সমললৈ যাওক

সুপিনিয়া ক্লাংনাৰং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুপিনিয়া, ২০০৯

সুপিনিয়া ক্লাংনাৰং (Supinya Klangnarong; জন্ম ১৯৭৬) এগৰাকী থাইলেণ্ডৰ মাধ্যমৰ অধিকাৰ কৰ্মী আৰু বৰ্তমান 'কেম্পেইন ফৰ পপুলৰ মিডিয়া ৰিফৰ্ম' (CPMR)-ৰ উপ-সভানেত্ৰী। তেওঁ চুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰ কলা শাখাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ থাম্মাছাট বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণসংযোগত স্নাতকোত্তৰ আৰু ৱেষ্টমিনিষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা কমিউনিকেচন পলিচি এণ্ড ৰেগুলেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

তেওঁ ২০০৩—২০০৮ চনলৈ CPMR-ৰ সাধাৰণ সম্পাদিকা হিচাপে কাম কৰিছিল আৰু ২০০৬—২০০৯ চনলৈ 'ফ্ৰীডম এগেইনষ্ট চেন্সৰশ্বিপ থাইলেণ্ড' (FACT)-ৰ সহ-প্ৰতিষ্ঠাপক তথা সমন্বয়ক আছিল। সুপিনিয়াই বৰ্তমান ইণ্টাৰনেট অধিকাৰ গোট 'থাই নেটিজেন নেটৱৰ্ক' (TNN)-ৰ সমন্বয়ক হিচাপে কাম কৰি আছে।[1]

২০১১ চনৰ ছেপ্টেম্বৰ মাহত সুপিনিয়াক থাইলেণ্ডৰ 'নেচনেল ব্ৰডকাষ্টিং এণ্ড টেলিকমিউনিকেচন কমিচন' (NBTC)-ৰ মাধ্যম বিশেষজ্ঞ হিচাপে নিৰ্বাচিত কৰা হয়। এই আয়োগে দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী মাধ্যমসমূহ পৰিচালনা কৰে। ২০২০ চনৰ পৰা তেওঁ 'কফেক্ট থাইলেণ্ড' (Cofact Thailand) আৰু 'ডিজিটেল থিংকাৰ্ছ ফ'ৰাম'ৰ সহ-প্ৰতিষ্ঠাপক হিচাপে কাম কৰি আছে।

২০০৩ চনৰ ১৬ জুলাইত থাই ভাষাৰ দৈনিক কাকত থাই পোষ্ট-ত সুপিনিয়াৰ এটা মন্তব্য প্ৰকাশ পাইছিল। তাত তেওঁ কৈছিল যে থাইলেণ্ডৰ তদানীন্তন প্ৰধানমন্ত্ৰী থাক্ষিন চিনোৱাট্ৰাৰ পৰিয়ালৰ মালিকানাধীন 'চিন কৰ্পোৰেচন'-এ চৰকাৰৰ নীতিৰ পৰা বিশেষ সুবিধা লাভ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত চিন কৰ্পোৰেচনে সুপিনিয়া আৰু বাতৰি কাকতখনৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ তৰে আৰু ক্ষতিপূৰণ হিচাপে ৪০০ নিযুত থাই বাট দাবী কৰে। পৰৱৰ্তী সময়ত চিন কৰ্পোৰেচনে ক্ষমা খুজিলে গোচৰটো প্ৰত্যাহাৰ কৰিব বুলি প্ৰস্তাৱ দিছিল যদিও সুপিনিয়াই সেয়া নাকচ কৰে।

২০০৬ চনৰ ১৪ মাৰ্চত অপৰাধমূলক আদালতে গোচৰটো খাৰিজ কৰি কয় যে থাই পোষ্ট-ত প্ৰকাশিত লেখাটো জনস্বাৰ্থৰ খাতিৰতহে লিখা হৈছিল। ২০০৬ চনৰ ৮ মে'ত চিন কৰ্পোৰেচনে দেৱানী গোচৰটোও প্ৰত্যাহাৰ কৰে।

এই সমগ্ৰ বিবাদক লৈ ২০০৭ চনত পিম্পাকা ট’ৱিৰাৰ পৰিচালনাত দ্য ট্ৰুথ বি টোল্ড: দ্য কেচেল এগেইনষ্ট সুপিনিয়া ক্লাংনাৰং নামৰ এখন স্বতন্ত্ৰ তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "About the Thai Netizen Network". Thai Netizen Network. https://thainetizen.org/about/ আহৰণ কৰা হৈছে: 11 April 2021.[সংযোগবিহীন উৎস]
  2. Delaying the truth Archived 2007-10-24 at the Wayback Machine, The Nation (Thailand); retrieved 2007-12-03