সমললৈ যাওক

সুনীতা দুলাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুনীতা দুলাল
সুনীতা দুলাল
সুনীতা দুলাল
পৃষ্ঠভূমি
জন্ম ২৮ নৱেম্বৰ, ১৯৮৫ (৪০ বছৰ)
পেচা গায়িকা
সক্ৰিয়তাৰ বছৰ ২০০৯–বৰ্তমান

সুনীতা দুলাল (ইংৰাজী: Sunita Dulal, নেপালী: सुनिता दुलाल; জন্ম: ২৮ নৱেম্বৰ, ১৯৮৫) নেপালৰ কাঠমাণ্ডুৰ এগৰাকী বিশিষ্ট নেপালী লোক-গায়িকা। জন্ম সিন্ধুলপালচক জিলাৰ জলবিৰেত তেওঁৰ জন্ম হৈছিল। যোৱা দহ বছৰে নেপালী লোক-সংগীত আৰু আধুনিক গীত গাই আহিছে। সুনীতা দুলাল এগৰাকী বহু প্ৰতিভাসম্পন্ন নেপালী যুৱতী। গায়কীৰ উপৰিও সুনীতা দুলালে অভিনয়ো কৰে। তেও নেপাল টেলিভিছনত অনুষ্ঠান পৰিবেশন কৰে, আৰু মডেলিঙো কৰে। শেহতীয়াকৈ তেওঁ ১৩ সংখ্যক এলবাম মেৰৌ হজুৰ বজাৰত মুকলি কৰিছে যিটো তেওঁ আন এটা জনপ্ৰিয় নেপালী তীজ ফেষ্টিভ এলবাম বুলি প্ৰৰিগণিত হৈছে। তীজ উৎসৱ সাধাৰণতে জুলাইৰ শেষৰ পৰা ছেপ্টেম্বৰৰ আৰম্ভণিলৈকে অনুষ্ঠিত হয়। সুনীতা দুলালে এতিয়া মুক্তি দিছে তেওঁৰ এইবাৰৰ তীজ এলবাম নাচৌ সাৰাৰা; এয়া তেওঁৰ ১৫ সংখ্যক এলবাম য’ত আছে ‘তীজ কৌ আয়ৌ লহাৰা’ আৰু ‘চুপ্পা মই খৌলা’ শীৰ্ষক গীত। ৩৬৫জন নেপালী শিল্পীয়ে মেলানকোলিত পৰিবেশন কৰা এটা পৰিৱেশ সম্পৰ্কীয় গীতত তেওঁ অংশগ্ৰহণ কৰে। এই গীতটোৱে "সৰ্বাধিক একক কণ্ঠস্বৰৰ গীত"ৰ গ্ৰীনিউছ অভিলেখ ভংগ কৰে। গীতটো নিপেশ ধাকাৰ দ্বাৰা ৰচিত, সুৰ আৰু পৰিচালিত কৰা হৈছিল।[1] ২০১৬ চনৰ ১৯ ​​মে'ত দুলালে নিজৰ বেণ্ডৰ সৈতে ৰেডিঅ' নেপাল ষ্টুডিঅ'ত একক গীত বাণীবদ্ধ কৰে আৰু ২০১৭ চনৰ ২ ছেপ্টেম্বৰত কাঠমাণ্ডুৰ সেনা বিষয়া ক্লাবৰ সভাপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে আনুষ্ঠানিকভাৱে মুক্তি দিয়ে।[2]

সুনীতাই তেওঁৰ সংগীত জীৱনত বহুকেইটা বঁটা পাবলৈ সক্ষম হৈছে। ২০১৯ বৰ্ষত ৰেডিঅ' কাণ্টিপুৰ ৯৬.১ৰ পৰা শ্ৰেষ্ঠ মহিলা লোক-গায়িকা বঁটা, নেপাল চৰকাৰৰ পৰা ২০১৮ চনত ৰাষ্ট্ৰীয় প্ৰতিভা পুৰস্কাৰ আদি উল্লেখযোগ্য।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]