সমললৈ যাওক

সুনীতা আগৰৱালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সন্মানীয়

Sunita Agarwal
গুজৰাট উচ্চ ন্যায়ালয়ৰ বিচাৰক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৩ জুলাই ২০২৩
মনোনয়নকৰ্তা ধনঞ্জয় ৱাই চন্দ্ৰচূড়
নিয়োগকৰ্তা দ্ৰৌপদী মূৰ্মু
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিচাৰক
কাৰ্যকাল
২১ নৱেম্বৰ ২০১১  ২২ জুলাই ২০২৩
মনোনয়নকৰ্তা এইচ এইচ্ছ কাপাডিয়া
নিয়োগকৰ্তা প্ৰতিভা পাটিল
ব্যক্তিগত তথ্য
জন্ম ৩০ এপ্ৰিল, ১৯৬৬ (৬০ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান অৱধ বিশ্ববিদ্যালয়

সুনীতা আগৰৱালা (ইংৰাজী: Sunita Agarwal, জন্ম: ৩০ এপ্ৰিল ১৯৬৬) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ বৰ্তমান গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৮৯ চনত অৱধ বিশ্ববিদ্যালয়ৰ পৰা আগৰৱালাই আইনী পাঠ্যক্ৰমত স্নাতক অৰ্জন কৰিছিল৷[1]তেওঁ ১৯৯০ চনত উত্তৰ প্ৰদেশৰ বাৰ কাউন্সিলত নামভৰ্তি কৰে আৰু ২০১১ চনৰ ২১ নৱেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে এলাহাবাদত আইন চৰ্চা কৰে। ২০১৩ চনৰ ৬ আগষ্টত আদালতৰ স্থায়ী ন্যায়াধীশ হিচাপে তেওঁ নিযুক্তি লাভ কৰিছিল৷ তেও২ ২০২৮ চনৰ ২৯ এপ্ৰিলত অৱসৰ লোৱাৰ সম্ভাৱনা আছে। বৰ্তমান তেওঁ গুজৰাট উচ্চ ন্যায়ালায়ৰ মুখ্য ন্যায়াধীশ।.[1][2]

বিচাৰকৰ পদ

[সম্পাদনা কৰক]

আগৰৱালাই ভাৰতীয় আইনত কেইবাটাও উল্লেখযোগ্য ৰায়দান কৰিছে৷ যাৰ ভিতৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অধিকাৰক্ষেত্ৰৰ সন্দৰ্ভত এটা উল্লেখযোগ্য ৰায়দানো আছে।[3]

২০১৮ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ত যৌন নিৰ্যাতন সম্পৰ্কীয় অভিযোগ শুনানিৰ বাবে আগৰৱালা আৰু ন্যায়াধীশ নাহিদ আৰা মুনিছক পেনেলত নিযুক্তি দিয়া হৈছিল। কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইন, ২০১৩ৰ বিধানসমূহ মানি চলি এই পেনেলটো নিযুক্তি দিয়া হৈছিল।[4][5]

ন্যায়াধীশ হিচাপে আগৰৱালাই ভাৰতীয় সাংবিধানিক আইনৰ কেইবাটাও উল্লেখযোগ্য ৰায়দানৰ সহ-লেখক। ২০২০ চনৰ মে' মাহত তেওঁ আৰু আন দুজন ন্যায়াধীশে এই নীতি স্থাপন কৰে যে এলাহাবাদৰ উচ্চ ন্যায়ালয়ে তেওঁলোকৰ অধিকাৰক্ষেত্ৰৰ বাহিৰত বাস কৰা ব্যক্তিৰ ওপৰত বিচাৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে, যদিহে গোচৰটো তেওঁলোকৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত সংঘটিত কোনো কাৰ্য্যৰ কাৰণৰ সৈতে জড়িত।[3] এই গোচৰটোৱে এই আইনী নীতি প্ৰতিষ্ঠা কৰিছিল যে উচ্চ ন্যায়ালয়ৰ বিচাৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত বাসস্থান নিৰ্ণায়ক কাৰক হ'ব নোৱাৰে।[3] ২০২০ চনৰ মাৰ্চ মাহত তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠৰ অংশ আছিল যিয়ে এই নীতি প্ৰতিষ্ঠা কৰিছিল যে আগতীয়া জামিনৰ বাবে আবেদন কৰা ব্যক্তিসকলে প্ৰত্যক্ষভাৱে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে, আৰু 'বিশেষ পৰিস্থিতিত' সাধাৰণ অপৰাধ আদালতৰ জৰিয়তে যোৱাৰ প্ৰয়োজন নাই৷[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Hon'ble Mrs. Justice Sunita Agarwal". Allahabad High Court. http://allahabadhighcourt.in/service/judgeDetail.jsp?id=174.
  2. "Eight new Additional Judges for Allahabad HC" (en ভাষাত). Zee News. 2011-11-18. https://zeenews.india.com/news/uttar-pradesh/eight-new-additional-judges-for-allahabad-hc_742573.html আহৰণ কৰা হৈছে: 2020-11-04.
  3. 1 2 3 "Petitioner's residence alone can't determine court's jurisdiction: Allahabad HC" (en ভাষাত). Hindustan Times. 2020-05-06. https://www.hindustantimes.com/lucknow/petitioner-s-residence-alone-can-t-determine-court-s-jurisdiction-allahabad-hc/story-3E9rYGYZZISyb1cM0MjBNM.html আহৰণ কৰা হৈছে: 2020-11-04.
  4. "Panel Set up to Probe Sexual Harassment Complaints in Courts". The New Indian Express. 22 December 2013. https://www.newindianexpress.com/nation/2013/dec/22/panel-set-up-to-probe-sexual-harassment-complaints-in-courts-554297.html আহৰণ কৰা হৈছে: 2020-11-04.
  5. PTI (22 December 2013). "Panel set up to probe sexual harassment complaints in courts" (en ভাষাত). @businessline. https://www.thehindubusinessline.com/news/panel-set-up-to-probe-sexual-harassment-complaints-in-courts/article20702691.ece1 আহৰণ কৰা হৈছে: 2020-11-04.
  6. "Under special circumstances one can directly approach HC for anticipatory bail Allahabad HC" (en ভাষাত). The Week. https://www.theweek.in/wire-updates/national/2020/03/03/lgd23-up-hc-anticipatory%20bail.html আহৰণ কৰা হৈছে: 2020-11-04.