সমললৈ যাওক

সুভাষ দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুভাষ দত্ত

২০১২ চনৰ এটা সাক্ষাৎকাৰৰ সময়ত সুভাষ দত্ত
স্থানীয় নাম সুভাষ দত্ত
জন্ম ৯ ফেব্ৰুৱাৰী, ১৯৩০[1]
দিনাজপুৰ জিলা, বাংলাদেশ,বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ১৬ নৱেম্বৰ, ২০১২ (৮২ বছৰ)[2]
ঢাকা,বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
পেচা চলচ্চিত্ৰ প্ৰযোজক,অভিনেতা,ডিজাইনাৰ
দাম্পত্যসঙ্গী সিমা দত্ত (–2001; widower)[3]
বঁটা, সন্মান, পুৰস্কাৰ আদি জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ, বাংলাদেশ (১৯৭৬), একুশে পদক (১৯৯৯)


সুভাষ দত্ত (ইংৰাজী: Subhash Dutta)(জন্ম-৯ ফেব্ৰুৱাৰী ১৯৩০, মৃত্যু-১৬ নৱেম্বৰ ২০১২) এজন বিখ্যাত বাংলাদেশী চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰশিল্পী আৰু অভিনেতা। আৰম্ভণিতে তেওঁ এগৰাকী চিত্ৰশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।[4] দত্ত সত্যজিৎ ৰায়ৰদ্বাৰা অতিশয় প্ৰভাবিত হৈছিল আৰু সত্যজিতৰ প্ৰতি তেওঁৰ গভীৰ মৰমৰ বাবে তেওঁক দত্তজিৎ উপনাম দিয়া হৈছিল।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

কৰ্মজীৱনৰ আৰম্ভণিতে দত্তই ফিল্ম পোষ্টাৰ আৰ্টিষ্ট হিচাপে কাম কৰিছিল। তেওঁ পূব পাকিস্তানত (বৰ্তমান বাংলাদেশ) নিৰ্মিত প্ৰথম বাংলা ভাষাৰ চিনেমা মুখ অ মুখোছ (১৯৫৬)ৰ পোষ্টাৰ আঁকিছিল। ১৯৬৪ চনত তেওঁৰ প্ৰথমখন চিনেমা সুতৰাং পৰিচালনা কৰে।[4]  ১৯৬৫ চনত ফ্ৰেংকফৰ্ট উৎসৱত (Frankfurt Festival) এই ছবিখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰে।[4]১৯৭২ চনত তেওঁ অৰণ্যক নাট্যদলৰ সৈতে অভিনয় কৰে।[4]

২০১২ চনত দত্ত

তেওঁৰ পৰিচালিত চিনেমাসমূহে ফ্নম পেন (Phnom Penh) চলচ্চিত্ৰ মহোৎসৱ (১৯৬৮) আৰু মস্কো চলচ্চিত্ৰ মহোৎসৱ (১৯৬৭, ১৯৭৩, ১৯৭৯)ত বঁটা লাভ কৰে। তেওঁৰ অভিনয়ৰ বাবে পাকিস্তান চলচ্চিত্ৰ মহোৎসৱৰ(১৯৬৫) পৰাও বঁটা লাভ কৰে।[4]

ব্যক্তিগত জীৱন আৰু মৃত্যু

[সম্পাদনা কৰক]

দত্তৰ দুজন পুত্ৰ শিৱাজী আৰু ৰাণাজী আৰু দুগৰাকী কন্যা শিল্পী আৰু শতাব্দী।[4]

