সুমুখী সুৰেশ
| সুমুখী সুৰেশ | |
|---|---|
| জন্ম | নাগপুৰ, ভাৰত |
| সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমানলৈকে |
| প্ৰকাৰ | বিদ্ৰুপাত্মক, ডেডপান |
সুমুখী সুৰেশ (ইংৰাজী: Sumukhi Suresh) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু পৰিচালক।[1] হাস্যৰসময়ী স্কেচৰ বাবে তেওঁ পৰিচিত যিবোৰ তেওঁ লিখে আৰু পৰিবেশন কৰে। হিন্দুস্তান টাইমছে এটা অনলাইন প্ৰবন্ধত সুমুখী সুৰেশক "ভাৰতৰ টিনা ফেই" বুলি উল্লেখ কৰিছে।[2] তেওঁ কমিকষ্টান, গ' ষ্ট্ৰেইট টেক লেফ্ট, কমেডী প্ৰিমিয়াৰ লীগৰ দৰে ষ্টেণ্ড-আপ কমেডী শ্ব'ৰ অংশ হৈছে। তেওঁৰ একক বিশেষ, ডণ্ট টেল আম্মা, আৰু ৱেব ছিৰিজ হৈছে 'পুষ্পাৱল্লী'।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]মাতৃ তামিলনাডুৰ যদিও সুমুখী সুৰেশ নাগপুৰত ডাঙৰ-দীঘল হৈছিল। নাগপুৰৰ চন্দা দেৱী চাৰাফা স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ লগতে চেন্নাইৰ M.O.P Vaishnav College for Women ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। সুৰেশ ২০০৯ চনত বেংগালুৰুলৈ গুচি যায় আৰু হিপ’কেম্পছ নামৰ শিশু পুথিভঁৰালত কাম কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁ চেফ হিচাপে কাম কৰে আৰু কিছু সময়ৰ বাবে খাদ্য পৰীক্ষাগাৰতো কৰ্মৰত হয়।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]সুমুখীৰ প্ৰথম ভিডিঅ' আছিল অনু আণ্টি- বৰুণ আগৰৱালাৰ সৈতে অভিযান্ত্ৰিক গীত। ইয়াৰ পিছতে হুলস্থুলীয়া পাৰ্বতী বাই হিচাপে সঞ্জয় মানকতালাক লৈ প্ৰথমটো স্কেচ্চ কৰিছিল। ভাৰতৰ প্ৰথমখন মকুমেণ্টেৰী শৈলীৰ ইউটিউব ধাৰাবাহিক—বেটাৰ লাইফ ফাউণ্ডেশ্যনত এন জি অ'ৰ কৰ্মচাৰী 'সুমুখী চাওলা'ৰ চৰিত্ৰত অভিনয় কৰি সুমুখীয়ে খ্যাতি লাভ কৰিছিল।[5][6] সুমুখীয়ে বেটাৰ লাইফ ফাউণ্ডেশ্যন শ্ব'ৰ লেখক নবীন ৰিচাৰ্ডৰ সৈতে কমেডী শ্ব' পৰিৱেশন কৰিছে।[7] সুমুখীয়ে "ডিজগাষ্ট মি" নামৰ ষ্টেণ্ড-আপ কমেডী শ্ব'ৰ বাবেও জনপ্ৰিয়তা লাভ কৰে।[8]
কণ্টেণ্ট ক্ৰিয়েচনত বিকাশমূলক দক্ষতাৰ কথা কওঁতে তেওঁ কয়, "অভিনয়ত সহজবোধ কৰিলেও ষ্টেণ্ড-আপত বহুত বেছি পৰিশ্ৰমৰ প্ৰয়োজন হয়। মই মোৰ কেৰিয়াৰ ইম্প্ৰ'ভৰ সৈতে আৰম্ভ কৰিছিলোঁ আৰু এতিয়াও মই ইম্প্ৰভাইজেচন দক্ষতা মোৰ সকলো কামতে কঢ়িয়াই লৈ ফুৰোঁ। আচলতে, যেতিয়া মই ৰিচাৰ্ডৰ সৈতে কাম কৰো, আমি প্ৰথমে সংলাপ লিখোঁ, আৰু একেসময়তে আমি প্ৰথমে ইম্প্ৰ'ভিং কৰোঁ।"[9]
বেটাৰ লাইফ ফাউণ্ডেশ্যনত অভিনয়ৰ বাবে সুমুখীয়ে বহু প্ৰশংসা লাভ কৰাৰ পিছত সুমুখীয়ে নিজৰ ইউটিউব চেনেলত বেহতি নাক নামৰ ভিডিঅ’ ধাৰাবাহিক এখন মুকলি কৰে। ভিডিঅ’ ছিৰিজত তেওঁ ডেডপেন ষ্টাইলৰ হাস্যৰসৰ সৈতে ১০ বছৰীয়া ছোৱালী বেহতী নাকৰ চৰিত্ৰত অভিনয় কৰিছে। ভিডিঅ'বোৰ ভাইৰেল হৈ পৰিছিল।[10]
