সুভদ্ৰা হৰণ (নাট)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সুভদ্ৰা হৰণ
লিখক শ্ৰীৰাম আতা
চৰিত্ৰসমূহ কৃষ্ণ

অৰ্জুন
বলোভদ্ৰ

সুভদ্ৰা
মূল ভাষা ব্ৰজাৱলী ভাষা
বিষয় ধাৰ্মিক

সুভদ্ৰা হৰণ নাটখন শংকৰোত্তৰ যুগৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। নাটখনৰ মাজেৰে অৰ্জুন সুভদ্ৰাৰ প্ৰেম পূৰ্ণ মিলনৰ কাহিনী প্ৰকাশ পাইছে। সুভদ্ৰা হৰণৰ কাহিনীভাগ 'ভাগৱত পুৰাণ' আৰু 'মহাভাৰত'ত পোৱা যায় যদিও, শ্ৰীৰাম আতাই ইয়াৰ কাহিনীভাগ গ্ৰহণ কৰিছে অনন্ত কন্দলীৰ 'শেষ দশমৰ পৰাহে।[1]যদিও নাটখনিৰ মূল ভাগ 'দশম স্কন্ধ'ৰ পৰা গ্ৰহণ কৰিছে , তথাপি মূলত বৰ্ণনা নকৰা কিছু চৰিত্ৰ তথা ঘটনাংশ 'সুভদ্ৰা হৰণ'ত নিজাকৈ সংযোগ ঘটাইছে।[2] মুঠ ২০টা সংস্কৃত শ্লোক আৰু তিনিটা ভটিমা আছে। নাটত থকা তিনিওটা ভটিমা ব্ৰজাৱলী ঠাঁচত ৰচনা কৰা। নাটত আশোৱাৰী, পৰিতাল, শ্ৰীগান্ধাৰ, যৌতিমান, কানৰা, পৰিতাল, শ্ৰী, পয়াৰ, মাহুৰ, সুহাই, ধনশ্ৰী, শ্ৰীগৌৰী, ৰূপকতাল, এতালী, বেলোৱাৰ, কল্যাণ আদি ৰাগত ১৫টা মান গীত আছে।[3]

চৰিত্ৰ[সম্পাদনা কৰক]

কাহিনী[সম্পাদনা কৰক]

ভগবান শ্ৰীকৃষ্ণৰ অনুগ্ৰহক পঞ্চ পাণ্ডবে ইন্দ্ৰপ্ৰস্থত মহা আনন্দত ৰাজপাট ভোগ কৰি আছিল। এনেতে এদিনাখন এগৰাকী ব্ৰাহ্মণে আহি অৰ্জুনক তেওঁৰ গৰুবোৰ চোৰে চুৰি কৰি লৈ যোৱা বুলি অভিযোগ দিয়ে আৰু গৰুবোৰ উদ্ধাৰ কৰি দিয়াৰ বাবে অৰ্জুনক অনুৰোধ জনায়। অৰ্জুনে গৰুবোৰ উদ্ধাৰ কৰি আনি বাহ্মণক দিয়ে যদিও নাৰদ মুনিয়ে বান্ধি দিয়া গৃহবাসৰ নিয়ম উলঙ্ঘা কৰাৰ বাবে এটি বছৰ বনবাস খাটিবলৈ সাজু হ'ল। যুধিষ্ঠিৰ আৰু দ্ৰৌপদীয়ে অৰ্জুনক তেনে কৰিবলৈ হাক দিয়ে। অৰ্জুনে নিজৰ সিদ্ধান্তত অটল থাকি সকলোৰে পৰা অনুমতি লৈ সন্ন্যাসীবেশত বনবাসলৈ গ'ল। ইফালে নাৰদে কৃষ্ণ বলোভদ্ৰৰ ভগ্নী সুভদ্ৰাৰ আগত অৰ্জুনৰ ৰূপ গুণ গাই সুভদ্ৰাৰ অন্তৰত অৰ্জুনৰ প্ৰতি প্ৰেমৰ বীজ ৰোপণ। সুভদ্ৰাই অৰ্জুনক পাবলৈ ব্যাকুল হ'ল। ইফালে বসুদেৱে সুভদ্ৰা বিবাহযোগ্যা হোৱাত সুভদ্ৰাৰ বিবাহৰ বাবে অৰ্জুনেই সুপাত্ৰ বুলি কোৱাত বলোভদ্ৰই অসন্মতি প্ৰকাশ কৰে আৰু মিত্ৰ দুৰ্যোধনৰ লগত বিবাহ দিবলৈ মত প্ৰকাশ কৰে | সুভদ্ৰাই এই কথা জানিবলৈ পাই অৰ্জুনক নাপালে প্ৰাণ বিসৰ্জন দিব বুলিও মনতে সংকল্প লয়। ইফালে নাৰদে অৰ্জুনৰ মনতো সুভদ্ৰাৰ প্ৰতি প্ৰেম ভাৱ জগাই তোলে। অৰ্জুনে সুভদ্ৰাক পাবলৈ ব্যাকুল হৈ দ্বাৰকালৈ গমন কৰে। দ্বাৰকাত শ্ৰীকৃষ্ণৰ সাক্ষাত হয়, অৰ্জুনে সকলো কথা বিৱৰি কোৱাত কৃষ্ণই সুভদ্ৰাক হৰণ কৰি নিয়াৰ উপায় কৈ দিয়ে। দ্বাৰকাত দেৱযাত্ৰা মহোৎসৱৰ দিনা অৰ্জুনে শ্ৰীকৃষ্ণৰ দিহা মতে সুভদ্ৰাক হৰণ কৰি লৈ যায়। বলোৰামে সৈন্যমুখে এই কথা জানিবলৈ পাই ক্ৰোধান্বিত হৈ অৰ্জুনক খেদি যাবলৈ উদ্যত হয় যদিও শ্ৰীকৃষ্ণৰ তত্ত্বপূৰ্ণ কথা শুনি বলোভদ্ৰই নিজ কৰ্তব্য বুজি পায় আৰু অৰ্জুনলৈ সুভদ্ৰাক বিয়া দিবলৈ মান্তি হয়। ইন্দ্ৰপ্ৰস্থত অৰ্জুন সুভদ্ৰাৰ বিবাহ কাৰ্য শ্ৰীকৃষ্ণৰ কৃপাত সুকলমেৰে সম্পন্ন হয়।[4]

