সুন্দৰৱতী নৱাল প্ৰভাকৰ
সুন্দৰৱতী নৱাল প্ৰভাকৰ | |
---|---|
লোকসভাৰ সদস্য, কেৰল বাগ (লোকসভা সমষ্টি)ৰ পৰা | |
কাৰ্যকাল ১৯৮৪ চন – ১৯৮৯ চন | |
পূৰ্বসূৰী | ধৰম দাস শাস্ত্ৰী |
উত্তৰসূৰী | কলকা দাস |
ব্যক্তিগত তথ্য | |
জন্ম | ৯ ছেপ্টেম্বৰ, ১৯২২ |
মৃত্যু | ২৪ মাৰ্চ, ২০১০ (৮৭ বছৰ) দিল্লী, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
সুন্দৰৱতী নৱাল প্ৰভাকৰ (১৯২২–২০১০) দিল্লীৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ। অষ্টম লোকসভাত তেওঁ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯২২ চনৰ ৯ ছেপ্টেম্বৰত সুন্দৰৱতীয়ে দিল্লীত জন্মগ্ৰহণ কৰিছিল। তেওঁ প্ৰাক্-মেট্ৰিক স্তৰলৈকে শিক্ষা লাভ কৰিছিল।[1]
=কৰ্মজীৱন
[সম্পাদনা কৰক]সুন্দৰৱতী ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল।[2] তেওঁ চীন-ভাৰত যুদ্ধ (১৯৬২) আৰু ১৯৬৫ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ত প্ৰতিৰক্ষা পুঁজিৰ বাবে স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল।সমাজ সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰীয়ে তেওঁক কৱচ প্ৰদান কৰিছিল। ১৯৭২ চনৰ পৰা ১৯৮০ আৰু ১৯৮২–৮৪ চনলৈকে দিল্লী অনুসূচিত জাতি বিত্তীয় আৰু উন্নয়ন নিগমৰ তেওঁ সঞ্চালিকা আৰু দিল্লী মহানগৰ পৰিষদৰ সদস্য আছিল। ১৯৮০ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত জয়ী হয় আৰু অষ্টম লোকসভাত কেৰল বাগক তেওঁ প্ৰতিনিধিত্ব কৰে।[1]
সংসদ সদস্য হিচাপে থকা কালত সুন্দৰৱতীয়ে ব্যক্তিগত সদস্যৰ বিধেয়ক আৰু প্ৰস্তাৱ সমিতিত কাৰ্যনিৰ্বাহ কৰিছিল। শিৱাজী মহাবিদ্যালয় আৰু দিল্লীৰ সমাজ কল্যাণ পৰিষদৰ পৰিচালন সমিতিৰ সদস্যও আছিল।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৩৬ চনত সুন্দৰৱতীয়ে আইএনচিৰ ৰাজনীতিবিদ নৱল প্ৰভাকৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ আঠটা সন্তান জন্ম হয়।[1]২০১০ চনৰ ২৪ মাৰ্চত দিল্লীত সুন্দৰৱতী প্ৰভাকৰৰ মৃত্যু হয়।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Members Bioprofile: Nawal Prabhakar, Shrimati Sundarwati". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/3094.htm। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ 2.0 2.1 2.2 "The Speaker made references to the tragic demise of Mr. Lech Kaczynski". IndiaKanoon.org. 15 April 2010. https://indiankanoon.org/doc/1684107/। আহৰণ কৰা হৈছে: 27 November 2017.