 
  2. "Padma Shri". Padma Shri. 2014. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014. 
  3. "Kathak.org". Kathak.org. 2014. Archived from the original on 29 November 2014. https://web.archive.org/web/20141129232056/http://www.kathak.org/site/kathak/section.php?id=9081। আহৰণ কৰা হৈছে: 18 November 2014. 
  4. "Interview". Narthaki.com. 13 April 2012. http://www.narthaki.com/info/intervw/intrv137.html। আহৰণ কৰা হৈছে: 18 November 2014. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]