সুনীল ছেত্ৰী
২০০৯ চনত ছেত্ৰী | |||
ব্যক্তিগত তথ্য | |||
---|---|---|---|
জন্ম | ৩ আগষ্ট, ১৯৮৪ (৩৬ বছৰ)[1] | ||
জন্মস্থান | ছেকেন্দ্ৰাবাদ, তেলেংগানা, ভাৰত[1] | ||
উচ্চতা | ১.৭০ মিটাৰ (৫’–৭”)[1] | ||
খেলা স্থান | ষ্ট্ৰাইকাৰ | ||
ক্লাবৰ তথ্য | |||
বৰ্তমানৰ ক্লাব | বাংগালুৰু এফ চি | ||
সংখ্যা | ১১ | ||
যুৱ কেৰিয়াৰ | |||
২০০১-২০০২ | চিটী এফ চি | ||
চিনিয়'ৰ কেৰিয়াৰ* | |||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† |
২০০২-২০০৫ | মোহন বাগান | ১৮ | (৮) |
২০০৫-২০০৮ | জে চি টি মিল্ছ এফ চি | ৪৮ | (২১) |
২০০৮-২০০৯ | ইষ্ট বেংগল | ১৪ | (৯) |
২০০৯-২০১০ | ডেম্পো | ১৩ | (৮) |
২০১০ | কান্ছাছ চিটী ৱিজাৰ্ড্ছ | ০ | (০) |
২০১১ | চিৰাগ ইউনাইটেড | ৭ | (৭) |
২০১১-২০১২ | মোহন বাগান | ১৪ | (৮) |
২০১২-২০১৩ | স্প'ৰ্টিং চি পি বি | ৩ | (০) |
২০১৩ | → চাৰ্চিল ব্ৰাদাৰ্ছ (ঋণ) | ৮ | (৪) |
২০১৩- | বাংগালুৰু এফ চি | ৩২ | (১৫) |
ৰাষ্ট্ৰীয় দল‡ | |||
২০০৪ | ভাৰত U20 | ৩ | (২) |
২০০৫– | ভাৰত | ৭৪ | (৪৫) |
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ ১০ মাৰ্চ ২০১৫.
|
সুনীল ছেত্ৰী (জন্ম ৩ আগষ্ট ১৯৮৪) (নেপালী: सुनिल छेत्री) এজন ভাৰতীয় ফুটবল খেলুৱৈ। আই-লীগত তেওঁ বাংগালুৰু এফ চি দলৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ভাৰতৰ জাতীয় ফুটবল দলৰ তেওঁ বৰ্তমান সহ-অধিনায়ক (মাৰ্চ ২০১৫)।
অন্ধ্ৰ প্ৰদেশৰ ছেকেন্দ্ৰাবাদত (বৰ্তমান তেলেংগানাৰ অন্তৰ্গত) জন্মগ্ৰহণ কৰা ছেত্ৰীয়ে ২০০২ চনত মোহন বাগান দলৰ হৈ নিজৰ পেছাদাৰী কেৰিয়াৰৰ সূচনা কৰে।[2] তাৰ পাছত তেওঁ জে চি টি মিল্ছ দললৈ যায় আৰু ৪৮ খন খেলত ২১ টা গ'ল দিয়ে।[2] ২০১০ চনৰ মেজৰ লীগ ছকাৰৰ বাবে তেওঁ কান্ছাছ চিটী ৱিজাৰ্ড্ছ দলৰ সৈতে চুক্তিবদ্ধ হৈ বিদেশী দলত চুক্তিবদ্ধ হোৱা ভাৰতীয় উপমহাদেশৰ তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয়।[3] অৱশ্যে অলপ দিনৰ ভিতৰতে তেওঁ পুনৰ আই-লীগলৈ ঘূৰি আহি চিৰাগ ইউনাইটেড আৰু মোহন বাগানৰ হৈ খেলে। প্ৰিমেৰিয়া লিগাৰ দল স্প'ৰ্টিং ক্লাব ডি পৰ্তুগালৰ সৈতে চুক্তিবদ্ধ হৈ তেওঁ পুনৰ বিদেশলৈ যায়। তেওঁ ক্লাবটোৰ ৰিজাৰ্ভ দলৰ হৈ খেলাৰ সুবিধা পায়।[4]
ভাৰতৰ জাতীয় ফুটবল দলৰ হৈ ছেত্ৰীয়ে ভাল প্ৰদৰ্শন আগবঢ়াই সুনাম অৰ্জন কৰে। তেওঁ ২০০৭, ২০০৯ আৰু ২০১২ চনৰ নেহৰু কাপৰ লগতে ২০১২ চনৰ SAFF চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ জয়লাভত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। ২০০৮ চনৰ এ এফ চি চেলেঞ্জ কাপতো তেওঁ ভাল প্ৰদৰ্শন আগবঢ়ায় আৰু ভাৰতে জয়লাভ কৰি ২৭ বছৰত প্ৰথমবাৰলৈ এ এফ চি এছিয়ান কাপলৈ যোগ্যতা অৰ্জন কৰে।[5] ২০১১ চনৰ এ এফ চি এছিয়ান কাপতো তেওঁ ভাৰতৰ হৈ দুটা গ'ল দিয়ে।[6]
২০০৭, ২০১১, ২০১৩ আৰু ২০১৪ চনত মুঠ চাৰিবাৰ তেওঁ AIFF বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে।[7] ছনী ছিক্স চেনেলত ফিফা বিশ্বকাপ ২০১৪ৰ তেওঁ ধাৰাভাষ্যকাৰ গোটৰ অংশ আছিল।
