সমললৈ যাওক

সুমিত্ৰানন্দন পন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুমিত্ৰাণন্দন পন্ত
Sumitranandan Pant
জন্ম ২০ মে', ১৯০০
কৌসানি, নৰ্থ-ৱেষ্টাৰ্ন প্ৰভিন্সেছ, ব্ৰিটিছ ভাৰত
মৃত্যু ২৮ ডিচেম্বৰ, ১৯৭৭ (৭৭ বছৰ)
প্ৰয়াগৰাজ, উত্তৰ প্ৰদেশ, ভাৰত
পেচা সাহিত্যিক, কবি
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা হিন্দী সাহিত্য
বিষয় সংস্কৃত
উল্লেখযোগ্য বঁটা পদ্মভূষণ (১৯৬১)
জ্ঞানপীঠ বঁটা (১৯৬৮)

সুমিত্ৰাণন্দন পন্ত (২০ মে’ ১৯০০ – ২৮ ডিচেম্বৰ ১৯৭৭)[1] এগৰাকী খ্যাতনামা ভাৰতীয় কবি আছিল। বিংশ শতিকাৰ সকলোতকৈ প্ৰশংসিত হিন্দী কবিসকলৰ ভিতৰত তেওঁ এগৰাকী উল্লেখযোগ্য কবি। তেওঁৰ ৰোমাণ্টিক ধাৰাৰ কবিতাসমূহেই তেওঁক বহুল জনপ্ৰিয় কৰি তুলিছিল। তেওঁৰ কবিতাৰ প্ৰধান অনুপ্ৰেৰণা আছিল প্ৰকৃতি, মানুহ আৰু সৌন্দৰ্যৰ অনুভৱ।[2]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

তেওঁৰ পিতৃ এজন স্থানীয় চাহবাগিছাৰ ব্যৱস্থাপক (মেনেজাৰ) আৰু লগতে মাটিৰ মালিক আছিল, ফলস্বৰূপে পন্তে তেওঁৰ শৈশৱত অৰ্থনৈতিক অভাৱৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। তেওঁ জন্মস্থানৰ গাঁওখনতেই ডাঙৰ হৈছিল আৰু গ্ৰাম্য ভাৰতৰ সৌন্দৰ্য আৰু স্বাদৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম আজীৱন অটুট আছিল, যাৰ স্পষ্ট প্ৰতিকৃতি তেওঁৰ প্ৰায় সকলো গুৰুত্বপূৰ্ণ ৰচনাত দেখা যায়।

১৯১৮ চনত পন্ত বেনাৰেছস্থিত কুইন্স কলেজত অধ্যয়ন আৰম্ভ কৰিছিল। তাত থাকোঁতে তেওঁ সৰোজিনী নাইডু আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ লেখনী, লগতে ইংৰাজী ৰোমাণ্টিক কবিসকলৰ সৃষ্টি পঢ়িবলৈ আৰম্ভ কৰিছিল। এই সাহিত্যিকসকলৰ প্ৰভাৱ তেওঁৰ চিন্তাৰ জগত আৰু সাহিত্যিক প্ৰৱণতাক গভীৰভাৱে প্ৰভাবিত কৰিছিল।[2] ১৯১৯ চনত তেওঁ আৰু অধ্যয়নৰ বাবে এলাহাবাদলৈ স্থানান্তৰিত হৈ কলেজত ভৰ্তি হৈছিল। ব্ৰিটিছ-বিৰোধী মানসিকতাৰ বাবে তেওঁ কেৱল দুবছৰ কলেজত অধ্যয়ন চলাইছিল। তাৰপাছত তেওঁ কবিতা ৰচনাত অধিক মনোনিৱেশ কৰিলে আৰু ১৯২৬ চনত পল্লৱ প্ৰকাশ কৰিলে। এই কাব্যসংগ্ৰহই জয়শংকৰ প্ৰসাদৰদ্বাৰা আৰম্ভ হোৱা হিন্দী সাহিত্যৰ নৱ-জাগৰণ যুগত পন্তক শক্তিশালী সাহিত্যিক প্ৰতিমূৰ্তি হিচাপে প্ৰতিষ্ঠিত কৰে। কিতাপখনৰ ভূমিকাত পন্তে মন্তব্য কৰিছিল যে হিন্দী ভাষাভাষীয়ে “এটা ভাষাত ভাবি অন্য ভাষাত নিজকে প্ৰকাশ কৰে,”[2] আৰু তেওঁৰ মত মতে ব্ৰজ ভাষা যুগোচিত নহ’ল। সেয়েহে তেওঁ এটা নতুন ৰাষ্ট্ৰীয় ভাষাৰ বিকাশক সহায় কৰিব বিচাৰিছিল।