সুমুখীক ৱেব চিৰিজ নিৰ্মাণ কৰিবলৈ ভাৰতৰ এমাজন প্ৰাইমে যোগাযোগ কৰিছিল। সুমুখী সুৰেশৰ দ্বাৰা নিৰ্মিত অৰ্ধ-আত্মজীৱনীমূলক ধাৰাবাহিক পুষ্পাৱল্লী ১৫ ডিচেম্বৰত ভাৰতৰ এমাজন প্ৰাইম ভিডিঅ'ত মুক্তি পাইছিল আৰু ইতিবাচক সমালোচনা লাভ কৰিছিল।[11][5] ডেবি ৰাওৱে পৰিচালক হিচাপে কাম কৰা এই অনুষ্ঠানত অভিনয় কৰিছে নবীন ৰিচাৰ্ড, মনীষ আনন্দ, প্ৰীতিকা চাওলা আৰু শ্ৰদ্ধাই। মুক্তিৰ পিছৰে পৰা ইতিবাচক সমালোচনা লাভ কৰা এমাজন প্ৰাইম ভিডিঅ' ইণ্ডিয়াৰ বাবে সুমুখীয়ে প্ৰথম ষ্টেণ্ড আপ বিশেষ "ডন'ট টেল আম্মা" পৰিবেশন কৰে। এই শ্ব’টো বাংগালুৰুত ৰেকৰ্ডিং কৰা হৈছিল। শ্ব’টোত মিলেনিয়াম আৰু তেওঁলোকৰ ভাৰতীয় মাতৃৰ মাজৰ সম্পৰ্কক হাস্যৰসেৰে বৰ্ণনা কৰা হৈছে। যদিও শিৰোনামত লিখা আছে আম্মা (মা)ক নক’বা, আমোদজনক কথাটো হ’ল বহুতে মাকৰ সৈতে শ্ব’টো চাইছিল।
সহযোগী কমেডিয়ান তথা এবছাৰ্ডিষ্ট নবীন ৰিচাৰ্ডৰ সৈতে সুমুখীয়ে প্ৰাইম ভিডিঅ’ শ্ব’ গ’ ষ্ট্ৰেইট টেক লেফ্টৰ সহ-সৃষ্টি কৰিছিল। এই অনুষ্ঠানটো ছটা স্কেচ কমেডিৰ সংকলন।[12]
২০১৮ চনত সুমুখী সুৰেশে কমেডিয়ান অভিশ মেথিউৰ সৈতে প্ৰাইম ভিডিঅ'ৰ ৱেব ছিৰিজ কমিকষ্টানৰ প্ৰথম ছিজনত ঘোষক (Host) হিচাপে কাম কৰে।[13][14] একেটা অনুষ্ঠানৰ দ্বিতীয় ছিজনৰ বাবে তেওঁ বিচাৰকৰ পেনেলৰ অংশ আছিল আৰু তেওঁৰ ঠাইত উৰুজ আছফাকে ঘোষক হিচাপে কাম কৰিছিল।[15][13]
২০১৮ চনৰ কানাড়া ছবি হম্বল পলিটিচিয়ান নোগ্ৰাজত সুৰেশে অভিনয় কৰিছে৷ তেওঁ নোগ্ৰাজ (ডেনিছ ছাইট)ৰ পত্নী লাৱণ্যাৰ চৰিত্ৰত অভিনয় কৰিছে।[16] এই ছবিখন ৰাজনৈতিক ব্যংগ।
newsX ৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে কমেডী উদ্যোগ এতিয়াও শিখৰত আছে আৰু সেয়েহে ই এতিয়াও এটা উদ্যোগ নহয়, ই এটা সম্প্ৰদায়। তেওঁ এইটোও অনুভৱ কৰে যে কমেডীৰ বাবে ছ'চিয়েল মিডিয়া আৰু লাইভ শ্ব' সমানেই গুৰুত্বপূৰ্ণ আৰু ইহঁত ইটো সিটোৰ পৰিপূৰক নহয়।[17]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "There are more of us now: Sumukhi Suresh on female comedians". New Indian Express. 27 December 2017. https://www.newindianexpress.com/entertainment/hindi/2017/dec/27/there-are-more-of-us-now-sumukhi-suresh-on-female-comedians-1737852.html.
- ↑ "Meet India's Tina Fey: Comedian Sumukhi Suresh". Hindustan Times. 22 October 2016. http://www.hindustantimes.com/more-lifestyle/meet-india-s-tina-fey-comedian-sumukhi-suresh/story-Jiz1SYxXg1B7UJ8vTdu7NO.html.