ছেত্ৰী বৰ্তমান (১৩ মাৰ্চ ২০১৫) আন্তৰ্জাতিক খেলত ৪৫ টা গ'লেৰে ভাৰতৰ সৰ্বাধিক গ'ল দিয়া খেলুৱৈ।
সন্মান[সম্পাদনা কৰক]
ক্লাব[সম্পাদনা কৰক]
- আই-লীগ(১):২০০৯-১০
- আই-লীগ(১):২০১২-১৩
- আই-লীগ(১):২০১৩-১৪
- ইণ্ডিয়ান ফেডাৰেচন কাপ(১):২০১৪-১৫
জাতীয় দল[সম্পাদনা কৰক]
- নেহৰু কাপ (৩): ২০০৭, ২০০৯, ২০১২
- এ এফ চি চেলেঞ্জ কাপ (১): ২০০৮
- SAFF চেম্পিয়নশ্বিপ (১): ২০১১
ব্যক্তিগত[সম্পাদনা কৰক]
- AIFF বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ (৪): ২০০৭, ২০১১, ২০১৩, ২০১৪
- এ এফগ চি চেলেঞ্জ কাপৰ অতি মূল্যৱান খেলুৱৈ (১): ২০০৮
- নেহৰু কাপত সৰ্বাধিক গ'ল দিওঁতা (১): ২০১২
- SAFF চেম্পিয়নশ্বিপত সৰ্বাধিক গ'ল দিওঁতা (১): ২০১১
- SAFF চেম্পিয়নশ্বিপত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ (১): ২০১১
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 "Sunil Chhetri". Soccerway. http://us.soccerway.com/players/sunil-chhetri/64395/। আহৰণ কৰা হৈছে: 21 August 2013.
- ↑ 2.0 2.1 "Sunil Chhetri". National-Football-Teams. http://www.national-football-teams.com/player/12944/Sunil_Chhetri.html। আহৰণ কৰা হৈছে: 21 August 2013.
- ↑ Wiebe, Andrew. "Wizards sign Indian forward Chhetri". Major League Soccer. http://www.mlssoccer.com/news/article/wizards-sign-indian-forward-chhetri। আহৰণ কৰা হৈছে: 21 August 2013.
- ↑ "Sunil Chhetri joins Sporting Clube de Portugal 'B' side". IBN Live. 21 August 2013. http://ibnlive.in.com/news/sunil-chhetri-joins-sporting-clube-de-portugal-b-side/269478-5-220.html.
- ↑ "AFC Challenge Cup '08: India Win The AFC Challenge Cup '08". Goal.com. http://www.goal.com/en/news/14/asia/2008/08/13/817451/afc-challenge-cup-08-india-win-the-afc-challenge-cup-08। আহৰণ কৰা হৈছে: 21 August 2013.
- ↑ Sengupta, Somnath. "India In AFC Asian Cup 2011: Performance Review". The Hard Tackle. http://www.thehardtackle.com/2011/india-in-afc-asian-cup-2011-performance-review/। আহৰণ কৰা হৈছে: 21 August 2013.
- ↑ "Sunil Chhetri named 2014 AIFF Player of the Year". Times of India. 27 December 2014. http://timesofindia.indiatimes.com/sports/football/top-stories/Sunil-Chhetri-named-2014-AIFF-Player-of-the-Year/articleshow/45661090.cms.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- সুনীল ছেত্ৰী at National-Football-Teams.com
- সুনীল ছেত্ৰী – ফিফা প্ৰতিযোগিতা ৰেকৰ্ড
Sporting positions | ||
---|---|---|
পূৰ্বৱৰ্তী None |
বাংগালুৰু এফ চি অধিনায়ক ২০১৩- |
পৰৱৰ্তী Incumbent |
সাঁচ:Bengaluru FC squad সাঁচ:India squad 2011 AFC Asian Cup সাঁচ:I-League Golden Boot