২০১২ চনৰ ১৬ নৱেম্বৰত ঢাকাৰ ৰাম কৃষ্ণ মিছন ৰোডৰ নিজৰ ঘৰত হৃদৰোগত আক্ৰান্ত হৈ দত্তৰ মৃত্যু হয়।[2][5]১৭ নৱেম্বৰৰ পুৱা ৯ বজাত তেওঁৰ মৃতদেহ তেওঁৰ বাসগৃহৰপৰা ৰামকৃষ্ণ মিছনলৈ লৈ যোৱা হয় আৰু তাত ধৰ্মীয় অনুষ্ঠানৰ অন্তত সকলো শ্ৰেণীৰ লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে মৃতদেহটো কেন্দ্ৰীয় শ্বহীদ মিনাৰলৈ যোৱা হয়। তেওঁৰ মৃতদেহ পুৱা ১১ বজাৰপৰা দুপৰীয়া ১ বজালৈ শ্বহীদ মিনাৰত ৰখা হৈছিল। সেই সময়ত পৰিয়ালৰ সদস্যৰ উপৰি ৰাজনৈতিক নেতা আৰু কৰ্মী, কবি, সাহিত্যিক বুদ্ধিজীৱী আৰু সকলো শ্ৰেণীৰ লোকে ইয়াত তেওঁক শেষ শ্ৰদ্ধা জনাইছিল। আৰু তাতেই তেওঁৰ স্মৃতিত এখন শোকপুথি মুকলি কৰা হয়। এইগৰাকী মহান শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বহু লোকে শোকপুথিখনত ​​শিল্পীগৰাকীৰ গৌৰৱৰ বিষয়ে লিখিছিল। শ্বহীদ মিনাৰত তেওঁকঢাকা জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় মৰ্য্যাদাৰে গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। শ্বহীদ মিনাৰৰপৰা দুপৰীয়া তেওঁৰ মৃতদেহ তেওঁৰ দীৰ্ঘদিনীয়া কৰ্মস্থলী বাংলাদেশ ফিল্ম উন্নয়ন কৰ্পৰেশ্যনলৈ(এফ. ডি. চি) লৈ যোৱা হয়। এফ. ডি. চি. ৰ বিষয়া-কৰ্মচাৰী, শিল্পী, কলা-কুশলীসকলে তেওঁক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে। এফ ডি চিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁৰ মৃতদেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে পোস্তগোলা শ্মশানলৈ লৈ যোৱা হয়। আৰু তাতেই তেওঁক চিৰকাললৈ সমাধিস্থ কৰা হ’ল।[7][8]

পৰিচালিত চলচ্চিত্ৰ

[সম্পাদনা কৰক]

অভিনীত চলচ্চিত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]
  1. "Subash Dutta is no longer alive". Prothom Alo. 2012-11-16. Archived from the original on 2012-11-18. https://web.archive.org/web/20121118003242/http://www.prothom-alo.com/detail/date/2012-11-16/news/306006. 
  2. 2.0 2.1 2.2 "Subhash passes away". The Daily Star. 2012-11-16. http://www.thedailystar.net/news-detail-257839. 
  3. "Subhash Dutta cremated". bdnews24.com. http://www.bdnews24.com/details.php?id=236481&cid=2. 
  4. 4.0 4.1 4.2 4.3 4.4 "Chole gelen Subhash Dutt". Prothom Alo. http://www.eprothomalo.com/index.php?opt=view&page=1&date=2012-11-17. 
  5. 5.0 5.1 "Filmmaker Subhash Dutta no more". bdnews24.com. 2012-11-16. http://bdnews24.com/details.php?id=236397&cid=2. 
  6. "Nigar Award 1962: 19 September, 1963 Hotel Metropol Karachi". http://www.oocities.org/thenigar/nigaraward1962.html। আহৰণ কৰা হৈছে: 14 April 2013. 
  7. নিজা প্ৰতিবেদক ৰাষ্ট্ৰীয় মৰ্যাদায় সুভাষ দত্তেৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন[সংযোগবিহীন উৎস]সাঁচ:অকাৰ্যকৰ সংযোগ দৈনিক নয়া দিগন্ত, ১৭ নভেম্বৰ, ২০১২
  8. বণিক বাৰ্তা ডেস্ক ৰাষ্ট্ৰীয় মৰ্যাদায় সুভাষ দত্তেৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন সাঁচ:ওয়েব আৰ্কাইভ দৈনিকবণিক বাৰ্তা, ১৭ নভেম্বৰ, ২০১২
  9. Gazdar 1997, পৃষ্ঠা 254
  10. Gazdar 1997, পৃষ্ঠা 262
  11. 11.0 11.1 Gazdar 1997, পৃষ্ঠা 257
  12. 12.0 12.1 Gazdar 1997, পৃষ্ঠা 265
  13. 13.0 13.1 13.2 13.3 13.4 13.5 13.6 Hasan, Khalid (22 February 2018). "Subhash Dutta: The Visual Storyteller". The Daily Observer (Dhaka). Archived from the original on 24 February 2018. https://web.archive.org/web/20180224065606/http://www.observerbd.com/details.php?id=123681. 
  14. 14.0 14.1 14.2 14.3 Gazdar 1997, পৃষ্ঠা 250
  15. Raju 2002, পৃষ্ঠা 11
  16. Shikdar 2004, পৃষ্ঠা 110