সুনীতা কাম্বলে
সুনীতা কাম্বলে এগৰাকী পশু চিকিৎসক আৰু দলিত মহিলা। তেওঁ ২০১৭ চনত উইমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বঁটাৰদ্বাৰা স্বীকৃতিপ্ৰাপ্ত এগৰাকী ভাৰতীয় ছাগলীৰ পশু চিকিৎসক।[1][2][3]

সুনীতা কাম্বলেৰ ঘৰ মহাৰাষ্ট্ৰৰ ম্হাছৱাদত। এই সমগ্ৰ অঞ্চলটো খৰাং পৰিস্থিতিত পৰি ক্ষতিগ্ৰস্ত হোৱা। সেয়ে ইয়াত পোহনীয়া ছাগলীৰ অৰ্থনৈতিক গুৰুত্বই প্ৰধান, আৰু প্ৰশিক্ষিত পশু চিকিৎসকৰ অভাৱৰ বাবে পোহনীয়া ছাগলীবোৰ অসুস্থ হ’লে উপযুক্ত আৰু সময়মতে যত্ন লোৱাটো কঠিন হৈ পৰিছিল। সুনীতাই মান দেশী ফাউণ্ডেচনৰপৰা "পেৰা-ভেট ছাগলী কাৰ্যসূচী"ত অংশ লৈ ছাগলী প্ৰতিপালনৰ প্ৰশিক্ষণ লৈছিল[4] তেওঁ সেই অঞ্চলটোৰ প্ৰথমজন ছাগলীৰ পশু চিকিৎসক হয়, আৰু সাতজনীয়া "খালি ভৰিৰে পশু চিকিৎসক"ৰ এটা দলৰ নেতৃত্ব দিছিল। গাখীৰ আৰু মাংস উভয়ৰে বাবে ছাগলীৰ প্ৰজনন উন্নত কৰাৰ বাবে তেওঁ তাত কৃত্ৰিম প্ৰজনন সেৱা প্ৰৱৰ্তন কৰে, আৰু ৩৫০ গৰাকী মহিলাক এই কৌশলৰ প্ৰশিক্ষণ দিয়ে। ছাগলীক "অঞ্চলটোৰ মহিলা মুৰব্বী পৰিয়ালসমূহৰ বাবে বিকল্প আৰু বহনক্ষম জীৱিকাৰ বিকল্প" হিচাপে লোৱা দেখা যায়, ই আছিল গাঁৱৰ মহিলাৰ আৰ্থিক স্বাৱলম্বিতাৰ উপায় আৰু তেওঁৰ এই কামক ২০১৭ চনত "মহিলা ৰূপান্তৰকাৰী ভাৰত" বঁটাৰদ্বাৰা স্বীকৃতি দিয়া হয়।[2] এই বঁটা তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে শ্ৰীমতী সুনীতা কাম্বলেক প্ৰদান কৰে।
সুনীতা কাম্বলে সমাজৰ দলিত বা অস্পৃশ্য গোটৰ মহিলা, কিন্তু তেওঁৰ কৰ্ম আৰু কৃতিত্বই তেওঁৰ গাঁৱৰ বিভিন্ন জাতিৰ মহিলা সদস্যসকলক একত্ৰিত কৰিছে: "গাওঁত প্ৰৱেশ কৰাৰ সময়ত, সুনীতাৰ এটা ডাঙৰ কাট আউট দেখিলোঁ। সেই ছবিখনত সুনীতাই হাঁহি আছিল। ... উচ্চ জাতিৰ নেতা -- পুৰুষ -- ঘৰত বহি আছিল, তাইৰ ঘৰত...।"[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Niti Aayog awards 12 women for 'transforming India'". Economic Times. 29 August 2017. https://economictimes.indiatimes.com/news/economy/policy/niti-aayog-awards-12-women-for-transforming-india/articleshow/60281525.cms?from=mdr.
- 1 2 "Backgrounder: Inspiring Stories - Women Transforming India Awards, 2017". NewKerala.com. 29 August 2017. http://www.newkerala.com/news/fullnews-267600.html.
- ↑ "Women achievers open paths to achieve what was perceived as impossible". Hindustan Times. 8 September 2017. https://www.hindustantimes.com/columns/women-achievers-open-paths-to-achieve-what-was-perceived-as-impossible/story-XNadFaRkOAkQocDrTKP27K.html.
- ↑ "Empowering Women Entrepreneurs and their Communities". Mann Deshi Foundation. http://manndeshifoundation.org/। আহৰণ কৰা হৈছে: 17 March 2019.
- ↑ Sinha, Chetna Gala (20 August 2018). "How women in rural India turned courage into capital: TED2018". TED. https://www.ted.com/talks/chetna_gala_sinha_how_women_in_rural_india_turned_courage_into_capital/transcript?language=en#t-9244। আহৰণ কৰা হৈছে: 17 March 2019.