- ↑ "Now Stree-ming: Sumukhi Suresh – Funny, fearless and fabulous" (en ভাষাত). The Indian Express. 2021-12-09. https://indianexpress.com/article/entertainment/web-series/now-stree-ming-sumukhi-suresh-7663063-funny-fearless-and-fabulous-7663063/। আহৰণ কৰা হৈছে: 2022-03-26.
- ↑ "Know Your Comic: Sumukhi Suresh" (en-US ভাষাত). Humour Sapiens. 2020-02-17. https://humoursapiens.com/know-your-comic-sumukhi-suresh/। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ 5.0 5.1 "Sumukhi Suresh on her web series Pushpavalli, and playing characters that are flawed yet real". Firstpost. 16 December 2017. http://www.firstpost.com/entertainment/sumukhi-suresh-on-her-web-series-pushpavalli-and-playing-characters-that-are-flawed-yet-real-4260487.html.
- ↑ "6 female comedy stars you need to know, by Sumukhi Suresh". Elle. 31 March 2017. http://elle.in/culture/sumukhi-suresh-female-comic-heroes/.
- ↑ "LOL with the sketch duo". New Indian Express. 3 October 2016. Archived from the original on 28 December 2017. https://web.archive.org/web/20171228000513/http://www.newindianexpress.com/cities/chennai/2016/oct/03/lol-with-the-sketch-duo-1524740--1.html। আহৰণ কৰা হৈছে: 9 September 2025.
- ↑ "Queens of Comedy review: TLC's new show is a milestone in comedy of, by and for women". Scroll.in. 30 September 2017. http://www.firstpost.com/entertainment/queens-of-comedy-review-tlcs-new-show-is-a-milestone-in-comedy-of-by-and-for-women-4097041.html.
- ↑ "Real life isn't black or white, says comedian Sumukhi Suresh". The New Indian Express. https://www.newindianexpress.com/cities/bengaluru/2019/dec/23/real-life-isnt-black-or-white-says-comedian-sumukhi-suresh-2079695.html। আহৰণ কৰা হৈছে: 2022-03-26.
- ↑ "This Comedian's Sketch of an Average 10-Year-Old Indian Is Hilarious And Hard Hitting". Huffington Post. 16 September 2016. http://www.huffingtonpost.in/2016/09/16/this-two-minute-sketch-of-comedian-sumukhi-playing-behti-naak_a_21473251/.
- ↑ Sood, Akhil (23 December 2017). "Sumukhi Suresh's Pushpavalli is an admirable attempt at inverting a tired tale". The Hindu. http://www.thehindu.com/entertainment/movies/sumukhi-sureshs-pushpavalli-is-an-admirable-attempt-at-inverting-a-tired-tale/article22234291.ece.
- ↑ "Naveen Richard and Sumukhi Suresh on Go Straight, Take Left — their new Amazon Prime Video special" (en ভাষাত). Firstpost. 2018-09-22. https://www.firstpost.com/entertainment/naveen-richard-and-sumukhi-suresh-on-go-straight-take-left-their-new-amazon-prime-video-special-5237751.html। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ 13.0 13.1 "Sumukhi Suresh - Artist Profile". eventseeker.com. https://eventseeker.com/artist/89073-sumukhi-suresh। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ Scroll Staff. "'Comicstaan 2' trailer out, Amazon's stand-up comedy talent hunt to be released on July 12" (en-US ভাষাত). Scroll.in. https://scroll.in/reel/928568/comicstaan-2-trailer-out-amazons-stand-up-comedy-talent-hunt-to-be-released-on-july-12। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ "Comicstaan season 2 trailer: Abish Mathew, Urooj Ashfaq host upcoming instalment of stand-up comedy contest series" (en ভাষাত). Firstpost. 2019-06-26. https://www.firstpost.com/entertainment/comicstaan-season-2-trailer-abish-mathew-urooj-ashfaq-host-upcoming-instalment-of-stand-up-comedy-contest-series-6885891.html। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ "How a prank landed Sumukhi Suresh a role in Humble Politician Nograj". The Times of India. 14 December 2017. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/how-a-prank-landed-sumukhi-suresh-a-role-in-humble-politician-nograj/articleshow/62053054.cms.
- ↑ "Comedy is still a community rather than an industry: Sumukhi Suresh" (en-US ভাষাত). The Daily Guardian. 2022-02-13. Archived from the original on 2022-05-26. https://web.archive.org/web/20220526215214/https://thedailyguardian.com/comedy-is-still-a-community-rather-than-an-industry-sumukhi-suresh/। আহৰণ কৰা হৈছে: 2022-03-26.