সুলভা
| ব্ৰহ্মবাদিনী সুলভা | |
|---|---|
| স্থানীয় নাম | সুলভা |
| শিক্ষানুষ্ঠান | প্ৰাচীন মিথিলা বিশ্ববিদ্যালয় |
| জনা যায় | ৰজা ধৰ্মধ্বজ জনকৰ সৈতে বিতৰ্কত জয়ী হোৱা |
| ধৰ্ম | হিন্দু |
সুলভা (ইংৰাজী: Sulabha) মিথিলা ৰাজ্যত বাস কৰা এগৰাকী বিদুষী আছিল॥ তেওঁ ব্ৰহ্মবাদিনীৰ নামেৰে জনাজাত বৈদিক বিদুষী আছিল। ঋগবেদত তেওঁৰ ওপৰত আৰোপ কৰা এখন সংহিতাক সৌলভ সংহিতা বুলি কোৱা হৈছিল, যিখন পিছলৈ লুপ্ত গৈছিল।[1] সুলভা আছিল এগৰাকী বিদ্বান মহিলা যি ভিক্ষুক গোটৰ অন্তৰ্গত আছিল।[2] তেওঁ সাংসাৰিক সম্পত্তি ত্যাগ কৰি আধ্যাত্মিক পথ অনুসৰণ কৰিছিল। গ্ৰন্থখনত তেওঁক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে প্ৰাচীন ভাৰতীয় শাখা যোগৰ বিষয়ে সুপৰিচিত বুলি বৰ্ণনা কৰা হৈছে।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]সুলভা আছিল এগৰাকী বিচৰণকাৰী ভাৰতীয় তপস্বী যোগিনী। দাৰ্শনিক ৰজা জনকৰ লগত তেওঁৰ দাৰ্শনিক বিতৰ্ক হৈছিল। তেওঁ পৰম্পৰাগত লিংগ বৈষম্যক প্ৰত্যাহ্বান জনায় আৰু আধ্যাত্মিক মুক্তি লাভৰ ক্ষেত্ৰত মহিলাৰ সমতাৰ বাবে যুক্তি আগবঢ়ায়।[3] তেওঁৰ ৰজা জনকৰ সৈতে হোৱা বিতৰ্কৰ কাহিনী মহাভাৰতৰ শান্তি পৰ্বৰ মোক্ষধৰ্ম পৰ্ব অধ্যায় ৩২১ত উল্লেখ আছে। কাহিনীটোত যুধিষ্ঠিৰে ভীষ্মক ঘৰুৱা জীৱনশৈলী ত্যাগ নকৰাকৈ আত্মমুক্তিৰ বিষয়ে সুধিছিল। ভীষ্মই এই সম্পৰ্কত ৰজা ধৰ্মধ্বজ জনক আৰু ব্ৰহ্মবাদিনী সুলভাৰ মাজত হোৱা বিতৰ্কৰ কাহিনীৰ উল্লেখ কৰিছে।[4] হিন্দু ধৰ্মৰ সনাতন পৰম্পৰাত সুলভা আৰু ৰজা জনকৰ কাহিনী গৃহস্থৰ জীৱন যাপন কৰি জ্ঞান-প্ৰাপ্তি সাধনৰ এক বিখ্যাত উদাহৰণ।
বিতৰ্কত সুলভাই স্পষ্ট কৰি দিছিল যে, তেওঁৰ জন্ম ক্ষত্ৰিয় আৰু ৰাজপৰিয়ালত, কিন্তু তেওঁৰ লগত খাপ খোৱাকৈ স্বামী বিচাৰি নাপালে। তেওঁ বহু ভ্ৰমণ কৰিছিল।[1][2] মিথিল ৰাজ্যত বিচৰণ কৰি থাকোঁতে তেওঁ বৈৰাগ্য আৰু আধ্যাত্মিক জ্ঞানৰ প্ৰতি ভক্তিৰ বাবে পৰিচিত মিথিলাৰ ৰজা ধৰ্মধ্বজ জনকৰ কথা শুনিছিল। মোক্ষ (মুক্তি) লাভৰ প্ৰতি মিথিলাৰ সমৰ্পণৰ কথা শুনি তেওঁ তেওঁৰ সংকল্প পৰীক্ষা কৰিবলৈ আৰু তেওঁক লগ কৰিবলৈ ইচ্ছা কৰিলে।[5] সুলভাই নিজৰ যোগ শক্তি ব্যৱহাৰ কৰি নিজকে অতুলনীয় সৌন্দৰ্য্যৰ নাৰীলৈ ৰূপান্তৰিত কৰিছিল। ভিক্ষাৰীৰ বেশ পিন্ধি সুলভাই ৰজা জনকক লগ পালে। লৌকিক আকৰ্ষণৰ পৰা ৰজাৰ সমতা আৰু বিচ্ছিন্নতা পৰীক্ষা কৰিবলৈ তেওঁ ৰজাৰ ওচৰলৈ গ’ল.. এই বিতৰ্কত সুলভাই যুক্তিসংগতভাৱে প্ৰতিষ্ঠা কৰিলে যে, কোনো অত্যাৱশ্যকীয় পাৰ্থক্যই পুৰুষ আৰু নাৰীক পৃথক নকৰে। তেওঁ নিজৰ আদৰ্শৰে প্ৰমাণ কৰিছিল যে, পুৰুষৰ দৰে একে চৰ্ততে নাৰীয়ে মুক্তি লাভ কৰিব পাৰে।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Vanita, Ruth (2003). "The Self Is Not Gendered: Sulabha's Debate with King Janaka". NWSA Journal খণ্ড 15 (2): 76–93. doi:10.2979/NWS.2003.15.2.76. ISSN 1040-0656. https://www.jstor.org/stable/4316972.
- ↑ 2.0 2.1 Ganguli, Kisari Mohan (2024-01-24) (en ভাষাত). The Mahabharata of Khrisna-Dwaipayana Vyasa; XII. The Book of Peace Part Two: Vol. XII Part. 2. BoD – Books on Demand. ISBN 978-3-385-32443-5. https://books.google.com/books?id=hPfvEAAAQBAJ&q=Sulabha+in+Mithila.
- ↑ Vanita, Ruth. "Sulabha of India सुलभ Floruit Circa 800 BCE". ResearchGate. https://www.researchgate.net/publication/377945613.
- ↑ "The Mahabharata, Book 12: Santi Parva: Section CCCXXI". sacred-texts.com. https://sacred-texts.com/hin/m12/m12c020.htm। আহৰণ কৰা হৈছে: 2024-05-19.
- ↑ (en ভাষাত) The Mahabharata of Krishna-Dwaipayana Vyasa. Bharata Press. 1891. https://books.google.com/books?id=gxMYAAAAYAAJ&q=Sulabha+in+Mithila.