১৯৩১ চনত পন্ত কালাকংকৰলৈ স্থানান্তৰিত হ’ল। নবছৰ ধৰি তেওঁ প্ৰকৃতিৰ সান্নিধ্যত এটা একান্ত জীৱন-যাপন কৰিলে। এই সময়ছোৱাতেই তেওঁ কাৰ্ল মাৰ্ক্স আৰু মহাত্মা গান্ধীৰ চিন্তা-চেতনা আৰু সাহিত্যৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিল, আৰু সেই সময়ত ৰচিত কবিতাসমূহত তেওঁলোকক দৰ্শনত উলিয়াই বহু শ্লোক উৎসৰ্গা কৰিছিল।[1] ১৯৪১ চনত তেওঁ পুনৰ আলমোৰাত উভতি আহিল আৰু উদয় শংকৰ কালচাৰেল চেণ্টাৰত নাট্য-শিক্ষা গ্ৰহণ কৰিলে। এই সময়তেই তেওঁ শ্ৰী অৰবিন্দৰ The Life Divine পঢ়িলে, যিয়ে তেওঁৰ চিন্তা-জগতত গভীৰ প্ৰভাৱ পেলাইছিল। তিনিবছৰ পাছত তেওঁ মাদ্ৰাজ আৰু তাৰপাছত পণ্ডিচেৰীলৈ স্থানান্তৰিত হ’ল আৰু শ্ৰী অ’ৰবিন্দৰ আশ্ৰমত সময় অতিবাহিত কৰিলে। ১৯৪৬ চনত পন্ত পুনৰ এলাহাবাদলৈ উভতি আহি ভাৰতৰ অগ্ৰণী সাহিত্যিকসকলৰ মাজত তেওঁৰ ভূমিকা পুনৰ গঢ়ি তোলে।

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

তেওঁক হিন্দী সাহিত্যৰ ছায়াবাদ শৈলীৰ অন্যতম মুখ্য কবি হিচাপে মান্যতা দিয়া হয়।[1] পন্তে মূলতঃ হিন্দী ভাষাত সাহিত্য ৰচনা কৰিছিল। তেওঁ নিজৰ সাহিত্যজীৱনত কবিতা, পদ্য, নাটক আৰু প্ৰবন্ধ ৰচনা কৰিছিল।

ছায়াবাদী কাব্যৰ উপৰি পন্তে প্ৰগতিশীল, সমাজবাদী, মানৱতাবাদী[3] আৰু দাৰ্শনিক (যাৰ মুখ্য প্ৰভাৱ শ্ৰী অৰবিন্দ) ধাৰাৰ বহু কবিতা ৰচনা কৰিছিল। অৱশেষত পন্তে এই শৈলী অতিক্ৰম কৰি নতুন সাহিত্যিক দিশলৈ অগ্ৰসৰ হয়। তেওঁৰ প্ৰখ্যাত অনুবাদক আৰু গৱেষক ডেভিড ৰুবিনৰ ভাষ্য অনুসৰি— “চল্লিছৰ দশকৰ আৰম্ভণিতে নতুন মনস্তাত্ত্বিক আৰু পৰীক্ষামূলক ‘শৈলী’ উদীয়মান হৈছিল। নিৰালা আৰু পন্তৰ দুয়োজনৰে ক্ষেত্ৰত একেটা ধৰণে দেখা গৈছিল যে এই নতুন ধাৰাসমূহ জনপ্ৰিয় হোৱাৰ আগতেই তেওঁলোকে নিজৰ লেখনীত নতুন পৰীক্ষামূলক দিশ অৱলম্বন কৰিছিল।”[2]