শ্ৰীৰাম আতাৰ চমু পৰিচয়[সম্পাদনা কৰক]

শংকোৰত্তৰ যুগৰ এগৰাকী বিশিষ্ট নাট্যকাৰ শ্ৰীৰাম আতা গোপাল আতাৰ প্ৰধান শিষ্য। শ্ৰীৰাম আতা একাধাৰে এগৰাকী বিশিষ্ট সংস্কৃত পণ্ডিত, ধৰ্মাচাৰ্য, অভিনেতা, গীতিকাৰ আৰু নাট্যকাৰ।[5] তেখেতৰ জন্ম হয় ষোড়শ শতাব্দীৰ শেষ ভাগত। শ্ৰীৰাম আতাৰ পিতৃৰ নাম আছিল গোবিন্দ মিশ্ৰ। গোপাল আতাই এওঁক কালঝাৰ সত্ৰৰ ধৰ্মাচাৰ্য পাতিছিল। শ্ৰীৰাম আতাৰ পত্নীৰ নাম আছিল যমুনা আৰু পুত্ৰদ্বয়ৰ নাম আছিল পৰমানন্দ আৰু ৰামানন্দ দ্বিজ। শ্ৰীৰাম আতাই 'সুভদ্ৰা হৰণ'ৰ উপৰিও 'ঘোষা পটল' শাস্ত্ৰ ৰচনা কৰিছিল।[6]


তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৮৩). অসমীয়া নাট্য সাহিত্য. প্ৰকাশক ৰিহাবাৰী গুৱাহাটী: সৌমাৰ প্ৰিণ্টিং এণ্ড পাব্লিসিং প্ৰাইভেট লিমিটেড. 
  2. মজুমদাৰ, উত্তম (২০০৫). সুভদ্ৰা হৰণ নাট. প্ৰকাশক অভয়াপুৰী: সাহা বুক ষ্টল. পৃষ্ঠা. ১. 
  3. দাস, প্ৰবীন (সম্পা) (১৯৮৮). সুভদ্ৰা হৰণ নাট. প্ৰকাশক গুৱাহাটী ২১: পূৰ্ব প্ৰকাশ. 
  4. দাস, প্ৰবীন (সম্পা) (১৯৮৮). সুভদ্ৰা হৰণ নাট. প্ৰকাশক গুৱাহাটী ২১: পূৰ্ব প্ৰকাশ. 
  5. ৰাজবংশী, সৰস্বতী (২০১৬). নাট্যালোচনা. প্ৰকাশক গুৱাহাটী ৩: অলিম্পিয়া প্ৰকাশ. পৃষ্ঠা. ৬৬. ISBN 978-93-87035-04-1. 
  6. মজুমদাৰ, উত্তম (২০০৫). সুভদ্ৰা হৰণ নাট. প্ৰকাশক অভয়াপুৰী: সাহা বুক ষ্টল. পৃষ্ঠা. ২.