সমললৈ যাওক

সুবৰ্ণা মুস্তাফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুবৰ্ণা মুস্তাফা

২০১৭ চনত মুস্তাফা
স্থানীয় নাম সুবৰ্ণা মুস্তাফা
জন্ম ০২ ডিচেম্বৰ, ১৯৫৯ (৬৬ বছৰ)[1]
ঢাকা, পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)
শিক্ষা এমএ (ইংৰাজী)
শিক্ষানুষ্ঠান ঢাকা বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭৮–বৰ্তমান
ৰাজনৈতিক দল বাংলাদেশ আৱামী লীগ
দাম্পত্যসঙ্গী
  • হুমায়ুন ফৰিদী (বি. ১৯৮৪; বিবি. ২০০৮)
  • বদ্ৰুল আনাম সৌদ (বি. ২০০৮)
বাংলাদেশ জাতীয় সংসদৰ সদস্য
কাৰ্যকাল
২০ ফেব্ৰুৱাৰী ২০১৯  ৬ আগষ্ট ২০২৪
উত্তৰসূৰী নাছিমা জামান (ববী)
সমষ্টি সংৰক্ষিত মহিলা আসন–৪

সুবৰ্ণা মুস্তাফা (ইংৰাজী: Suborna Mustafa; জন্ম: ২ ডিচেম্বৰ ১৯৫৯)[2][1] এগৰাকী বাংলাদেশী টেলিভিছন, চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী।[3] তেওঁ ২০১৯ চনৰপৰা ২০২৪ চনলৈকে সংৰক্ষিত মহিলা আসন–৪ৰপৰা প্ৰতিনিধিত্ব কৰা এজন প্ৰাক্তন জাতীয় সংসদ সদস্য। তেওঁ বাংলাদেশ আৱামী লীগ দলৰ এগৰাকী সক্ৰিয় সদস্য।[4]

মুস্তাফা তেওৰ টেলিভিছন ধাৰাবাহিকসমূহ যেনে কোথাও কেউ নেই (১৯৯০), আজ ৰবিবাৰ (১৯৯৯) আৰু অয়োময় (১৯৯১)ত কৰা অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।[5] তেওঁ নতুন বহু (১৯৮৩) আৰু গহীন বালুচৰ (২০১৭) ছবিৰ বাবে দুবাৰকৈ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰিছে।[6] ২০১৯ চনত বাংলাদেশ চৰকাৰে তেওঁক সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে একুশে পদক প্ৰদান কৰে।[7]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

সুবৰ্ণা মুস্তাফাৰ জন্ম ১৯৫৯ চনৰ ২ ডিচেম্বৰত ঝালকাঠি জিলাৰ নলছিটী উপজিলাৰ দপদপীয়া ইউনিয়নত হৈছিল।[1] তেওঁৰ পিতৃ গোলাম মুস্তাফা এজন প্ৰখ্যাত চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা আছিল। তেওঁৰ মাতৃ হুচনে আৰা মুস্তাফা অল ইণ্ডিয়া ৰেডিঅ', ৰেডিঅ' পাকিস্তান আৰু বাংলাদেশ বেতাৰৰ এগৰাকী ৰেডিঅ' প্ৰযোজক আছিল।[8] তেওঁৰ কেমেলিয়া মুস্তাফা নামৰ এগৰাকী ভগ্নী আছে।[9] সুবৰ্ণা মুস্তাফাই শৈশৱৰ বেছিভাগ সময় ঢাকাৰ এলিফেণ্ট ৰোডত থকা মোমায়েকৰ ঘৰত কটাইছিল আৰু ভিকাৰুন্নিছা নুন স্কুলত পঢ়িছিল।[10]

কেৰিয়াৰ

[সম্পাদনা কৰক]

সুবৰ্ণা মুস্তাফাই জহিৰ ৰায়হানৰ উপন্যাসৰ আধাৰত নিৰ্মিত টেলিভিছন নাটক বৰফ গলা নদীৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।[5] তেওঁ অফজল হোচেইনৰ সৈতে ৰক্তে আঙুৰ লতা নাটকত অভিনয় কৰিছিল।[11] ইয়াৰ উপৰি তেওঁ মামুনুৰ ৰছিদৰ নিৰ্দেশনাত বাংলাদেশ টেলিভিছনৰ প্ৰথমটো পেকেজ ড্ৰামা ধাৰাবাহিক শিল্পীত অভিনয় কৰিছিল।[11]

মঞ্চ জগতত মুস্তাফাই অল মনচুৰৰ জণ্ডিচ ও বিবিধ বেলুনৰ জৰিয়তে ভৰি দিছিল।[12] ২০০৯ চনত তেওঁ এটিএন বাংলাৰ বাবে আকাশ কুসুম নামৰ এটা একক খণ্ডৰ নাটকৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।[13]

চলচ্চিত্ৰ জগতত সুবৰ্ণা মুস্তাফাই ১৯৮০ চনত ঘুড্ডিৰ জৰিয়তে অভিষেক ঘটায়।[11] ১৯৮৪ চনত তেওঁ জফৰ ইকবালৰ সৈতে নয়নৰ আলোত অভিনয় কৰে।[11] পৰৱৰ্তী সময়ত তেওঁ লাল সবুজেৰ পালা, পালাবি কোথায়, সূৰুজ মিঞা, অপহৰণ, দূৰত্ব, হেডমাষ্টাৰ, কমাণ্ডাৰ, খণ্ড গল্প ৭১, আঁখি ও তাৰ বন্ধুৰা আৰু শংখনীল কাৰাগাৰৰ দৰে বহুতো ছবিত অভিনয় কৰিছে।[11]