মহাপ্ৰাণ নীৰালাই মন্তব্য কৰিছিল—

পন্তজীৰ লেখনীৰ আটাইতকৈ শক্তিশালী দিশটো হৈছে— শ্বেলীৰ নিচিনা অসংখ্য উপমা–ৰূপকৰ সহায়ত তেওঁ নিজৰ কাব্যক মধুৰ, কোমল আৰু স্নিগ্ধ কৰি তোলে।

বঁটা আৰু সম্মান

[সম্পাদনা কৰক]

১৯৬০ চনত পন্তে ভাৰতৰ একাডেমী অৱ লেটাৰ্চদ্বাৰা প্ৰদান কৰা সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ কালা অৰু বুড্ঢা চান্দ কাব্যসংগ্ৰহৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।[1]

১৯৬৮ চনত পন্ত জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম হিন্দী কবি হিচাপে প্ৰতিষ্ঠিত হয়। ভাৰতৰ সাহিত্যক্ষেত্ৰৰ সৰ্বোচ্চ স্বীকৃতি বুলি পৰিগণিত এই বঁটাখন তেওঁ নিজৰ বিখ্যাত কবিতাসমূহৰ সংগ্ৰহ চিতাম্বৰাৰ বাবে লাভ কৰিছিল।[1][4]

১৯৬১ চনত ভাৰত চৰকাৰে তেওঁক পদ্ম ভূষণ বঁটাৰে সন্মানিত কৰিছিল।[5][1]

সুমিত্ৰাণন্দন পন্তে আই.আই.টি. ৰূৰ্কীৰ কুলগীত “—‘জয়তি জয়তি বিদ্যা প্ৰতিষ্ঠান’” ৰচনা কৰিছিল।

১৯৭৭ চনৰ ২৮ ডিচেম্বৰত ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ (প্ৰয়াগৰাজ)ত পন্তৰ মৃত্যু হয়। কৌসনীত থকা তেওঁৰ শৈশৱৰ ঘৰটো সংগ্ৰহালয়লৈ ৰূপান্তৰিত হৈছে। এই সংগ্ৰহালয়ত তেওঁৰ দৈনন্দিন ব্যৱহাৰৰ প্ৰবন্ধ, তেওঁৰ কবিতাৰ খচৰা, চিঠি, তেওঁৰ বঁটা, গ্ৰন্থ, গল্প ইত্যাদি প্ৰদৰ্শন কৰা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 "पर्वत प्रदेश में पावास" (hi ভাষাত). स्पर्श भाग 2. NCERT. পৃষ্ঠা. 25. ISBN 81-7450-647-0. Archived from the original on 21 October 2020. http://ncertbooks.prashanthellina.com/class_10.Hindi.Sparsh/K-5.pdf। আহৰণ কৰা হৈছে: 19 October 2020. 
  2. 2.0 2.1 2.2 2.3 Rubin, David (1993). The Return of Sarasvati: Four Hindi Poets. Oxford University Press. pp. 105–106. আই.এচ.বি.এন. 978-0195643695
  3. "Chhayavaadi Poet Sumitranandan Pant". Youtube. https://www.youtube.com/watch?v=CTWrBxcysOU. 
  4. "Jnanpith Laureates Official listings". Jnanpith Website. Archived from the original on 13 October 2007. https://web.archive.org/web/20071013122739/http://jnanpith.net/laureates/index.html। আহৰণ কৰা হৈছে: 25 November 2025. 
  5. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. http://mha.gov.in/sites/default/files/Year_Wise_main_25042017.pdf। আহৰণ কৰা হৈছে: 21 July 2015.