সমললৈ যাওক

সুলোচনা মানন্ধৰ ধিতাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুলোচনা

২০১৩ চনত নেপাল একাডেমীৰ কাৰ্যালয়ত মানন্ধৰ
স্থানীয় নাম सुलोचना
জন্ম সুলোচনা মানন্ধৰ ধিতাল
১২ মাৰ্চ, ১৯৫৫ (৭১ বছৰ)
ঝোচেন, কাঠমাণ্ডু
ৰাষ্ট্ৰীয়তা নেপালী
শিক্ষানুষ্ঠান ইষ্ট চাইনা নৰ্মেল ইউনিভাৰ্চিটি
পেচা কবি, সাহিত্যিক, স্তম্ভলেখিকা
উল্লেখযোগ্য কৰ্ম ৰাত (২০১৪)
দাম্পত্যসঙ্গী সৰোজ ধিতাল

সুলোচনা মানন্ধৰ ধিতাল (নেপালী: सुलोचना मानन्धर धिताल; জন্ম: ১২ মাৰ্চ ১৯৫৫, পেচাগতভাৱে সুলোচনা নামেৰে জনাজাত) এগৰাকী নেপালী কবি, লেখিকা আৰু ৰাজনৈতিক সমাজকৰ্তা।[1] তেওঁ নেপালী, নেৱাৰী আৰু চীনা ভাষাত কবিতা লিখে। তেওঁ নেপাল একাডেমীৰ মাতৃভাষা সাহিত্য বিভাগৰ স্থাপনকাৰী অধ্যক্ষা আছিল। তেওঁৰ বহু সৃষ্টি বিভিন্ন ভাষাত অনূদিত হৈছে। তেওঁ লিখি গ্ৰন্থসমূহৰ ভিতৰত ৰাত আৰু ঝ্যালখানা অন্যতম।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

তেওঁৰ জন্ম হৈছিল ১২ মাৰ্চ ১৯৫৫ তাৰিখে ঝোচেন, কাঠমুণ্ডুত। তেওঁৰ জন্মৰ আঠমাহ পিছত তেওঁৰ পিতৃ মৃত্যুবৰণ কৰে আৰু সুলোচনা মাতৃৰদ্বাৰাই লালিত-পালিত হয়। স্কুল লিভিং চাৰ্টিফিকেট লাভ কৰাৰ পাছত তেওঁ “অস্পৃশ্য” বুলি গণ্য কৰা পোদে সম্প্ৰদায়ৰ শিশুসমূহক শিক্ষা দিয়া আৰম্ভ কৰে। তাৰ পিছত তেওঁ আইএ পাঠ্যক্ৰমৰ বাবে ৰত্ন ৰাজ্য লক্ষ্মী কেম্পাছত যোগদান কৰে।

আইএ কৰোতে তেওঁ ৰাজনৈতিক আন্দোলনত সক্ৰিয় হ’বলৈ আৰম্ভ কৰে। অষ্টলক্ষ্মী শাক্য তেওঁৰ কলেজৰ সহপাঠী তথা সংগ্ৰামী আছিল। দুয়োৱে ৰাজনৈতিক সক্ৰিয়তাৰ কাৰণে কোনো ডিগ্ৰী নলৈ কলেজ ত্যাগ কৰিছিল। তেওঁলোকে একেলগে চীনা ভাষাও অধ্যয়ন কৰিছিল।[2]

ৰাজনৈতিক আৰু সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

তেওঁ ১৯৭৯ চনৰ ছাত্ৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল, য’ত বহুদলীয় গণতন্ত্ৰৰ দাবী জনোৱা হৈছিল। তেওঁ নেবিকো বিস্কুট ফেক্টৰীত শ্ৰমিক হিচাপে যোগদান কৰে আৰু শ্ৰমিক অধিকাৰ দাবীত মহিলা-মাটিৰ প্ৰতিবাদৰ নেতৃত্ব দিয়ে। এই সময়ছোৱাত তেওঁ বহু কবিতা ৰচনা কৰি সমাজৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে বিতৰণ কৰিছিল। পঞ্চায়ত শাসনকালত তেওঁ বহু শ্ৰমিক সংগঠন আৰু মহিলা অধিকাৰ প্ৰতিবাদত সংযুক্ত আছিল। ১৯৮০ দশকৰ আৰম্ভণিতে ৰাষ্ট্ৰই কঠোৰ দমননীতি প্ৰয়োগ কৰাৰ পাছত তেওঁক আত্মগোপন কৰিবলগীয়া হৈছিল।[3]