এগৰাকী দীৰ্ঘদিনীয়া ক্ৰিকেট অনুৰাগী হিচাপে মুস্তাফাই ২০১৫ চনৰপৰা 'ৰেডিঅ' ভূমি'ত ক্ৰিকেট ধাৰাভাষ্যকাৰ হিচাপে কাম কৰি আহিছে।[14][15] চেন্সৰবোৰ্ডৰ সদস্য হিচাপে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা নিৰ্বাচন প্ৰক্ৰিয়াতো অংশগ্ৰহণ কৰে।[1]

২০২৪ চনৰ জুলাই বিপ্লৱৰ সময়ত মুস্তাফাই আৱামী লীগৰ নেতৃত্বত থকা চৰকাৰৰপক্ষ লৈছিল।[16] সেই সময়ত তেওঁ ফেৰদৌচ আহমেদকে ধৰি চৰকাৰ পন্থী অন্য শিল্পীসকলৰ সৈতে মিলি 'আলো আসবেই' নামৰ এটা হোৱাটছএপ গ্ৰুপ খুলিছিল।[17]

আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত ২০২৪ চনৰ ৩ ছেপ্টেম্বৰত সেই হোৱাটছএপ গ্ৰুপটোৰ বাৰ্তালাপৰ কিছু স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত বিয়পি পৰে।[18] নৱেম্বৰ মাহত বাংলাদেশ আৰক্ষীয়ে মুস্তাফা আৰু তেওঁৰ স্বামীক বিদেশ ভ্ৰমণৰপৰা বাধা প্ৰদান কৰে।[19]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৮৪ চনত মুস্তাফাই বাংলাদেশী অভিনেতা হুমায়ুন ফৰিদীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০০৮ চনৰ ১৮ মাৰ্চত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।[9] পৰৱৰ্তী সময়ত ২০০৮ চনৰ জুলাই মাহত তেওঁ বদ্ৰুল আনাম সৌদৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[20]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "bn:সুবৰ্ণা মুস্তাফাৰ জন্মদিন আজ" (bn ভাষাত). dainikamadershomoy.com. https://dainikamadershomoy.com আহৰণ কৰা হৈছে: 2024-06-02.
  2. "Actress Subarna Mustafa marries TV play director Soud" (en ভাষাত). The Daily Star. 2008-07-09. https://thedailystar.net.
  3. Kamol, Ershad (16 June 2006). "Illuminating the Small Screen Subarna Mustafa on Contemporary Entertainment". The Daily Star. http://thedailystar.net.
  4. "Aroma, Suborna to become MP as Awami League names 41 for reserved seats". bdnews24.com. 2019-02-08. https://bdnews24.com.
  5. 1 2 (bn ভাষাত)The Daily Star Bangla. 2016-08-27. https://thedailystar.netাক্ষাৎকাৰ/ইণ্ডাষ্ট্ৰিতে-সবচেয়ে-কাছেৰ-বন্ধু-76575.[সংযোগবিহীন উৎস]
  6. "National Film Award-2017 and 2018". Ministry of Information. https://moi.gov.bd আহৰণ কৰা হৈছে: 2019-11-07.
  7. "21 named for Ekushey Padak" (en ভাষাত). The Daily Star. 2019-02-07. https://thedailystar.net.
  8. Naziba Basher (15 May 2017). "The person I am today is because of my mother - Suborna Mustafa". The Daily Star. http://thedailystar.net.
  9. 1 2 (bn ভাষাত)banglanews24.com. 12 March 2013. http://banglanews24.com.
  10. "Going back in time with Suborna Mustafa" (en ভাষাত). The Daily Star. 2010-12-10. https://thedailystar.net.
  11. 1 2 3 4 5 (bn ভাষাত)The Daily Star Bangla. 2019-12-02. https://thedailystar.net.
  12. "Golam Mustafa: Father extraordinaire" (en ভাষাত). The Daily Star. 2013-06-16. https://thedailystar.net.
  13. "Suborna Mustafa: Expanding horizons" (en ভাষাত). The Daily Star. 2010-07-23. https://thedailystar.net.
  14. "Suborna to give live commentary during Bangladesh-Afghanistan match". The New Nation. 18 February 2015. Archived from the original on 2015-07-06. https://web.archive.org/web/20150706093507/http://thedailynewnation.com/.
  15. "Living the dream: Suborna Mustafa". The Daily Star. 22 July 2015. http://thedailystar.net.
  16. "Shock and surprise grip entertainment arena after chats discovery" (en ভাষাত). daily-sun. September 2024. Archived from the original on 2024-09-05. https://web.archive.org/web/20240905205145/https://www.daily-sun.com/ আহৰণ কৰা হৈছে: 2024-09-04.
  17. "Alo Ashbei WhatsApp group message leaked" (en ভাষাত). The Daily Star. https://thedailystar.net আহৰণ কৰা হৈছে: 2024-09-04.
  18. "'Throw hot water on protesters': 'Alo Ashbei' artistes' WhatsApp group under fire" (en ভাষাত). The Daily Star. 2024-09-03. https://thedailystar.net আহৰণ কৰা হৈছে: 2024-09-04.
  19. "Suborna Mustafa, husband not allowed to fly aboard". New Age (Bangladesh). 30 November 2024. Archived from the original on 1 December 2024. https://web.archive.org/web/20241201002343/https://www.newagebd.net/.
  20. "Suborna ties the knot again". bdnews24.com. 7 July 2008. http://bdnews24.com.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]