সুলোচনা চৱান
সুলোচনা চৱান | |
---|---|
![]() | |
জন্ম | সুলোচনা কদম ১৩ মাৰ্চ, ১৯৩৩ Fanas Wadi, বোম্বে, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১০ ডিচেম্বৰ, ২০২২ (৮৯ বছৰ) গীৰগাঁও, মুম্বাই, মহাৰাষ্ট্ৰ |
পেচা | কণ্ঠশিল্পী |
দাম্পত্যসঙ্গী | শ্য়ামৰাও চাৱন |
সুলোচনা মহাদেৱ কদম (ইংৰাজী: Sulochana Mahadev Kadam ; ১৩ মাৰ্চ ১৯৩৩ – ১০ ডিচেম্বৰ ২০২২),এগৰাকী ভাৰতীয় গায়িকা। তেওঁ সুলোচনা চৱান নামেৰে জনাজাত কণ্ঠশিল্পী গৰাকী মাৰাঠী “লাৱণী”ৰ বাবে প্ৰখ্যাত।
অন্য বহু লাৱণীৰ ভিতৰত তেওঁৰ প্ৰসিদ্ধ লাৱণী কিছুমান হৈছে, "তুজ্য উছলা লাগাল কলহা", "পদৰৱৰ্তী জাৰতৰিচা" এই দুয়োটা মালহাৰী মাৰ্তাণ্ড (১৯৬৫) ছবিৰ; "সোলাৱা বাৰিশ ঢোক্যচা", "কাছা কায় পাটিল বৰা হায় কা?" দুয়োটা ছাৱাল মাঝা আইকা! (১৯৬৪) ছবিৰ। তেখেতে হিন্দী চলচ্চিত্ৰ আৰু এলবামৰ গীতসমূহো ৰেকৰ্ডিং কৰিছিল। তেওঁ হিন্দী ছবি আৰু এলবামৰ বাবে গীত ৰেকৰ্ডিং কৰিছিল। তেওঁৰ বিখ্যাত গীতসমূহৰ ভিতৰত আছে "চোৰী চোৰী আগ ছি দিল মেঁ লগে","উলফত জিছে কেহতে হ্যায়। জীনে কা সাহাৰা হ্যায়" আদি।
কৰ্মজীৱন
[সম্পাদনা কৰক]সুলোচনাই অতি কম বয়সতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।[1] ছয়-সাত বছৰ বয়সত তেওঁ গৰৱাত কৃষ্ণৰ ৰূপত স্থানীয় নাটকত অংশ লৈছিল। পিছত গুজৰাটী থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। উৰ্দু ভাষাৰ পাঠ লোৱাৰ লগতে হিন্দী-উৰ্দু নাটকতো তেওঁ কাম কৰিছিল। পাঞ্জাবী আৰু তামিল কিছুমান ছবিতো কাম কৰিছিল। মেকআপ আৰ্টিষ্ট শুভম দাণ্ডেকাৰে তেওঁক সংগীত পৰিচালক শ্যামবাবু পাঠকৰ সৈতে চিনাকি কৰাই দিছিল । মাকৰ সৈতে তেওঁ ভি শান্তৰামৰ ৰাজকমল ষ্টুডিঅ’লৈ গৈ গান গোৱাৰ পাঠ ল’বলৈ ধৰে। ১১ বছৰ বয়সত চৱানে পেছাদাৰীভাৱে গান গাবলৈ আৰম্ভ কৰে আৰু কৃষ্ণ সুদামা (১৯৪৭) ছবিখনত গীত গায়।[2][3]
১৯৬২ চনৰ ৰংগল্যা ৰাত্ৰি আশা ছবিখনৰ বাবে তেওঁ প্ৰথমটো লাৱণী গাইছিল, যাৰ সংগীত আছিল বসন্ত পাৱাৰৰ। গীত লিখিছিল জগদীশ খেবুদকাৰে। পিছলৈ চৱানে মাৰাঠী আৰু হিন্দী ছবিৰ জৰিয়তে বহুতো লাৱনী গোৱাৰ লগতে মঞ্চতো অভিনয় কৰে।[4]
সন্মান
[সম্পাদনা কৰক]- ২০১২: অন্যান্য (লাৱনী- মহাৰাষ্ট্ৰ) শিতানত সংগীত নাটক একাডেমী বঁটা।
- ২০২২: পদ্মশ্ৰী
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Mate, Ganesh (10 December 2022). "लावणी सम्राज्ञी सुलोचना चव्हाण यांचे निधन; लावणीचा आवाज हरपला" (mr ভাষাত). Navarashtra. https://www.navarashtra.com/entertainment/death-of-lavani-empress-sulochana-chavan-the-sound-of-planting-is-lost-nrgm-352400/.
- ↑ "‘सांभाळ गं, सांभाळ दौलत लाखाची...’; ठसकेबाज आवाज अन् लावणीची नजाकत हरपली" (mr-IN ভাষাত). Lokmat. 11 December 2022. https://www.lokmat.com/maharashtra/vateran-lavani-singar-sulochana-chavan-passed-away-a607/.
- ↑ "लावणीचे अस्तित्व हरवते आहे-सुलोचना चव्हाण" (Marathi ভাষাত). প্ৰকাশক Mumbai: Lokmat. 24 December 2012. http://onlinenews1.lokmat.com/staticpages/editions/2012-12-25/main/DetailedNews-All.php?nid=MainEdition-1-1-25-12-2012-669c0&ndate=2012-12-25&editionname=main। আহৰণ কৰা হৈছে: 16 January 2013.
- ↑ "लावणीचे अस्तित्व हरवते आहे-सुलोचना चव्हाण" (Marathi ভাষাত). প্ৰকাশক Mumbai: Lokmat. 24 December 2012. http://onlinenews1.lokmat.com/staticpages/editions/2012-12-25/main/DetailedNews-All.php?nid=MainEdition-1-1-25-12-2012-669c0&ndate=2012-12-25&editionname=main। আহৰণ কৰা হৈছে: 16 January 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত সুলোচনা চৱান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সুলোচনা চৱান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- সাঁচ:Discogs artist