সমললৈ যাওক

সুমিত্ৰা নায়ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুমিত্ৰা নায়ক
ব্যক্তিগত তথ্যাৱলী
নাগৰিকত্ব ভাৰতীয়
জন্ম ৮ মাৰ্চ ২০০০
ডুবুৰী, যাজপুৰ জিলা, ওড়িশা, ভাৰত
শিক্ষা কলা শাখাৰ স্নাতক
শিক্ষানুষ্ঠান কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল চাইন্সেচ
সক্ৰিয় হৈ থকা সময় ২০০৭~
ক্ৰীড়া
ক্ৰীড়া ৰাগবী
প্ৰশিক্ষক ৰুদ্ৰকেশ জানা, নাছিৰ হুছেইন

সুমিত্ৰা নায়ক (জন্ম: ৮ মাৰ্চ ২০০০) ওড়িশাৰ যাজপুৰৰ এগৰাকী মহিলা ৰাগবী খেলুৱৈ।[1] তেওঁ ভাৰতৰ হৈ কেইবাটাও পদক জয় কৰিছে আৰু ২০১৯ চনৰ এছিয়ান উইমেন চেম্পিয়নশ্বিপত ছিংগাপুৰৰ বিৰুদ্ধে এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত পেনাল্টি কিক মাৰি দেশক ব্ৰঞ্জৰ পদক বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[2]

ব্যক্তিগত জীৱন আৰু পটভূমি

[সম্পাদনা কৰক]

নায়কৰ জন্ম ২০০০ চনৰ ৮ মাৰ্চত ওড়িশাৰ যাজপুৰ জিলাৰ ডুবুৰী গাঁৱত হৈছিল। দেউতাকে মাকক নিৰ্যাতন চলোৱাৰ বাবে তেওঁৰ মাকে সন্তানকেইটিক লৈ তেনেই কম বয়সতে ভুৱনেশ্বৰলৈ গুচি আহিছিল। এবাৰ নায়কৰ দেউতাকে তেওঁলোকক ঘৰৰ ভিতৰতে আৱদ্ধ কৰি পৰিয়ালটোক জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা কৰিছিল। তেওঁৰ মাকে সন্তানক ডাঙৰ-দীঘল কৰিবলৈ আনৰ ঘৰত কাম কৰিবলগীয়া হৈছিল।[1]

ভুৱনেশ্বৰত নায়কে কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল চাইন্সেচত (KISS) যোগদান কৰে, যিয়ে জনজাতীয় শিশুসকলক বিনামূলীয়া শিক্ষা আৰু ক্ৰীড়া প্ৰশিক্ষণ প্ৰদান কৰে।[1] বৰ্তমান তেওঁ এই প্ৰতিষ্ঠানৰে এগৰাকী স্নাতক মহলাৰ ছাত্ৰী।[3] ২০০৮ চনত তেওঁ উক্ত প্ৰতিষ্ঠানত ৰাগবী খেলিবলৈ আৰম্ভ কৰিছিল, যদিও মাকে তেওঁক খেলাটো বিচৰা নাছিল।[1]

নায়কে এতিয়া সেই প্ৰতিষ্ঠানখনৰ লগতে নিজৰ গাঁৱৰ ছোৱালীসকলকো ৰাগবী শিকায়। তেওঁ পুনেত অনুষ্ঠিত হোৱা টেড-টকতো ভাষণ প্ৰদান কৰিছিল।[3]

পেচাদাৰী কেৰিয়াৰ

[সম্পাদনা কৰক]

নায়কে কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল চাইন্সেচত প্ৰশিক্ষক ৰুদ্ৰকেশ জানাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ২০১২ চনত ৰাজ্যিক পৰ্যায়ত অভিষেক ঘটোৱাৰ পিছত তেওঁ ২০১৪ চনত ১৩ বছৰ অনুৰ্ধ মহিলা ৰাগবী বিশ্বকাপত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় স্কুল গেমছ আৰু নেচনেল চেম্পিয়নশ্বিপত অংশ লৈছিল। ২০১৬ চনত ডুবাইত অনুষ্ঠিত এছিয়ান গাৰ্লছ ৰাগবী চেভেনছত (১৮ বছৰ অনুৰ্ধ) ভাৰতৰ ব্ৰঞ্জৰ পদক জয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ২০১৮ চনত তেওঁক ভাৰতৰ ১৮ বছৰ অনুৰ্ধ ৰাগবী দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হয়।[4]

২০১৯ চনৰ জুন মাহত ৰাগবী ফিফ্টিনছ্ ফৰ্মেটত ভাৰতৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় জয়ত তেওঁ বিশেষ ভূমিকা পালন কৰে। ছিংগাপুৰৰ বিৰুদ্ধে খেলখনৰ অন্তিম মুহূৰ্তত নায়কে এটা পেনাল্টি কিকেৰে ভাৰতক এছিয়া ৰাগবী উইমেনছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰাত সহায় কৰে।[2]

২০১৯ চনৰ আগষ্ট মাহত জাকাৰ্টাত অনুষ্ঠিত এছিয়া ৰাগবী চেভেনছ ট্ৰফীত ৰূপৰ পদক বিজয়ী ভাৰতীয় চিনিয়ৰ দলটোৰো নায়ক সদস্য আছিল। সেই একে মাহতে লাওছত অনুষ্ঠিত এছিয়া ৰাগবী ২০ বছৰ অনুৰ্ধ মহিলা চেভেন ছিৰিজত তেওঁ ভাৰতীয় দলটোক নেতৃত্ব দিছিল।[3]

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এছিয়া ৰাগবী আনষ্টপেবল মিটৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত হোৱা বাবে নায়কক অভিনন্দন জনাইছিল।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]