সমললৈ যাওক

সুপ্ৰিয়া চুলে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুপ্ৰিয়া সদানন্দ চুলে

২০১৪ চনত চুলে
সংসদৰ সদস্য, লোকসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬ মে' ২০০৯
পূৰ্বসূৰী শ্বাৰদ পাৱাৰ
উত্তৰসূৰী =
সমষ্টি বৰমতী, মহাৰাষ্ট্ৰ
লোকসভাত জাতীয়তাবাদী কংগ্ৰেছ দলৰ (শৰদচন্দ্ৰ পাৱাৰ) নেতা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৭ ফেব্ৰুৱাৰী ২০২৪ (2024-02-07)
ৰাষ্ট্ৰীয় সভাপতি শ্বাৰদ পাৱাৰ
এল এছ অধ্যক্ষ তেওঁ বিৰলা
পূৰ্বসূৰী কাৰ্যালয় প্ৰতিষ্ঠা কৰা হৈছে
জাতীয়তাবাদী কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি (শৰদচন্দ্ৰ পাৱাৰ)
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১ জুন ২০২৪
ৰাষ্ট্ৰীয় সভাপতি শ্বাৰদ পাৱাৰ
ৰাজ্যসমূহৰ প্ৰভাৰী *মহাৰাষ্ট্ৰ
বিভাগ লোকসভা (নিৰ্বাচনৰ মুৰব্বী)
পূৰ্বসূৰী কাৰ্যালয় প্ৰতিষ্ঠা কৰা হৈছে
সংসদৰ সদস্য, ৰাজ্যসভা
কাৰ্যকাল
১৮ ছেপ্টেম্বৰ ২০০৬ – ৩১ মে' ২০০৯
সমষ্টি মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সদস্যৰ তালিকা
ব্যক্তিগত তথ্য
জন্ম
সুপ্ৰিয়া পাৱাৰ

৩০ জুন, ১৯৬৯ (৫৫ বছৰ)
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
ৰাজনৈতিক দল জাতীয়তাবাদী কংগ্ৰেছ দল (শৰদচন্দ্ৰ পাৱাৰ) (২০২৪–বৰ্তমান)
আন ৰাজনৈতিক
সম্পৰ্ক
জাতীয়তাবাদী কংগ্ৰেছ দল (২০০৯–২০২৪)
দাম্পত্যসঙ্গী সদানন্দ চুলে (বি. ১৯৯১)
সন্তান
পিতৃ শ্বাৰদ পাৱাৰ
বাসস্থান
শিক্ষানুষ্ঠান জয় হিন্দ কলেজ, মুম্বাই
পেচা

সুপ্ৰিয়া সদানন্দ চুলে (ইংৰাজী: Supriya Sadanand Sule; জন্ম-৩০ জুন ১৯৬৯) জাতীয়তাবাদী কংগ্ৰেছ দল (শৰদচন্দ্ৰ পাৱাৰ)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০০৯ চনৰ পৰা বাৰামতীক প্ৰতিনিধিত্ব কৰা সাংসদ৷ তেওঁ লোকসভাৰ সদস্য৷ ২০১৪ চনত তেওঁ লোকসভাত জাতীয়তাবাদী কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰে৷ ২০২৩ চনৰ পৰা তেওঁ কংগ্ৰেছ দলৰ কাৰ্য্যকৰী ৰাষ্ট্ৰীয় সভাপতি।

ইয়াৰ পূৰ্বে ২০০৬ চনৰ পৰা ২০০৯ চনলৈকে মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনত তেওঁ মহিলা ভ্ৰুণহত্যাৰ বিৰুদ্ধে ৰাজ্যব্যাপী অভিযান আৰম্ভ কৰিছিল।[1] শেহতীয়াকৈ তেওঁক সমাজ সেৱাৰ বাবে অল লেডিজ লীগে মুম্বাই ৱমেন অৱ দ্য ডেকেড এচিভাৰ্ছ বঁটাৰে সন্মানিত কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ভাৰতীয় ৰাজনীতিবিদ তথা জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ প্ৰতিষ্ঠাপক শৰদ পাৱাৰ আৰু তেওঁৰ পত্নী প্ৰতিভা পাৱাৰৰ ঘৰত ১৯৬৯ চনৰ ৩০ জুনত পুনেত চুলেৰ জন্ম হয়। গামদেৱীৰ ছেইণ্ট কলম্বা স্কুলৰ পৰা এছএছচি উত্তীৰ্ণ হয়। মুম্বাইৰ জয় হিন্দ কলেজত শিক্ষা গ্ৰহণ কৰি তেওঁ বি. মাইক্ৰ’বায়’লজীত ডিগ্ৰী লাভ কৰিছে।

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০০৬ চনৰ ছেপ্টেম্বৰ মাহত মহাৰাষ্ট্ৰৰ পৰা তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়৷[2]তেওঁ মুম্বাইৰ নেহৰু কেন্দ্ৰৰ ন্যাসৰক্ষী।

২০১২ চনত চুলেৰ নেতৃত্বত ৰাষ্ট্ৰবাদী যুৱতী কংগ্ৰেছ নামৰ শাখাটো গঠন কৰি কিশোৰীসকলক ৰাজনীতিত মঞ্চ প্ৰদান কৰা হয়। তেওঁলোকৰ নেতৃত্বত সমগ্ৰ মহাৰাষ্ট্ৰতে কেইবাখনো ৰেলীৰ আয়োজন কৰা হৈছে য'ত মহিলা ভ্ৰুণৰ গৰ্ভপাত, যৌতুক ব্যৱস্থা আৰু সাধাৰণতে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।.[3]

চুলে লোকসভাৰ সদস্য হিচাপে সংসদীয়ভাৱে জড়িত হোৱাৰ বাবে পৰিচিত৷[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Supriya Sule to launch statewide campaign against female foeticide". Daily Bhaskar. Archived from the original on 16 August 2011. https://web.archive.org/web/20110816202155/http://daily.bhaskar.com/article/MAH-PUN-supriya-sule-to-launch-statewide-campaign-against-female-foeticide-2270303.html. 
  2. "Rajya Sabha members". http://164.100.47.5/Newmembers/alphabeticallist_all_terms.aspx। আহৰণ কৰা হৈছে: 2009-12-31. 
  3. "Young, female and a march ahead - Indian Express". archive.indianexpress.com. http://archive.indianexpress.com/news/young-female-and-a-march-ahead/963639/। আহৰণ কৰা হৈছে: 2022-07-10. 
  4. "MP Supriya Sule Emerges As Best Performer In Lok Sabha Second Time - SheThePeople TV" (en-US ভাষাত). https://www.shethepeople.tv/news/supriya-sule-best-performer-mp-lok-sabha/। আহৰণ কৰা হৈছে: 2022-07-10.