সমললৈ যাওক

সুমাইৰা তাজিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুমাইৰা তাজিন
জন্ম ১৯৭৩[1]
হায়দৰাবাদ, সিন্ধ, পাকিস্তান
শিক্ষানুষ্ঠান নেচনেল কলেজ অৱ আৰ্ট
পেচা চিত্ৰশিল্পী
শিক্ষাবিদ
আত্মীয়-স্বজন জামিল আহমেদ (পিতৃ)
ৰিয়াজ আহমেদ (ভাতৃ)

সুমাইৰা তাজিন কানাডা ভিত্তিক পাকিস্তানী শিল্পী যিয়ে সমসাময়িক ক্ষুদ্ৰ শিল্পৰ বিশেষজ্ঞ।[2] নেচনেল কলেজ অৱ আৰ্টছৰ স্বৰ্ণ পদক বিজয়ী তাজিনে দ্বিতীয় ৰাণী এলিজাবেথ (১৯৯৭), পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফ (২০০৬) আৰু জৰ্ডানৰ ৰাণী ৰানিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰভাৱশালী ব্যক্তিৰ আগত তেওঁৰ কৰ্মৰাজি উপস্থাপন কৰিছে।[2]

হায়দৰাবাদত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত তাজিনে লাহোৰৰ নেচনেল কলেজ অৱ আৰ্টছ (এনচিএ)ৰ পৰা ক্ষুদ্ৰ চিত্ৰকলাৰ বিশেষজ্ঞতাৰে সূক্ষ্ম কলাত স্নাতক ডিগ্ৰী লাভ কৰে। এনচিএত তেওঁ অসাধাৰণ ছাত্ৰীৰ বাবে সোণৰ পদক আৰু ক্ষুদ্ৰ চিত্ৰকলাৰ বাবে হাজী মহম্মদ শ্বৰীফ বঁটা লাভ কৰে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

পৰম্পৰাগত গিল্ডিং কৌশলৰ নিপুণ শিল্পী হিচাপে পৰিচিত তাজিনে টৰণ্টোৰ আগা খান সংগ্ৰহালয়কে ধৰি বিভিন্ন প্ৰতিষ্ঠান আৰু মিচিছাগাৰ আৰ্ট গেলেৰীত বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰিছে।[3][4] তাজিনৰ একক প্ৰদৰ্শনীৰ লগতে নিৰ্বাচিত দলীয় প্ৰদৰ্শনীসমূহ নিউয়ৰ্ক চহৰ, লণ্ডন, আম্মান, মিলান, মিচিছাগা, ঢাকা, লাহোৰ আৰু কৰাচীকে ধৰি সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে।[5] ২০০৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ কৰাচীৰ ইণ্ডাছ ভেলী স্কুল অৱ আৰ্ট এণ্ড আৰ্কিটেকচাৰত ক্ষুদ্ৰ চিত্ৰকলা বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে অধ্যাপনা কৰিছিল।[2][6] তেওঁৰ আন আন উল্লেখযোগ্য অৱদানসমূহৰ ভিতৰত আছে, গুল আহমেদ টেক্সটাইলত ৰঙৰ পৰামৰ্শদাতা আৰু বস্ত্ৰ ডিজাইনাৰ, কৰাচীৰ অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ চিত্ৰকৰ আৰু সিন্ধ গৱৰ্ণৰ হাউছৰ বাবে ক্ষুদ্ৰ ছবি প্ৰস্তুত কৰা।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Enrico Mascelloni (2004). Arte dall'Asia centrale. Idra. https://books.google.com/books?id=ErWfAAAAMAAJ. 
  2. 2.0 2.1 2.2 "In conversation with Sumaira Tazeen | artnow". Artnowpakistan.com. http://www.artnowpakistan.com/in-conversation-with-sumaira-tazeen/। আহৰণ কৰা হৈছে: 2018-02-20. 
  3. "Zarafshan: An Introduction to Gilding Techniques with Sumaira Tazeen". Archived from the original on 2018-02-13. https://web.archive.org/web/20180213021656/https://www.agakhanmuseum.org/learn/event/zarafshan-introduction-gilding-techniques-sumaira-tazeen। আহৰণ কৰা হৈছে: 2025-03-10. 
  4. "Sumaira Tazeen". Canvas Art Gallery. Archived from the original on 2018-02-14. https://web.archive.org/web/20180214165212/http://www.canvasartgallery.net/xhtml/exhibitions/previous_exhibitions/2010/5_group_show/sumaira_tazeen.html। আহৰণ কৰা হৈছে: 2018-02-20. 
  5. Tahir, Minewa (15 January 2015). "Greener on the other side: Sumaira Tazeen takes to miniature to showcase struggle of immigrants". The Express Tribune. https://tribune.com.pk/story/822456/greener-on-the-other-side-sumaira-tazeen-takes-to-miniature-to-showcase-struggle-of-immigrants/?amp=1। আহৰণ কৰা হৈছে: 2018-02-20. 
  6. "Artmart: Young at art". Dawn.Com. 21 March 2010. https://www.dawn.com/news/858677। আহৰণ কৰা হৈছে: 2018-02-20.