সুনীতা ৰাণী
| সুনীতা ৰাণী | |
|---|---|
| ব্যক্তিগত তথ্যাৱলী | |
| জন্ম | ০৪ ডিচেম্বৰ, ১৯৭৯ (৪৬ বছৰ) চুনাম, পঞ্জাব, ভাৰত |
| ক্ৰীড়া | |
| দেশ | ভাৰত |
| ক্ৰীড়া | এথলেটিকছ |
| সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |
| আঞ্চলিক ফাইনেল |
|
সুনীতা ৰাণী (ইংৰাজী: Sunita Rani; জন্ম: ৪ ডিচেম্বৰ ১৯৭৯) পঞ্জাবৰ এগৰাকী ভাৰতীয় এথলীট। তেওঁ ২০০২ চনৰ এছিয়ান গেমছত ১৫০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰিছিল। ১৫০০ মিটাৰ দৌৰত তেওঁৰ ৪:০৬.০৩ ছেকেণ্ডৰ সময় এতিয়াও ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখ হৈ আছে। তেওঁৰ কৃতিত্বৰ বাবে ১৯৯৯ চনত অৰ্জুন বঁটা আৰু ২০১৫ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল।[1] পৰৱৰ্তী সময়ত ডোপিং টেষ্টত ধৰা পৰাৰ অভিযোগত তেওঁ বিতৰ্কত সোমাই পৰিছিল। তেওঁৰ পদকসমূহ কাঢ়ি লোৱা হৈছিল যদিও তদন্তৰ অন্তত সেইসমূহ পুনৰ ঘূৰাই দিয়া হয়।
জীৱন আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]ৰাণী পঞ্জাবৰ চুনামৰ নিবাসী। ২০০২ চনৰ এছিয়ান গেমছৰ প্ৰদৰ্শনৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত, য’ত তেওঁ ১৫০০ মিটাৰত সোণ আৰু ৫০০০ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।[2]
বিতৰ্ক
[সম্পাদনা কৰক]দক্ষিণ কোৰিয়াৰ বুছানত অনুষ্ঠিত ২০০২ চনৰ এছিয়ান গেমছত তেওঁৰ প্ৰদৰ্শনক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। ডোপ টেষ্টত তেওঁৰ দেহত ‘নেণ্ড্ৰ’লন’ নামৰ এক নিষিদ্ধ দ্ৰব্য ধৰা পৰিছিল, যাৰ ফলত তেওঁৰ দুয়োটা পদক কাঢ়ি লোৱা হয়। ভাৰতীয় অলিম্পিক সন্থাই ডোপিং পৰীক্ষাৰ প্ৰক্ৰিয়াত গুৰুতৰ ত্ৰুটি থকাৰ যুক্তি দি যুঁজ দিছিল আৰু ফলাফলসমূহ বৈধ নহয় বুলি প্ৰমাণ কৰিছিল। ৰাণীয়ে দৃঢ়তাৰে কৈছিল যে তেওঁ কোনো নিষিদ্ধ দ্ৰব্য গ্ৰহণ কৰা নাছিল। বুছানলৈ যোৱাৰ প্ৰাকমুহূৰ্তত দিল্লীত কৰা পৰীক্ষাতো তেওঁ উত্তীৰ্ণ হৈছিল।[3]
পিছলৈ এছিয়াৰ অলিম্পিক পৰিষদে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰে যে তেওঁৰ ড্ৰাগ টেষ্টত খেলিমেলি আছিল। ২০০৩ চনৰ ৩ জানুৱাৰীত ইণ্টাৰনেচনেল এছ’চিয়েশ্যন অৱ এথলেটিকছ ফেডাৰেচনছে ৰাণীক ডোপিংৰ অভিযোগৰ পৰা মুক্ত কৰে আৰু তেওঁৰ পদকসমূহ ঘূৰাই দিয়ে।[4] এমেচাৰ এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াই ২০০৩ চনৰ ৪ ফেব্ৰুৱাৰীত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে ৰাণীক পদকসমূহ আনুষ্ঠানিকভাৱে ওভতাই দিয়ে।[5][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 19 October 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.
- ↑ "ये लेडी IPS ने एथलीट बनकर पाया पद्मश्री, कभी रिश्तेदार कहते थे लड़कियों का खेलना नहीं है ठीक" (hi ভাষাত). Dainik Bhaskar. 30 April 2018. https://www.bhaskar.com/news/this-lady-ips-became-an-athlete-found-padma-shri-5862935.html। আহৰণ কৰা হৈছে: 27 July 2019.
- ↑ Chakravarty, Sayantan (2 December 2002). "Hope for Sunita Rani as Indian officials press world athletics bodies to clear her name" (en ভাষাত). https://www.indiatoday.in/magazine/sport/story/20021202-hope-for-sunita-rani-as-indian-officials-press-world-athletics-bodies-to-clear-her-name-794372-2002-12-02.
- ↑ "IAAF clears Sunita Rani of doping charges". www.rediff.com. https://www.rediff.com/sports/2003/jan/03rani.htm। আহৰণ কৰা হৈছে: 27 July 2019.
- ↑ "Sunita Rani to get her medals back on Feb 4". 30 January 2003. https://timesofindia.indiatimes.com/sunita-rani-to-get-her-medals-back-on-feb-4/articleshow/35980297.cms.
- ↑ "Sunita Rani gets rousing reception in Sunam". 6 February 2003. https://timesofindia.indiatimes.com/sunita-rani-gets-rousing-reception-in-sunam/articleshow/36688650.cms.