সমললৈ যাওক

সুন্দৰী কে শ্ৰীধৰণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুন্দৰী কে শ্ৰীধৰণী
জন্ম ৬ এপ্ৰিল, ১৯২৫
হায়দৰাবাদ, সিন্ধ
মৃত্যু ০৭ এপ্ৰিল, ২০১২ (৮৭ বছৰ)
নতুন দিল্লী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসঙ্গী কৃষ্ণলাল শ্ৰীধৰণী

সুন্দৰী কে শ্ৰীধৰণী (ইংৰাজী: Sundari K. Shridharani ; ৬ এপ্ৰিল ১৯২৫ – ৭ এপ্ৰিল ২০১২) ১৯৫০ চনত প্ৰতিষ্ঠা কৰা বহু কলা প্ৰতিষ্ঠান ত্ৰিবেণী কলা সংগমৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ব্ৰিটিছ ভাৰতৰ সিন্ধৰ হায়দৰাবাদত জন্মগ্ৰহণ কৰা শ্ৰীধৰণীয়ে শান্তিনিকেতনত থকাৰ সময়তে নৃত্য শিকিবলৈ আৰম্ভ কৰে। তাৰ পিছত উদয় শংকৰৰ আলমোৰাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত যোগদান কৰে, য’ত তেওঁ গুৰু শংকৰন নাম্বুদিৰীৰ অধীনত কথকলি আৰু গুৰু আমুবি সিঙৰ অধীনত মণিপুৰী নৃত্যৰ প্ৰশিক্ষণ লয়। তেওঁ লণ্ডনৰ জিনাৰ মাৱাৰ স্কুল অৱ ডান্স এণ্ড ড্ৰামাৰ পৰা গ্ৰীক নৃত্য শিকে।[1] কবি, নাট্যকাৰ আৰু সাংবাদিক কৃষ্ণলাল শ্ৰীধৰণীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৪৭ চনত প্ৰাগত প্ৰথম আন্তৰ্জাতিক যুৱ মহোৎসৱত তেওঁ অনুষ্ঠান পৰিৱেশন কৰে আৰু ১৯৫০ চনত তেওঁ ফুলব্ৰাইট ফেল'শ্বিপ লাভ কৰে। লগতে লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰাও বৃত্তি লাভ কৰে, যাৰ দ্বাৰা তেওঁ আমেৰিকাৰ কেইবাখনো বিশ্ববিদ্যালয় ভ্ৰমণ কৰি ভাৰতীয় নৃত্যৰ বিষয়ে বক্তৃতা-প্ৰদৰ্শন দিয়ে।[2]

বিয়াৰ পিছত তেওঁ দিল্লীলৈ স্থানান্তৰ হয় আৰু ১৯৫০ চনত ত্ৰিবেণী কলা সংগম আৰম্ভ কৰে। এই প্ৰতিষ্ঠানখন দিল্লীৰ কনাটপ্লেচৰ এটা কফি হাউছৰ ওপৰৰ এটা কোঠা আৰু টেৰেচৰ পৰা আৰম্ভ হৈছিল, য’ত বিখ্যাত শিল্পী কে এছ কুলকাৰ্ণীৰ অধীনত দুজন ছাত্ৰ আছিল। সোনকালেই তেওঁৰ এই প্ৰচেষ্টা দৃষ্টিগোচৰ হ’ল আৰু পণ্ডিত নেহৰুৱে তেওঁক প্ৰতিষ্ঠানটোৰ বাবে আধা একৰ মাটি আবণ্টন দিয়ে। লাহে লাহে তেওঁ এটা দল সংগঠিত কৰি কনচাৰ্টৰ আয়োজন কৰিবলৈ ধৰিলে। এনেকৈয়ে ধন সংগ্ৰহ কৰি অৱশেষত ১৯৫৭ চনৰ আশে-পাশে প্ৰতিষ্ঠানখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু শেষত ১৯৬৩ চনৰ ৩ মাৰ্চত বৰ্তমানৰ ভৱনটো উদ্বোধন কৰা হয়।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

সাঁচ:Padma Shri Award Recipients in Art