আত্মগোপন কৰাৰ আগতে তেওঁ তেওঁৰ কবিতাবোৰ অষ্টলক্ষ্মী শাক্যৰ ঘৰত লুকাই ৰাখিছিল। কিন্তু ৰাজ্যৰ বাহিনীয়ে শাক্যৰ ঘৰত তদন্ত চলাই সেই কবিতাবোৰ জব্দ কৰি ধ্বংস কৰে। তাৰ পিছত কেইবাছৰমান তেওঁ লিখা-মেলা বন্ধ ৰাখিছিল। তাৰ পিছত চিকিৎসাশাস্ত্ৰ অধ্যয়নৰ উদ্দেশ্যে চীনলৈ যোৱা স্বামীৰ সৈতে তেৱোঁ চীনলৈ যায়। চীনৰপৰা উভতি অহাৰ পাছত পুনৰ লিখা আৰম্ভ কৰে।

তেওঁ নেপাল একাডেমীৰ প্ৰথম ‘‘মাতৃভাষা সাহিত্য বিভাগ’’ৰ অধ্যক্ষ আছিল।[4] ২০০২ চনত তেওঁৰ দশটা কবিতা মঞ্জুশ্ৰী থাপাই ইংৰাজীলৈ অনুবাদ কৰি নেপালী টাইমছ কাকতত প্ৰকাশ কৰিছিল।[5]

তেওঁ ২০১৪ চনত ৰাত নামৰ কাব্য সংকলন প্ৰকাশ কৰে।[6] এই কাব্য সংকলনখন ২০১৭ চনত মুনা গুৰুৱে ইংৰাজীলৈ Night শিৰোনামেৰে অনুবাদ কৰে, যিখন যুক্তৰাজ্যত Tilted Axis-এ প্ৰকাশ কৰিছে। সংকলনখন ২০২১ চনত নেপালতো পুনঃপ্ৰকাশিত হয়।[7]

উল্লেখযোগ্য সাহিত্য

[সম্পাদনা কৰক]
  • ঝ্যালখানা (চুটিগল্প সংকলন)
  • অনুভৱকা থোপাহৰু (কবিতা সংকলন)
  • ইতিহাসকা জিউদো পানাহৰু (প্ৰবন্ধ সংকলন)
  • তেজো-ছি (স্মৃতিকথা)
  • অ'ৰ্কো গোলাৰ্ধকা মানহৰু
  • ৰাত (কবিতা সংকলন, ২০১৪; ইংৰাজীত Night, ২০১৭)

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ সৰোজ ধিতাল নামৰ এজন চিকিৎসকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বৰ্তমান তেওঁ লাজিমপাটত বাস কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Kantipur-सुलोचना मानन्धरको कविता सामूहिक वाचन - कान्तिपुर समाचार". ekantipur.com. https://ekantipur.com/ampnews/2014-07-11/392206.html আহৰণ কৰা হৈছে: 2022-03-14.
  2. "अष्टलक्ष्मी - अविचलित संघर्षपछि मुख्यमन्त्रीको बोझ" (en-US ভাষাত). দেশসঞ্চাৰ. 2017-12-21. https://deshsanchar.com/2017/12/21/5120/ আহৰণ কৰা হৈছে: 2022-03-14.
  3. @therecord. "Rebel with a cause - The Record" (English ভাষাত). www.recordnepal.com. https://www.recordnepal.com/rebel-with-a-cause আহৰণ কৰা হৈছে: 2022-03-14.
  4. "‘The only way to be a writer is to write and write’" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/art-culture/2021/08/21/the-only-way-to-be-a-writer-is-to-write-and-write-1629473407 আহৰণ কৰা হৈছে: 2022-03-14.
  5. "Reaching for the Entire Sky-- Nepali Times". archive.nepalitimes.com. http://archive.nepalitimes.com/news.php?id=7078#.Yi7fi3pBztU আহৰণ কৰা হৈছে: 2022-03-14.
  6. Tuladhar, Pratibha. "Night for night" (en-US ভাষাত). https://www.nepalitimes.com/review/night-for-night/ আহৰণ কৰা হৈছে: 2022-03-14.
  7. @therecord. "The task of the translator - The Record" (English ভাষাত). www.recordnepal.com. https://www.recordnepal.com/the-task-of-the-translator আহৰণ কৰা হৈছে: 2022-03-14.